Logo
image

ড॰ লক্ষহীৰা দাসলৈ ভূপেন হাজৰিকা বঁটা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১০ ছেপ্টেম্বৰঃ ৰ’টাৰী ক্লাব অৱ গুৱাহাটীয়ে প্ৰতি বছৰে ড॰ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা আগবঢ়াই আহিছে৷ সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰ’টাৰী ক্লাব অৱ গুৱাহাটীয়ে প্ৰত্যেক বছৰে ৮ ছেপ্টেম্বৰ দিনটোত অসমৰ সাংস্কৃতিক জগতৰ লগত জড়িত একোজন সুদক্ষ ব্যক্তিলৈ এই বঁটা আগবঢ়োৱাৰ ঘোষণা কৰে৷ বিশিষ্ট কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ, শিক্ষাবিদ ড॰ লক্ষহীৰা দাসলৈ ৰ’টাৰী ক্লাব অৱ গুৱাহাটীৰ তৰফৰ পৰা ২০২৩-২৪ বৰ্ষৰ ড॰ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা আগবঢ়োৱা হৈছে৷ অহা ৫ নবেম্বৰত এই বঁটা প্ৰদান কৰা হ’ব বুলি ৰ’টাৰী ক্লাব অৱ গুৱাহাটীৰ সভাপতি ডাঃ শশাংক শেখৰ দত্তই জানিবলৈ দিছে৷ উল্লেখ্য, ড॰ লক্ষহীৰা দাসলৈ এই বঁটা আগবঢ়োৱাৰ বাবে ৰাজ্যৰ সাংস্কৃতি জগতৰ লগতে শিক্ষাজগতো উৎফুল্ল হৈ পৰে৷ ড॰ লক্ষহীৰা দাসৰ ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগতে শিক্ষা জগতলৈও আছে অতুলনীয় অৱদান৷