Logo
image

শক্তি দিয়া! দিল্লীক অনুৰোধ হিমন্তবিশ্বৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ছেপ্টেম্বৰঃ প্ৰখৰ ৰ’দ, উৎকট গৰমৰ মাজতে ৰাজ্যত অব্যাহত আছে ব্যাপক বিদ্যুৎ সংকট৷ যোৱা দিনসমূহত দৈনিক ৭০০ মেগাৱাট বিদ্যুতৰ নাটনি হৈছে ৰাজ্যত৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা ঘোষণা কৰি কৈছে যে পূৰ্বতে পিক আৱাৰত সৰ্বাধিক ১,৮০০ মেগাৱাটৰ বিদ্যুতৰ প্ৰয়োজন হৈছিল যদিও এতিয়া আচম্বিতে ৰাজ্যত বিদ্যুতৰ ডিমাণ্ড ২,৫০০ মেগাৱাটলৈ বৃদ্ধি পাইছে৷ পৰিণতিত ৰাজ্যত অব্যাহত আছে অভাৱনীয় লোডশ্বেডিং৷ এক কথাত ক’বলৈ গ’লে ঊধবৰ্গামী পাৰাস্তম্বৰ মাজতে বিদ্যুতৰ লুকাভাকুত ত্ৰাহি মধুসুদন সোঁৱৰিছে ৰাইজে৷ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল৷ প্ৰীপেইড মিটাৰ বলৱতৰ পাছত বিদ্যুতৰ গ্ৰাহকৰ বিল পূৰ্বৰ তুলনাত কেইবাগুণো অহা বুলি ৰাজ্যত একাংশ বিদ্যুৎ গ্ৰাহকৰ ক্ষোভ-অসন্তুষ্টি অব্যাহত আছে৷ ইয়াৰ মাজতে মুকলি বজাৰৰ পৰা উচ্ছ হাৰত বিদ্যুৎ ক্ৰয় তথা বিদ্যুতৰ ঘাটি পূৰণৰ বাবে পুনৰ এটকা বিদ্যুৎ মাচুল বৃদ্ধিৰ কথা ঘোষণা কৰিও মূৰকত জনৰোষত পৰাৰ ভয়ত চৰকাৰে সেই সিদ্ধান্ত বাতিল কৰিবলগীয়া হয়৷ অৱশেষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পুৱাই ৰাজ্যৰ বিদ্যুৎ সংকট জোৰা মৰাৰ প্ৰসংগত নতুন দিল্লীত কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ কৰে৷ জি-২০ৰ নৈশ ভোজত বিশ্ব নেতাসকলৰ সৈতে অংশগ্ৰহণ কৰিবৰ বাবে শুকুৰবাৰে নিশাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বিমানেৰে নতুন দিল্লীলৈ উৰা মাৰিছিল৷ শনিবাৰে পুৱাই মুখ্যমন্ত্ৰীয়ে দিল্লী ভ্ৰমণ ডায়েৰীৰ প্ৰথম কাৰ্যসূচী হিচাপে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙক তেওঁৰ চৰকাৰী আৱাসত সাক্ষাৎ কৰি অসমৰ বাবে ৩০০ মেগাৱাট বিদ্যুৎ অতিৰিক্তভাৱে যোগানৰ বাবে আৰ্জি জনায়৷ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শক্তিমন্ত্ৰীজনক অৱগত কৰে যে ৰাজ্যত অভাৱনীয়ভাৱে বিদ্যুতৰ চাহিদা পূৰ্বৰ তুলনাত যোৱা দিনকেইটাত ২৬ শতাংশলৈ বৃদ্ধি পোৱাত এই অতিৰিক্ত বিদ্যুতৰ প্ৰয়োজন হৈছে৷ কেন্দ্ৰীয় শক্তিমন্ত্ৰীৰে হোৱা আলোচনাৰ সবিশেষ টুইটযোগে সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমে বিচৰাৰ দৰে ৩০০ মেগাৱাট বিদ্যুৎ অতিৰিক্তভাৱে যোগানৰ প্ৰতিশ্ৰুতি দিয়ে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে অসমক ৩০০ মেগাৱাট বিদ্যুতৰ যোগান ধৰিলেও ৪০০ মেগাৱাটৰ নাটনি থাকি যাব৷ ইয়াৰ পৰিণতিত ৰাজ্যৰ স্থানে স্থানে বৰ্তমানৰ দৰেই লোডশ্বেডিং অব্যাহত থকাৰ সম্ভাৱনা আছে৷