
পুলিচ বনাম পুলিচ চোৰ
আধুনিক তথ্য-প্ৰযুক্তিৰ আগ্ৰাসী পৰিৱেশ সৃষ্টি হোৱাৰ আগলৈকে শৈশৱ কালত বহু ল’ৰা-ছোৱালীয়ে কেতবোৰ খেল-ধেমালিত নিমজ্জিত হৈছিল৷ এনে খেলবোৰৰ মাজত চোৰ-পুলিচৰ খেলো অন্যতম আছিল৷ চোৰ লুকাই থকা স্থানৰ পৰা পুলিচে ধৰা পেলোৱাটোৱে খেলৰ মূল উদ্দেশ্য আছিল৷ ম’বাইল গেম আৰু আন প্ৰযুক্তিত ব্যস্ত শিশু বা ল’ৰা-ছোৱালীৰ আজিৰ সময়ত এনে খেলাৰ প্ৰতি সামান্যতমো আগ্ৰহ নাই৷ এনে হোৱাৰ বাবে ক্ৰমান্বয়ে ঘিলা খেল, টাং গুটি, মাৰ্বল গুটিৰ খেল, মিথু খেল আদিবোৰ হেৰাই গৈছে৷ তাহানিৰ চোৰ-পুলিচৰ লুকুৱা-লুকুওৱি খেলখনৰ আঁত ধৰি ক’ব পাৰি যে সম্প্ৰতি অসমত চৰকাৰী নীতি-নিয়ম অনুসৰি নিযুক্ত পুলিচৰ একাংশই এনে অবিশ্বাস্য হাৰত অপকৰ্ম-দুৰ্নীতি, অনিয়মত লিপ্ত হৈছে যে তেওঁলোকক অৰ্থাৎ পুলিচ চোৰক কৰায়ত্ত কৰাৰ বাবে পোছাকত থকা আন পুলিচে হাবাথুৰি খাইছে৷ এতিয়া অসমত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে অন্যান্য চোৰ-ডকাইত, নীতি বহিৰ্ভূত কাৰ্যকলাপ, দুৰ্নীতি-অনিয়ম আৰু অন্যান্য অপৰাধমূলক কাৰ্যকলাপত লিপ্ত লোকক পুলিচে বিচাৰ-খোচাৰ কৰি কৰায়ত্ত কৰাৰ সমান্তৰালকৈ পুলিচে পুলিচক কৰায়ত্ত কৰাৰ বাবেও বহু ব্যৱস্থা ল’ব লগা হৈছে৷ আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা প্ৰশ্ন কাকতৰ মূল ৰক্ষণাবেক্ষণৰ দায়িত্বত নিয়োজিত আৰক্ষী অধীক্ষকেই বৃহৎ ধনৰ লোভত দালাল চক্ৰক প্ৰশ্ন কাকত বিক্ৰী কৰিলে৷ এই কাৰ্যত গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিল আৰক্ষীৰে এজন প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শকক্ক লগত অন্য আৰক্ষীৰ উপৰি আন সাংগো-পাংগো, নেতা-পালিনেতা জড়িত হ’ল৷ পুলিচৰ চাকৰিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ প্ৰশ্ন কাকত বিক্ৰী কৰি পুলিচেই বিভাগটোত কালিমা সানিলে৷ এজন ব্যক্তিৰ ঘৰত থকা বন কৰা ছোৱালীজনীক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত আত্মহত্যাৰ ৰূপ দি কেছটো অন্য ৰূপ দিয়া হ’ল৷ সৌভাগ্যবশতঃ এই ঘটনা সম্পৰ্কে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পাছত পুনৰ অনুসন্ধান আৰম্ভ হোৱাৰ লগে লগে উৰহী গছৰ ওৰ উদ্ধাৰ হ’ল৷ অতি দুৰ্ভাগ্যজনক ঘটনাটোক অতি নিৰ্লজভাৱে ধনৰ বাবে গাপ দিয়াত অ’চি, অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰা আৰক্ষী অধীক্ষক আৰু আন দুই এক বিষয়া লিপ্ত হোৱাৰ প্ৰমাণ পোৱা গ’ল৷ নকল সোণ, জুৱা-চক্ৰৰ বেহা চলা কাৰ্যত আৰক্ষীৰ শীৰ্ষ মহলৰ একাংশ অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু অন্যান্য আৰক্ষী জড়িত হোৱা আৰু অতি আশ্চৰ্যজনকভাৱে এই কাৰ্যৰ সৈতে সাঙোৰ খাই পৰা এগৰাকী উপ-পৰিদৰ্শকৰ দুৰ্ঘটনাত মৃত্যুৰ ঘটনা চিনেমাৰ কাহিনী যেন লাগিলেও এয়া আজিৰ অসমৰ এক নিত্য-নৈমিত্তিক দৃশ্য৷ শেহতীয়াকৈ ছিণ্ডিকেট চক্ৰক উৎখাত কৰাৰ দায়িত্বত নিয়োজিত আৰক্ষীয়ে অনুসন্ধানৰ নামত আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক, ড্ৰাইভাৰ, অৰ্ডালি, দালাল চক্ৰ সকলো একত্ৰিত হৈ ধন লুট কৰিছে৷ চুপাৰি ছিণ্ডিকেটক প্ৰতিৰোধ, নিয়ন্ত্ৰণৰ দায়িত্ব ন্যস্ত কৰা আৰক্ষী বাহিনীৰ এচামে নিজাববীয়াকৈ গঠন কৰিছে অন্য এক ছিণ্ডিকেট৷ আইপিএছৰ দৰে কঠিন পৰীক্ষাত উত্তীৰ্ণ হোৱা থলগিৰি এজন বিষয়াই সহজ ধনৰ মোহত পৰি ডকাইতৰ দৰে আচৰণ কৰাটো অতি হতাশজনক, দুৰ্ভাগ্যজনৰ, লজ্জাজনকক্ক শাসনাধিষ্ঠিত দলৰ প্ৰাক্তন এম এল এৰ বাসভৱনত আশ্ৰয় লৈ থকা এগৰাকী অপৰাধী অতিৰিক্ত আৰক্ষী অধীক্ষকে শীৰ্ষ মহলৰ কঠোৰ নিৰ্দেশৰ পাছত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে৷ আৰক্ষীৰ পোছাক পৰিধান কৰা এই অপৰাধীসকলৰ সংখ্যা মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো অকণো হ্ৰাস নোপোৱাটো ৰাজ্যখনৰ বাবে অতি উদ্বেগজনকক্ক আৰক্ষীৰ এনে স্বৰূপ প্ৰত্যক্ষ কৰাৰ পাছত সাধাৰণ শ্ৰেণীৰ নাগৰিকে ন্যায় বিচাৰি আৰক্ষীৰ দ্বাৰস্থ হ’বলৈ কিমান উৎসাহিত হ’ব সেয়া প্ৰশ্নৰ বিষয়৷ আজিৰ দিনত আৰক্ষীয়ে জনহিতাৰ্থে বুলি ব্যৱহাৰ কৰা ল’গ’টোৰ কিমান সৎ ব্যৱহাৰ হৈছে তাক লৈ প্ৰশ্নৰ উদ্ৰেক হোৱাটো স্বাভাৱিক৷ এখন ৰাজ্যৰ শান্তি-শৃংখলা অটুট ৰাখি নাগৰিকক আশ্বস্তকৰণৰ যোগেদি সামগ্ৰিকভাৱে ৰাজ্যখনৰ উন্নতিৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কিছু বছৰৰ পূৰ্বলৈকে ৰাজ্যখনত অব্যাহত থকা উগ্ৰপন্থী আৰু সন্ত্ৰাসজনিত ঘটনাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে এক যোগাত্মক ভূমিকা গ্ৰহণ কৰিছিল৷ অসম আৰক্ষীয়ে আন কেতবোৰ কামৰ জৰিয়তেও ৰাইজৰ আস্থা জয় কৰিছিল৷ কিন্তু ক্ৰমান্বয়ে পোছাক পৰিহিত আইন-শৃংখলাত নিয়োজিত এচাম লোক নিজেই এক ক্ৰিমিনেলত পৰিণত হোৱাটোৱে বিভাগটোকে নহয় সমগ্ৰ ৰাজ্যখনকে লজ্জানত কৰিছে৷ পুলিচে চোৰ খেদে; কিন্তু এতিয়া পুলিচে পুলিচ চোৰক খেদা-খেদি কৰা দৃশ্যবোৰ দিনে দিনে বৃদ্ধি হৈছে৷