Logo
image

এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ ছেপ্টেম্বৰঃ এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যৎ গঢ়াৰ সংকল্প লৈ সামৰণি পৰিল ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত আয়োজিত জি-২০ সন্মিলন৷ যদিও জি-২০ সন্মিলন এখন বাণিজ্যিক বৈঠকহে, তথাপি বিশ্বৰ প্ৰায় সকলো শীৰ্ষ নেতাৰ উপস্থিতিত এই বাণিজ্যিক সন্মিলনে ৰাজনৈতিক গুৰুত্বও লাভ কৰিছিল৷ ঘাইকৈ ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত  প্ৰায় সমগ্ৰ বিশ্ব ৰাজনৈতিক আৰু ব্যৱসায়-বাণিজ্যৰ দিশত দুভাগত বিভক্ত হৈ পৰাৰ বাবে নতুন দিল্লীৰ জি-২০ শীৰ্ষ সন্মিলনে পৃথক গুৰুত্ব লাভ কৰিছিল৷ কিন্তু ভাৰতৰ অধ্যক্ষতাত, যিখন দেশে এই যুদ্ধৰ ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা পালন কৰি আছে, সেই দেশত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত সামৰিক সাহায্য প্ৰদানৰ পৰিৱৰ্তে সকলোৰে স্বাৰ্থত আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণ সমাধানৰ বাবে দ্বিধাবিভক্ত ৰাষ্ট্ৰয়ো সন্মতি প্ৰদান কৰাত নতুন দিল্লীৰ জি-২০ শীৰ্ষ সন্মিলনে অনন্য সাফল্য লাভ কৰা বুলি বিবেচিত হৈছে৷ কিয়নো শনিবাৰে বৈঠকৰ প্ৰথমদিনাই দিল্লী ঘোষণাপত্ৰত জি-২০ৰ সদস্য ৰাষ্ট্ৰই ঐক্যমত্য প্ৰকাশ কৰিছিল৷ সুষম-বাধাহীন বাণিজ্যৰ বাবে যে যুদ্ধখনৰ অন্ত পৰাৰ প্ৰয়োজন তাত সকলোৰে সন্মতি আছিল৷ পিছে যুদ্ধৰ এটা পক্ষ ইউক্ৰেইনে এই ঘোষণা তেওঁলোকৰ বাবে কোনো গৰ্বৰ কাৰণ নহয়, অৰ্থাৎ লাভদায়ক নহয় বুলি মন্তব্য কৰি ভাৰতৰ প্ৰচেষ্টাত চেঁচা পানী ঢালিছে৷ ইউক্ৰেইনৰ এই মন্তব্যই বহুতকে আচৰিতো কৰিছে৷ কিয়নো এখন বাণিজ্যিক শীৰ্ষ সন্মিলনৰ পৰা দেশখনে যুদ্ধ বন্ধ কৰাৰ ঘোষণা আশা কৰিব নোৱাৰে আৰু জি-২০ৰ সেই কতৃৰ্ত্বও নাই৷ কিন্তু ৰাছিয়াৰ নামোল্লেখ নকৰাকৈ ‘বৰ্তমান সময় যুদ্ধৰ সময় নহয়’ আৰু ‘কোনো ৰাষ্ট্ৰই ভূখণ্ড বিস্তাৰ কৰিবলৈ অন্য দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে সেনা বাহিনী ব্যৱহাৰ কৰিব নোৱাৰে’ বুলি কৰা ঘোষণা যুদ্ধবাজ ৰাছিয়াৰ প্ৰতি ব্যৱহাৰ কৰাটো স্পষ্ট আৰু এই ঘোষণা এখন বাণিজ্যিক সন্মিলনৰ ফলাফল হিচাপে যথেষ্ট৷ তাৎপৰ্যপূৰ্ণ এয়াই যে দিল্লী ঘোষণাপত্ৰত ভাৰসাম্যৰ প্ৰতিফলন দেখা গৈছে বুলি ৰাছিয়ায়ো সমৰ্তন জনাইছে৷

আনহাতে ভাৰতৰ পৰা পশ্চিম এছিয়া হৈ ইউৰোপলৈ এটা অৰ্থনৈতিক কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱ সন্মিলনত আলোচনা হৈছে৷ এয়া চীনৰ আগ্ৰাসন ৰোধৰ প্ৰয়াস আৰু এই পৰিকল্পনাৰ পিছত আছে আমেৰিকা৷ চীনৰ ‘বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ’ৰ প্ৰত্যুত্তৰ হিচাপে পশ্চিমীয়া প্ৰত্যেক দেশে এই প্ৰস্তাৱ সমৰ্থন জনাইছে৷ সন্দেহ নাই, ভাৰতৰ এই সন্মিলনক অত্যধিক প্ৰভাৱিত কৰিছে আমেৰিকাই৷ এই ক্ষেত্ৰত ভাৰত বিকল্পহীন৷ কিয়নো লাডাখৰ সংঘাতক লৈ যিদৰে ভাৰত উদ্বিগ্ন, সেইদৰে দক্ষিণ-চীন সমুদ্ৰত চীনৰ আধিপত্যত আমেৰিকা চিন্তিত৷ সেয়ে সন্মিলনৰ সিংহভাগ সিদ্ধান্ত ভাৰতে আমেৰিকাৰ বুদ্ধিতে প্ৰস্তাৱ হিচাপে আগবঢ়াবলৈ বাধ্য হৈছিল আৰু ফলাফলো সেই দিশেই গ’ল৷ প্ৰসংগতঃ চীনৰ সমুদ্ৰ আগ্ৰাসন ৰোধৰ বাবে ভাৰতে চতুৰ্দেশীয় অক্ষ ‘কোৱাড’ত আমেৰিকা, জাপান অষ্ট্ৰেলিয়াৰ সৈতে যোগদান কৰিছে৷

দুদিনীয়া এই সন্মিলনৰ দেওবাৰে সামৰণি পৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী জি-২০ সন্মিলন অনুষ্ঠিত কৰাৰ দায়িত্বতাৰ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভাৰ হাতত ‘গাভেল’ তুলি দি অৰ্পন কৰে৷ অৱশ্যে নৱেম্বৰ পৰ্যন্ত অধ্যক্ষতাৰ দায়িত্ব ভাৰতৰ হাততে থাকিব আৰু সেয়ে নৱেম্বৰত এখন ভাৰ্ছুৱেল বৈঠক আয়োজনৰ প্ৰস্তাৱ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ দেওবাৰে পুৱাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধা জনাই ভিয়েটনামৰ উদ্দেশ্যে ৰাওনা হয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে ‘স্বস্তি অন্তু বিশ্বস্য’ বুলি সংস্কৃত মন্ত্ৰোচ্ছাৰণৰে জি-২০ সন্মিলনৰ সামৰণি ঘোষণা কৰে আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানে ইয়াৰ পাছতে নতুন দিল্লীৰ পৰা বিদায় লৈছে৷

জি-২০ সন্মিলনৰ অধ্যক্ষতাই ভাৰতৰ্ষক বিশ্বৰ আৰ্থ-ৰাজনৈতিক ক্ষেত্ৰখনত শক্তিশালীৰূপে উপস্থাপিত কৰিছেঃ অসম বিজেপি

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ ‘হাজাৰ বছৰীয়া ভাৰতীয় সাংস্কৃতিত প্ৰমূল্যবোধৰ আধাৰত ‘বসুধৈৱ কুটুম্বকম’ মন্ত্ৰেৰে ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত জি-২০ সন্মিলনে দেশক সমকালীন বিশ্বৰ আৰ্থ-ৰাজনৈতিক ক্ষেত্ৰখনত অত্যন্ত শক্তিশালীভাৱে উপস্থাপিত কৰিবলৈ সক্ষম হৈছে৷’– এই মন্তব্য ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ৷ দেওবাৰে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সাংবাদিকক সম্বোধন কৰি বৰুৱাই কয় যে সমগ্ৰ বিশ্বৰ এক বৃহৎ অৰ্থনৈতিক আৰু ভৌগোলিক অংশিদাৰিত্ব থকা জি-২০ দেশসমূহৰ এইবেলিৰ সন্মিলনে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, কূটনৈতিক ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহে বিশ্ববাসীৰ সামূহিক উত্তৰণৰ দিশত অত্যন্ত ইতিবাচক প্ৰভাব পেলাব৷ উল্লেখ্য, ঐতিহাসিক সিদ্ধান্তৰে জি-২০ সন্মিলনত অফ্ৰিকান ইউনিয়নৰ অন্তভূক্তিৰ পদক্ষেপে বিশ্বৰ অনুন্নত দেশসমূহৰ কণ্ঠ শক্তিশালীভাৱে বিশ্ব সম্প্ৰদায়ৰ ওচৰত তুলি ধৰাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ জৰিয়তে বিশ্ব জনসংখ্যাৰ প্ৰায় ১৭ শতাংশ নতুনকৈ জি-২০ সন্মিলনৰ সৈতে জড়িত হোৱাৰ পথ প্ৰশস্ত হ’ল৷ একেদৰে জি-২০ সন্মিলনত গ্ৰহণ কৰা দিল্লী ঘোষণা পত্ৰৰ সিদ্ধান্তসমূহে সংঘাতৰ পৰিৱৰ্তে সম উন্নয়নৰ ধাৰণাৰে বিশ্বৰ দেশসমূহৰ ভৌগোলিক অখণ্ডতা, সাৰ্বভৌমত্ব, অৰ্থনৈতিক বিনিময়ৰ জৰিয়তে উন্নতিৰ ব্যৱস্থাৰে বিশ্বজনীন এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব৷ আনহাতে বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰখনত সন্মিলনে ঘোষণা কৰা ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ ক’ৰিডৰে উক্ত অঞ্চলৰ দেশসমূহৰ আন্তঃগাঁথনি, অৰ্থনৈতিক সমন্বয়, বাণিজ্য বৃদ্ধি, ডিজিটেল সংযোগীকৰণৰ বিষয়সমূহ সকলোধৰণে তৰান্বিত কৰিব৷ ইয়াৰ ফলত ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপৰ দেশসমূহৰ অৰ্থনৈতিক বিকাশ চল্লিশ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব বুলি ইতিমধ্যে ইউৰোপীয়ান কমিচনৰ অধ্যক্ষই প্ৰকাশ কৰিছে৷ অন্য এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি জি-২০ সন্মিলনত বিশ্ব নেতৃবৰ্গই বহনক্ষম জৈৱ ইন্ধন মৰ্চা ঘোষণা কৰি প্ৰদূষণমুক্ত বিকল্প ইন্ধনৰ বিশ্বজুৰি ব্যৱহাৰিক প্ৰয়োগ নিশ্চিত কৰাৰ ব্যৱস্থা কৰাৰ পোষকতা কৰিছে৷ সমগ্ৰ পৃথিৱীৰ পাৰিপাশ্বিৰ্কতা ৰক্ষাৰ ক্ষেত্ৰত এই সিদ্ধান্ত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব৷ বিশ্বজোৰা পাৰস্পৰিক সহযোগিতা, অৰ্থনৈতিক বিকাশ, কূটনৈতিক বুজাবুজি, পৰিৱেশ তন্ত্ৰকে ধৰি সকলোবোৰ দিশ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত জি-২০ সন্মিলনে বিশ্ব সম্প্ৰদায়লৈ এক আশাৰ বতৰা কঢ়িয়াবলৈ সক্ষম হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই মত পোষণ কৰে৷