Logo
image

১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ছেপ্টেম্বৰঃ অহা ১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে৷ যোৱা ৫ ছেপ্টেম্বৰত ১,০০০ কোটি টকাৰ ঋণ লোৱা ৰাজ্য চৰকাৰখনে এটা সপ্তাহ নৌহওঁতেই ১২ ছেপ্টেম্বৰত মুকলি বজাৰৰ পৰা পুনৰ ৫০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে৷ উল্লেখ্য, ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে দুবছৰীয়া চাৰিমাহৰ কাৰ্যকালতে ৪৩ হাজাৰ কোটি টকাৰ ঋণ লোৱা বুলি অখিল গগৈকে ধৰি একাংশ বিৰোধীয়ে অভিযোগ কৰি আহিছে৷ ৰাজ্যৰ বিজেপি চৰকাৰৰ সাতবছৰীয়া কাৰ্যকালত সৰ্বমুঠ ৯১ হাজাৰ কোটি টকাৰ ধাৰ লোৱা বুলি তথ্য প্ৰকাশ পাইছে৷ অথচ ১৯৪৭ চনৰ পৰা ২০১৬ চনলৈ ৰাজ্যৰ সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল ৪২ হাজাৰ কোটি টকা৷ ধাৰ লোৱা ধনৰ অধিকাংশই বৰ্তমানৰ চৰকাৰে হিতাধিকাৰী পোষণ তথা অনুৎপাদনমূলক কামত ব্যৱহাৰ কৰা বুলিও অভিযোগ উঠিছে৷