Logo
image

সোমবাৰৰ পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ছেপ্টেম্বৰঃ সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন৷ ১১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ বিধানসভাৰ অধিবেশন চলিব৷ কাৰ্যসূচী অনুসৰি ১১ ছেপ্টেম্বৰৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ২০২৩-২০২৪ বৰ্ষৰ পৰিপূৰক মঞ্জুৰী গ্ৰাণ্ট উত্থাপন কৰা হ’ব৷ ১৩ ছেপ্টেম্বৰত পৰিপূৰক মঞ্জুৰী গ্ৰাণ্টৰ সন্দৰ্ভত ভোটিং অনুষ্ঠিত হ’ব৷ ১৪ ছেপ্টেম্বৰত বহুকেইখন চৰকাৰী বিধেয়ক উত্থাপন হ’ব৷ এই বিধেয়কসমূহৰ ভিতৰত পঞ্চায়তী আইন-১৯৯৪ৰ সংশোধনী বিধেয়কো থকাৰ সম্ভাৱনা আছে৷ উল্লেখ্য, ৰাজ্যিক কেবিনেটে ইতিমধ্যে পঞ্চায়তী আইনৰ সংশোধন কৰি গাঁও পঞ্চায়তৰ নিৰ্বাচন প্ৰতীকবিহীন কৰাকে ধৰি ভালেখিনি সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷