Logo
image

লাখ লাখ বাণিজ্যিক গছপুলি ৰুই ৯টাকৈ বিশ্বৰেকৰ্ডৰ প্ৰস্তুতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ছেপ্টেম্বৰঃ বাপটি সাহোন বিহুৰ পাছতে ৰাজ্য চৰকাৰৰ উদ্যোগত এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ বিশ্ব ৰেকৰ্ডৰ [গিনিজ ৱল্ডৰ্ ৰেকৰ্ড] দৌৰ আৰম্ভ হৈছে৷ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে প্ৰথমটো বিশ্ব অভিলেখৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ শনিবাৰৰ পৰা ১৭ ছেপ্টেম্বৰ দেওবাৰলৈ ৰাজ্যত অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে এটাৰ পাছত আনটোকৈ সৰ্বমুঠ ৯টা বিশ্বৰেকৰ্ড গঢ়িব অসমে৷ আজি আৰম্ভ হোৱা বিশ্ব অভিলেখ অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচী আছিল ৩.৫ লাখ গছপুলিৰে ২২ কিলোমিটাৰ ৰেখাত সৰ্পিল আৰ্হিত সজাই থোৱা পুলিৰ আটাইতকৈ দীঘলীয়া শাৰী৷ পৰৱৰ্তী কাৰ্যসূচী সমূহৰ বাবে ১০ ছেপ্টেম্বৰত জনসাধাৰণৰ মাজত এই পুলিসমূহ বিতৰণ কৰা হ’ব৷ সেইদিনা দ্বিতীয়টো বিশ্ব ৰেকৰ্ড স্থাপন হ’ব৷ ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশত একেদিনাই ৭৬,৮২৪ টা গছপুলি বিতৰণৰ ৰেকৰ্ড আছে৷ উল্লেখযোগ্য যে চৰকাৰী বিবৃতি অনুসৰি অমৃত বৃক্ষ আন্দোলনৰ দ্বাৰা এদিনতে ১ কোটি ব্যৱসায়িকভাৱে উপযোগী গছৰ পুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ প্ৰচেষ্টা লোৱা হৈছে৷ ইয়াৰোপৰি আন কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি কেইবাটাও অতিৰিক্ত বিশ্ব অভিলেখ গঢ়িবলৈ প্ৰচেষ্টা কৰা হৈছে৷ এই অভিযানৰ উদ্দেশ্য হৈছে অসমত বৃক্ষ ভিত্তিক অৰ্থনীতিৰ প্ৰসাৰৰ লগতে ব্যৱসায়িক গছ ৰোপণ কৰি জনসাধাৰণক অৰ্থনৈতিকভাৱে লাভৱান্বিত কৰা৷ আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি বনমন্ত্ৰী পাটোৱাৰীয়ে কয় যে অসম চৰকাৰে ৰাজ্যখনৰ বনাঞ্চলৰ আৱৰণ ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধিৰ দিশত প্ৰচেষ্টা চলাইছে৷ ‘‘অহা বছৰ আমি ৩ কোটি পুলি ৰোপণৰ লক্ষ্য লৈছোঁ৷ অহা বছৰ কেম্পা পুঁজিৰ অধীনত আমাৰ চৰকাৰী নাৰ্চাৰীত গছৰ পুলিসমূহ উৎপাদন কৰাৰ প্ৰচেষ্টা লোৱা হ’ব যাতে বাহিৰৰ পৰা আমদানি কৰিব লগীয়া নহয়৷ যিহেতু প্ৰতি বছৰে ৰোপণ কৰা বহু পুলি বিভিন্ন কাৰণত মৃত্যুমুখত পৰে, গতিকে আমি এইবাৰ আটাইবোৰ পুলি সকলোৰে সহযোগত সফলভাৱে প্ৰতিপালন কৰি ডাঙৰ কৰিবলৈ চেষ্টা কৰিম’’ বনমন্ত্ৰীগৰাকীয়ে কয়৷ ইতিমধ্যে ৪৯ লাখ লোকে ১ কোটি পুলি ৰোপণৰ বাবে পৰ্টেলত পঞ্জীয়ন কৰা বুলি অৱগত কৰি পাটোৱাৰীয়ে বন বিষয়াসকলক এই অভিযানৰ বাবে অভিনন্দন জনায়৷ তেওঁ অমৃত বৃক্ষ আন্দোলন অভিযানৰ জৰিয়তে লক্ষ্য কৰি লোৱা ৯টা বিশ্ব অভিলেখৰ বিষয়েও বিশদভাৱে কয় আৰু সকলো কেইটা অভিলেখ সফলতাৰে গঢ়িবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷  তেওঁ লগতে কয় যে শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ উক্তি ‘‘এক বৃক্ষ দশ পুত্ৰ সম’’ ৰ জৰিয়তে মানৱ সমাজৰ বাবে গছৰ গুৰুত্ব কিমান তাকে ব্যক্ত কৰি গৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন আদিৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ বাবে সকলোকে অধিক বৃক্ষ ৰোপণৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ অসমৰ বনাঞ্চলৰ আৱৰণ বৃদ্ধিত সহায়ক হ’ব পৰা এই অভিযানৰ আৰম্ভ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে৷ গিনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ বিষয়ববীয়া প্ৰবীণ পেটেলে কয় যে বিশ্ব অভিলেখ গঢ়িবলৈ কঠোৰ নিৰ্দেশনা আছে যিবোৰ মানি চলিব লাগিব আৰু এনে এক বৃহৎ অনুশীলন গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগক অভিনন্দন জনায়৷ আজিৰ সভাত বিত্তমন্ত্ৰী অজন্তা নেওঁগ, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, মুখ্য বন সংৰক্ষক এম কে যাদৱ, কামৰূপ মেট্ৰ’ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷  উল্লেখ্য যে ১৪ ছেপ্টেম্বৰত অসমে তৃতীয়টো বিশ্বৰেকড কৰিব৷ ২৪ ঘণ্টাত সৰ্বাধিক গছপুলি ৰোপণেৰে সেইদিনা ওদালগুৰিত তৃতীয়টো বিশ্বৰেকৰ্ড স্থাপন হ’ব৷ ইয়াৰ পূৰ্বে ২৪ ঘণ্টাত ৮৪,৭২৭৫ জোপা গছপুলি ৰোপণৰহে বিশ্বৰেকৰ্ড আছে৷ ১৫ ছেপ্টেম্বৰত ডিব্ৰুগড়ত এঘণ্টাত সৰ্বাধিক গছপুলি ৰোপণেৰে চতুৰ্থটো বিশ্ব ৰেকৰ্ড কৰা হ’ব৷ ইয়াৰ পূৰ্বে তুৰ্কিত এঘণ্টাত ৩০৩১৫০ টা গছপুলি ৰোপণৰ ৰেকৰ্ড আছিল৷ ১৬ ছেপ্টেম্বৰত ডিগবৈত বিশ্বৰ সৰ্বাধিক বৰ্গ মিটাৰত গছপুলি ৰোপণৰ বিশ্ব ৰেকৰ্ড হ’ব৷ সেইদিনা তুৰ্কিত প্ৰতি বৰ্গ মিটাৰত গছপুলি ৰোপণৰ ৰেকৰ্ড ভংগ হ’ব৷ তুৰ্কিত প্ৰতিবৰ্গ মিটাৰত গছপুলি ৰোপণৰ ৰেকৰ্ড আছিল ২১৮২৫.৭৪ বৰ্গ মিটাৰ৷ ১৭ ছেপ্টেম্বৰত একেলগে তিনিটা গিনিজ ৰেকৰ্ড হ’ব৷ ইয়াৰে প্ৰথমটো হ’ব শিৱসাগৰত৷ ৫০ হাজাৰ লোকে সেইদিনা এঘণ্টাত সৰ্বাধিক গছপুলি ৰোপণ কৰিব৷ ইয়াৰ পূৰ্বে ভূটানত ৪৯৬৭২ জোপা গছপুলি ৰোপণৰ বিশ্বৰেকৰ্ড আছে৷ ১৭ ছেপ্টেম্বৰত অনলাইনৰ মাধ্যমেৰে আৰু এটা বিশ্ব ৰেকৰ্ড হ’ব৷ সেইটো হৈছে গছপুলি ৰোপণৰ সৰ্বাধিক ফটো এলবামৰ৷ ইয়াৰ পূৰ্বে তুৰ্কিত ৩,৮৩৭৮৩ জোপা গছপুলি ৰোপণৰ বিশ্ব ৰেকৰ্ড আছিল৷ সমান্তৰালভাৱে গছপুলি ৰোপণৰ সংকল্প লোৱাৰ ক্ষেত্ৰতো অনলাইনৰ মাধ্যমত আন এটা বিশ্ব ৰেকৰ্ড হ’ব৷ ১১ ছেপ্টেম্বৰত অনলাইনৰ দ্বাৰা বিশ্বৰ সৰ্বাধিক বৃহৎ প্ৰকৃতি সংৰক্ষণ পাঠৰ আন এক নতুন বিশ্ব ৰেকৰ্ড হ’ব৷ ইয়াত ৭৫০০ লোকে অংশগ্ৰহণ কৰিব৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদমেল অনুষ্ঠিত কৰি এই বিশ্বৰেকৰ্ডৰ সন্দৰ্ভত সৱিশেষ বাখ্যা কৰাৰ লগতে তেওঁ জানিবলৈ দিছে যে অমৃত বৃক্ষ কাৰ্যসূচীৰ অধীনত ৰোপণ কৰিবলৈ অনা ৰ কোটি গছপুলিৰ ৮০ লাখেই বহিঃৰাজ্যৰ পৰা নিবিদাৰ জৰিয়তে অনা হৈছে৷ এই গছপুলি ৰোপণৰ বাবে অনলাইনত পঞ্জীয়ন কৰা লোকসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ গছপুলি লাভ কৰিব৷ লগত এশ চকাৰ মাননীও লাভ কৰিব৷ ব্যক্তিসকলে নিজৰ বাৰীত এই গছপুলি ৰোপন কৰিব লাগিব আৰু নিজৰ ছোৱালীৰ বিয়াৰ সময়ত এই গছ কাটি কাঠৰ ফাৰ্নিচাৰ বনাব পাৰিব৷ তিনি বছৰলৈ গছপুলি জীয়াই থাকিলে পুলি ৰোপণ কৰোটাই চৰকাৰৰ পৰা আৰু দুশ টকাৰ মাননী লাভ কৰিব৷ লক্ষণীয় যে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা স্পষ্ট হয় যে অমৃত বৃক্ষ অভিযানত প্ৰকৃতি সংৰক্ষণতকৈ বাণিজ্যিক দৃষ্টিকোনত অধিক আছে৷ অৰণ্য মানৱ যাদৱ পায়েঙৰ মতে চৰকাৰে কোটি কোটি টকা খৰচ কৰি গছপুলি ৰোপণ কৰাৰ দৰকাৰ নাই৷ গছ নিজে নিজেই হ’ব, মাথো নাকাটিলেই হ’ল৷ উল্লেখ্য যে যোৱা দিন সমূহত উন্নয়নৰ নামত কেৱল গুৱাহাটী মহানগৰীতে প্ৰায় ১০ হাজাৰ গছ কাটি পেলোৱা হৈছে৷ নতুনকৈ পাণবজাৰৰ পৰা নাৰেংগীলৈ নিৰ্মাণ হ’বলগীয়া ফ্লাই অভাৰৰ বাবেও আৰু শ শ গছ কাটি পেলোৱা হ’ব৷ বিভিন্ন প্ৰকল্পৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লক্ষাধিক গছ যোৱা সময়ছোৱাত কাটি পেলোৱা হৈছে৷ ইয়াৰ পৰিণতিত প্ৰকৃতিত কেনে বিষম প্ৰভাৱ পৰিছে, সেয়া  সকলোৱে অনুভৱ কৰিছে৷ অমৃত বৃক্ষ আন্দোলনৰ নামত চৰকাৰে অসমৰ জলবায়ুৰ প্ৰতিকূল বহিঃৰাজ্যৰ পৰা আমদানি কৰা বৃক্ষ ৰোপণৰেৰে যি সেউজ অসম গঢ়াৰ পৰিকল্পনা কৰিছে, এয়া বাস্তৱত সন্মত নহ’ব বুলিও একাংশ প্ৰকৃতিবিদে মন্তব্য কৰিছে৷

বাগ্‌সাত ৪ লাখ গছপুলি ৰোপণৰ লক্ষ্য

‘আমাৰ অসম’ৰ বৰমাৰ প্ৰতিবেদকঃ আগন্তুক ১৭ছেপ্টেম্বৰত অমৃত বৃক্ষ আন্দোলনৰ কাৰণে সাজু হৈ উঠিছে বাগ্‌সাৰ বন বিভাগ৷ বাগ্‌সা জিলাৰ ১০৮খন ভিচিডিচি, শিক্ষানুষ্ঠান, আৰু আত্মসহায়ক গোটকে ধৰি বিভিন্ন প’ৰ্টেলযোগে পঞ্জীয়নভুক্ত লোকৰ মাজত বিতৰণ কৰিব অগৰ, বগিপমা, তিতাচাপকে ধৰি ভিন্ন প্ৰজাতিৰ গছপুলি৷ আগন্তুক ১১ছেপ্টেম্বৰৰ পৰা ১৩ছেপ্টেম্বৰলৈ চলিব গছপুলি বিতৰণৰ কাৰ্যসূচী৷ বাগ্‌সা জিলা বন বিষয়া প্ৰৱোধ কুমাৰ ব্ৰহ্মই জানিবলৈ দিয়া অনুসৰি এই অমৃত বৃক্ষৰোপণ আন্দোলনৰ কাৰ্যসূচী লৈ ৰাইজৰ সহযোগিতা পূৰ্ণভাৱে লাভ কৰিছে৷ ঠায়ে ঠায়ে গাঁওসভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ কথা প্ৰকাশ কৰে বন বিষয়াজনে৷  আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, জিলাখনৰ একাংশ গাঁৱত বন বিভাগে গাঁওসভা অনুষ্ঠিত কৰি বহুলোকৰ নাম পঞ্জীয়ন কৰাৰ প্ৰতিশ্ৰুতিৰে বৃক্ষৰোপণ কৰাৰ ইচ্ছা প্ৰকাশ কৰা বহুলোকৰ নাম সংগ্ৰহ কৰিছিল৷ লগতে সেইসকল ব্যক্তিৰ নিজৰ নিজৰ মোবাইলত এটা অ’ টি পি যাব বুলি কৈছিল৷ কিন্তু আজিলৈকে বন বিভাগে নিজাকৈ পঞ্জীয়ন কৰিম বুলি কৈ সংগ্ৰহ কৰা বহুলোকৰ মোবাইলত নাহিল পঞ্জীয়ন কৰা কোনো অ’ টি পি বা প্ৰমাণ৷ যাৰ কাৰণে এই অমৃত বৃক্ষৰোপণ আন্দোলনৰ পৰা ইচ্ছা থকাস্বত্ত্বেও বঞ্চিত হ’ব বহুলোক৷  এইক্ষেত্ৰত নেটৱৰ্কৰ বিজুতিৰ বাবে বহুলোকৰ নাম পঞ্জীয়ন কৰিব নোৱৰাৰ কথা সদৰি কৰে বন বিভাগৰ লোকে৷