Logo
image

উক্তি-বক্ৰোক্তি

ইউক্ৰেইন যুদ্ধ আস্থাহীনতাৰ পৰিণতি৷ আমি সেই পৰিস্থিতিৰ পৰা ওলাই আহিব লাগিব৷ পাৰস্পৰিক আস্থা ঘূৰাই আনিব লাগিব৷
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ঘৰুৱা ৰাজনীতি বা দলৰ কূটনীতি দেশৰ বৈদেশিক নীতিত ব্যৱহাৰ কৰা উচিত নহয়৷ ক্ৰম অনুসাৰে এইবাৰ ভাৰতে জি-২০ সন্মিলন আয়োজনৰ দায়িত্ব লাভ কৰাত মই সন্তুষ্ট৷ মোৰ জীৱন কালতে দেশৰ মাটিত এই সন্মিলন অনুষ্ঠিত হোৱাত মই সুখী৷ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা নীতি সঠিক৷
– প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিং

মই ভাবোঁ ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা স্থিতি সঠিক হৈছে৷ ভাৰত চৰকাৰৰ স্থিতিক কম-বেছি পৰিমাণে বিৰোধীয়ে সমৰ্থন কৰিছে৷ এইক্ষেত্ৰত বিৰোধীয়ে ভাৰত চৰকাৰতকৈ বেলেগ স্থিতি গ্ৰহণ কৰা বুলি মই নাভাবোঁ৷
– কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী

আমাৰ হাফলং আৰু উমৰাংছ’ শ্বিলঙতকৈ কোনোগুণে কম নহয়৷ আমাৰ টুৰিষ্ট গাইডসকলে পৰ্যটকসকলক বুজাই-বঢ়াই উমৰাংছ’ আৰু হাফলঙলৈ নিব লাগে৷ শ্বিলঙতকৈ এইদুখন ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য অধিক৷ শ্বিলং এখন ৰাজ্যৰ ৰাজধানী৷ শ্বিলংখন সম্প্ৰসাৰিত হৈছে৷ শ্বিলঙত দোকান-পোহাৰ-ট্ৰেফিকজাম সকলো আছে৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ইণ্ডিয়া এলায়েন্স গঠন কৰা মাত্ৰ দুমাহহে হৈছে৷ কিন্তু এই দুমাহতে ইণ্ডিয়া এলায়েন্সৰ বাবে বিজেপিয়ে ইমান ভয় খাইছে যে তেওঁলোকে ইণ্ডিয়া শব্দটোকে নাইকীয়া কৰিব বিচাৰিছে৷ যদি আমি কাইলৈ ইণ্ডিয়া এলায়েন্সৰ পৰিৱৰ্তে ভাৰত এলায়েন্স কৰিবলৈ যাওঁ, তেতিয়া তেওঁলোকে সংবিধানৰ সংশোধন ঘটাই ভাৰত নামটোকেই নাইকীয়া কৰিবলৈ চেষ্টা কৰিব৷
– কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ

বহু বছৰৰ আগতে মই ক’হিমা সাহিত্য সভা ভৱনত ভূপেন হাজৰিকাক লগ পাইছিলোঁ৷ ভূপেন হাজৰিকাৰ দৰে এগৰাকী বিশ্বকণ্ঠক লগ পোৱাটো মোৰ পৰম সৌভাগ্য৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ দ্বাৰা প্ৰদান কৰা ভূপেন হাজৰিকা সমন্বয় বঁটা গ্ৰহণ কৰিবলৈ পাই মই ধন্য মানিছোঁ৷ ভূপেন হাজৰিকা ৰাষ্ট্ৰৰ এক শক্তিশালী কণ্ঠ৷ তেখেতৰ কথা-সুৰ আৰু কণ্ঠই বিশ্ববাসীক সন্মোহিত কৰি আহিছে৷
– নাগালেণ্ডৰ বিশিষ্ট সমাজকৰ্মী নিকেতু ইৰালু

সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব লাগে৷ গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰকে ধৰি অসম আৰু ভাৰতৰ প্ৰধান বিশ্ববিদ্যালয়কেইখনত ভূপেন হাজৰিকাৰ নামত আসন স্থাপন কৰিব লাগে৷ এটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ স্থাপন কৰিব লাগে৷ গুৱাহাটীৰ ৰে’ল টাৰ্মিনাছ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰিব লাগে৷ ড॰ হাজৰিকাৰ নামত এখন সমন্বয় সাংস্কৃতিক ৰে’ল চলাচলৰ দিহা কৰিব লাগে৷ টাইম কেপচুলৰ জৰিয়তে সুধাকণ্ঠৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব লাগে৷ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ আহল-বহল আৰু বিশ্বমানৰ কৰি গঢ়ি তুলিব লাগে৷
– আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য