Logo
image

চৰাইদেউলৈ আহিব ইউনেস্ক’ৰ প্ৰতিনিধি

‘আমাৰ অসম’ৰ মাহমৰা আৰু নাজিৰাৰ প্ৰতিবেদক, ১০ ছেপ্টেম্বৰঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাৰ দিশে আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদামক্ষেত্ৰ৷ অক্টোবৰৰ প্ৰথম সপ্তাহতে ইউনেস্ক’ৰ এটা দলে চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে সম্প্ৰতি দিনে-নিশাই চৰাইদেউ মৈদামক্ষেত্ৰৰ আন্তঃগাঁথনিৰ লগতে সৌন্দৰ্যবদ্ধৰ্নৰ কামত নিয়োজিত হৈ আছে৷ ইয়াৰ মাজতে আজি অসম চৰকাৰৰ চাৰিজন কেবিনেট মন্ত্ৰীয়ে চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হৈ মৈদামক্ষেত্ৰৰ কাম-কাজ পৰ্যৱেক্ষণ কৰে৷ আজি দুপৰীয়া অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ক্ৰমে পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, পুৰাতত্ত্ব বিভাগৰ নন্দিতা গাৰ্লোচা আৰু ৰাজহমন্ত্ৰী যোগেন মহন মৈদামস্থলীত উপস্থিত হৈ মৈদামক্ষেত্ৰৰ সামগ্ৰিক কাম-কাজ পৰ্যৱেক্ষণ কৰে৷ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মৈদামস্থলী পৰিদৰ্শন কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আমাৰ অসমৰ বাবে গৌৰৱৰ কথা যে এইবাৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ বাবে ভাৰতৰ পৰা একমাত্ৰ চৰাইদেউ মৈদামক্ষেত্ৰই মনোনয়ন লাভ কৰিছে৷ চৰাইদেউ মৈদামস্থলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পাছত কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগে মৈদামক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন আৰু সৌন্দৰ্যবদ্ধৰ্নৰ বাবে কৰা কাম-কাজ কৰি আছে আৰু সৌভাগ্যৰ কথা যে অক্টোবৰৰ সপ্তাহত ইউনেস্ক’ৰ প্ৰতিনিধি দলে মৈদামক্ষেত্ৰ পৰিদৰ্শনৰ বাবে চৰাইদেউত উপস্থিত হ’ব৷ অসম চৰকাৰৰ তৰফৰ পৰা মৈদামক্ষেত্ৰৰ সামগ্ৰিক পৰিৱেশ পৰ্যৱেক্ষণ তথা মৈদামক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত কিবা অসুবিধা আছে নেকি সেয়া পৰ্যৱেক্ষণ কৰিবৰ বাবে আজি আমি চাৰিজন মন্ত্ৰী উপস্থিত হৈছোঁ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাবৰ বাবে চৰাইদেউ মৈদামক্ষেত্ৰই সকলোবোৰ বৈশিষ্ট্য বহন কৰিছে নে নাই এই সকলোবোৰ দিশ পৰ্যৱেক্ষণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীজনে চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এতিয়া বিতৰ্ক  কৰাৰ সময় নহয়, এতিয়া আমি সকলোৱে আন বিষয় এৰি চৰাইদেউ মৈদামক্ষেত্ৰক কেনেকৈ ইউনেস্ক’ৰ প্ৰতিনিধিৰ সন্মুখত সৰ্বাঙ্গসুন্দৰ ৰূপত উপস্থাপিত কৰিব পাৰি সেই বিষয়তহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ বাকী সমস্যা পাছতো সমাধান কৰাৰ স্থল আছে৷ আনহাতে, এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, চৰাইদেউ মৈদামক্ষেত্ৰ চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত হ’ব৷ অসম চৰকাৰৰ ৰাজহ বিভাগে ইতিমধ্যে চৰাইদেউ মৈদামক্ষেত্ৰক চৰাইদেউ জিলাত সামৰি এক বিস্তৃত মেপ প্ৰস্তুত কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে৷ অসম কেবিনেটে অচিৰেই শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত হৈ থকা চৰাইদেউ মৈদামক্ষেত্ৰ চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত কৰাৰ বিষয়টো সিদ্ধান্ত গ্ৰহণ কৰিব৷ এইক্ষেত্ৰত চৰাইদেউ জিলাবাসীয়ে চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্ত্ৰীজনে মন্তব্য কৰে৷ মন্ত্ৰীজনে আৰু জানিবলৈ দিয়া অনুসৰি, প্ৰায় ৭০০বিঘা মাটিকালি চৰাইদেউ মৈদামক্ষেত্ৰই সামৰি ল’ব আৰু উক্ত মাটিকালিৰ ভিতৰত থকা আন সকলো আহোম ৰাজত্বৰ ৰজাদিনীয়া পুৰণি কীৰ্তিচিহ্ন বিশ্ব ঐতিহ্যক্ষেত্ৰৰ অন্তৰ্ভুক্ত হ’ব৷ এইক্ষেত্ৰত স্থানীয় সকলো ৰাইজৰ সহযোগিতা কামনা কৰে মন্ত্ৰীজনে৷ ৰাজহমন্ত্ৰী যোগেন মহন মৈদামস্থলীত উপস্থিত হৈ ইউনেস্ক’ৰ প্ৰতিনিধি দলটোৰ ভ্ৰমণকালত যাতে কোনো ত্ৰুটি নথকাকৈ চৰাইদেউ মৈদামস্থলীক উপস্থাপন কৰিব পাৰি তাৰ বাবে চৰাইদেউবাসীৰ ওচৰত দিহা-পৰামৰ্শ, সহায়-সহযোগিতা কামনা কৰে৷ অসম চৰকাৰৰ চাৰি কেবিনেট মন্ত্ৰীৰ চৰাইদেউ মৈদামক্ষেত্ৰৰ পৰিদৰ্শনকালত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰী, কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ শীৰ্ষ বিষয়া, ৰাজহ বিভাগৰ শীৰ্ষ বিষয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছপৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে ৷ মন্ত্ৰী গোটটোৱে স্থানীয় ৰাইজৰ সৈতে এক বৈঠকতো মিলিত হয়৷ উল্লেখ্য, শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ লেঙিবৰ আৰু চ্য়ুকাফা পঞ্চায়ত এলেকাত চৰাইদেউ মৈদামস্থলী অৱস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ মৈদামস্থলী চৰাইদেউ জিলাৰ পৰিৱৰ্তে শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত হৈছিল৷ উল্লেখ্য, ২০১৫ বৰ্ষতে চৰাইদেউ জিলা গঠন হৈছিল যদিও এইপৰ্যন্ত চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ হোৱা নাছিল৷ শেহতীয়াকৈ, বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক্ষেত্ৰৰ নাম মনোনয়নৰ বাবে প্ৰেৰণৰ পাছতে চৰাইদেউ মৈদামক্ষেত্ৰক লৈ দুয়োখন জিলাৰ প্ৰশাসনৰ মাজত একপ্ৰকাৰ টনা-আঁজোৰাৰ সৃষ্টি হয়৷ কিন্তু চৰাইদেউ মৈদামস্থলী অবিহনে চৰাইদেউ জিলাৰ কোনো অস্তিত্ব নোহোৱা হ’ব বুলি চৰাইদেউৰ বিভিন্ন দল-সংগঠন আৰু চৰাইদেউবাসীয়ে দাবী উত্থাপন কৰাত শেহতীয়াকৈ ৰাজহমন্ত্ৰী যোগেন মহনে বিষয়টোত গুৰুত্ব প্ৰদান কৰি চৰাইদেউ মৈদামক্ষেত্ৰ চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত হ’ব বুলি ঘোষণা কৰিছিল৷