Logo
image

জি-২০ত বিধে বিধে খাদ্য সম্ভাৰেৰে অতিথিক আপ্যায়ন

নতুন দিল্লী, ১০ ছেপ্টেম্বৰঃ জি-২০ত ভাগ ল’বলৈ অহা ৰাষ্ট্ৰপ্ৰধান আৰু বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ বাবে শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে এক নৈশ ভোজৰ আয়োজন কৰে৷ উক্ত ভোজমেলত ভাৰতৰ প্ৰায়ভাগ ৰাজ্যৰ সুস্বাদু খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা হয়৷ এক সূত্ৰই প্ৰকাশ কৰা মতে উক্ত খাদ্য সম্ভাৰৰ ভিতৰত আছে দিল্লীৰ ছোলেভাতুৰে, মহিশূৰ তথা কাশ্মীৰৰ জনপ্ৰিয় খাদ্যৰ লগতে ৰাজস্থানৰ দাল বাতি ছুৰমা, পশ্চিমবংগৰ ৰসগোল্লা আৰু ওড়িশাৰ ৰসমালাই সহ আন বিভিন্ন সুস্বাদু খাদ্য৷ একেদৰে জি-২০ৰ অতিথি বৃন্দৰ বাবে এই দুটা দিনত আৰ্জেণ্টিনাৰ বিখ্যাত খাদ্য আছাদোৰ ব্যৱস্থাও কৰা হয়৷ সেইদৰে অষ্ট্ৰেলিয়াৰ পৰা অহা অতিথি বৃন্দৰ বাবে ৰন্ধা হয় কেংগেৰুৰ মাংস৷ খাদ্য সম্ভাৰৰ মাজত আছে ব্ৰাজিলৰ জনপ্ৰিয় খাদ্য মেনিওক৷ চীনৰ ফ্ৰাই নুডলছ আৰু ম’মৰ ব্যৱস্থাও কৰা হৈছে জি-২০ৰ অতিথিসকলৰ বাবে৷ ইটালীৰ জনপ্ৰিয় খাদ্য লাছা গানিয়া পাস্তাও আছে এই খাদ্যসম্ভাৰত৷ উল্লেখ্য যে এইবিধ খাদ্য পনীৰৰ পৰা প্ৰস্তুত কৰা হয়৷ ছৌদি আৰবত ঊটৰ মাংস খুবেই জনপ্ৰিয়৷ জি-২০ৰ অতিথিসকলৰ বাবে ছৌদি আৰবৰ ৰন্ধন প্ৰণালীৰে প্ৰস্তুত কৰা হৈছে ঊটৰ মাংসৰ বিৰিয়ানি৷ তদুপৰি ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ জনগোষ্ঠীয় খাদ্য বিশেষকৈ দক্ষিণ ভাৰতৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰো ব্যৱস্থা কৰা হৈছে জি-২০ৰ প্ৰতিনিধিসকলৰ বাবে৷