Logo
image

ৰামমন্দিৰ উদ্বোধনৰ পাছতেই নিৰ্বাচন ঘোষণাৰ যো-জা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ ছেপ্টেম্বৰঃ দেশৰ ৰাজধানী নতুন দিল্লীত বিশ্বৰ আগশাৰীৰ ২০খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু অন্যান্য আমন্ত্ৰিত ৯খন দেশৰ মুৰব্বীয়ে বিশ্বৰ সুষম বাণিজ্যৰ বিষয়ে আলোচনা কৰাৰ বাবে জি-২০ বৈঠকত মিলিত হোৱাৰ সময়তে দেশৰ ধৰ্মীয় মতি-গতি নিৰ্ধাৰণ কৰাৰ বাবে অযোধ্যাত বৈঠকত মিলিত হ’ল ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সদস্যগণ৷ কোৱা বাহুল্য মাথোঁ এই ধৰ্মীয় কাৰ্যকলাপ দেশৰ ৰাজনীতিৰ সৈতেও অংগাগীভাৱে জড়িত৷ কিয়নো ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ন্যাসৰ সদস্যসকলে এই বৈঠকতে চূড়ান্ত কৰিলে ৰাম মন্দিৰ উদ্বোধনৰ দিন ক্ষণ৷ বৈঠকৰ সিদ্ধান্ত অনুসৰি অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব অহা বছৰৰ জানুৱাৰীৰ ২১-২৪ৰ ভিতৰত কোনো এটা শুভদিনত৷ প্ৰাথমিকভাৱে ২২ জানুৱাৰীকে ৰাম মন্দিৰ উদ্বোধনৰ চূড়ান্ত দিন হিচাপে বিবেচনা কৰিছে ন্যাসৰ সদস্যসকলৰ বৈঠকে৷ সময়ত সেই দিনটোৰ ইফাল-সিফাল হ’লেও ২১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীৰ ভিতৰতে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰাটো একপ্ৰকাৰ নিশ্চিত৷ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ স্মৰ্তব্য, ক’ভিডকালত ৰাম মন্দিৰৰ শিলান্যাসো কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে ৰাম মন্দিৰ উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাব৷ মোদীৰ সুবিধা আৰু শুভদিন দুয়োটা বিবেচনা কৰি ৰাম মন্দিৰৰ উদ্বোধনীৰ দিনটো চূড়ান্ত কৰা হ’ব৷ অৱশ্যে তাৰ পূৰ্বেই মন্দিৰত ৰামলালাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ ধৰ্মীয় কাম-কাজ ১৪ জানুৱাৰীত আৰম্ভ হ’ব৷

ৰাম মন্দিৰ উদ্বোধনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে দেশৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ প্ৰসংগ৷ কিয়নো ৰাম মন্দিৰ নিৰ্মাণৰ ঠিক পাছতে সংসদৰ অধিৱেশন অনুষ্ঠিত কৰি মোদী চৰকাৰে অন্তৰ্বৰ্তী বাজেট উত্থাপন কৰিব৷ তাৰ পাছতে ঘোষণা কৰা হ’ব দেশৰ পৰৱৰ্তী লোকসভাৰ নিৰ্বাচন৷ দেশৰ পৰৱৰ্তী নিৰ্বাচন আৰু ৰাম মন্দিৰৰ উদ্বোধনৰ মাজত অতি পৰিকল্পিতভাৱে তাল-মিল ৰক্ষা কৰি আগবাঢ়িছে মোদী চৰকাৰ৷ কিয়নো ৰাম মন্দিৰ উদ্বোধনেৰে বিজেপিয়ে দেশৰ হিন্দু ভোটাৰৰ মনত ধৰ্মীয় আবেগ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে৷ সেয়ে ৰাম মন্দিৰ উদ্বোধন আৰু নিৰ্বাচনৰ মাজত যাতে দীঘলীয়া সময়ৰ পাৰ্থক্য নাথাকে সেই দিশটো সুক্ষ্মভাৱে বিজেপি চৰকাৰে লক্ষ্য কৰি আছে৷ কিয়নো ৰাম মন্দিৰৰ জৰিয়তে হিন্দুৰ মাজত উথলি উঠা আবেগ যাতে নিৰ্বাচনৰ সমাপ্তিলৈকে থাকে, সেয়া বিজেপিৰ বাবে লক্ষণীয় হৈ পৰিছে৷ জানুৱাৰীৰ শেষত ৰাম মন্দিৰ উদ্বোধন হ’লে পৰৱৰ্তী দুমাহমানৰ বাবে ৰাম মন্দিৰক লৈ হিন্দু ভোটাৰৰ মাজত আৱেগ অব্যাহত থাকিব৷ এই আৱেগ জোৰদাৰ হৈ থকাৰ সময়তে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’লে বিজেপিৰ বাবে হিন্দু ভোট একগোট কৰা সহজসাধ্য হৈ পৰিব৷ বিজেপিৰ এই পৰিকল্পনা দলীয়ভাৱে গ্ৰহণযোগ্য৷ কিয়নো ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলন কৰিয়েই দেশৰ ৰাজনীতিত বিজেপিৰ উত্থান হৈছে৷ বিজেপিয়ে দেশৰ হিন্দু ধৰ্মাৱলম্বীক অযোধ্যাৰ ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ সেই প্ৰতিশ্ৰুতিৰেই দলটো তিনিবাৰকৈ কেন্দ্ৰত শাসনলৈ আহিছে৷ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অযোধ্যাৰ বিবদমান ভূমি আদালতৰ ৰায়ৰ জৰিয়তে হিন্দুৰ পক্ষে আনিবলৈ সক্ষম হৈছে৷ অযোধ্যাৰ সেই ভূমিত নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ৰাম মন্দিৰ নিৰ্মাণ হৈ এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে৷ অতি স্বাভাৱিকভাৱেই এতিয়া বিজেপিয়ে অযোধ্যাৰ ৰাম মন্দিৰক নিৰ্বাচনী যুঁজৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰিব৷