Logo
image

যুৱতীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ! বায়েক-ভিনিহিয়েকক হত্যা যুৱকৰ

‘আমাৰ অসম’ৰ ডিব্ৰুগড় আৰু ডিকমৰ প্ৰতিবেদক, ১১ আগষ্টঃ একেটা দিনত অগা-পিছাকৈ সংঘটিত হোৱা চাৰিটাকৈ নৃশংস হত্যাকাণ্ডই জোকাৰিছে ডিব্ৰুগড়ক৷ কালি পুৱাৰ ভাগত ডিব্ৰুগড় চহৰৰ উপকণ্ঠ বকুল বাইপাছত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷ বকুল উচ্ছ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ বাইপাছত কালি পুৱা ৪.১০ বজাত এজন যুৱকৰ সৈতে একেলগে পৰি থকা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ৷ যুৱতীগৰাকী খলিহামাৰিৰ মেহেক শৰ্মা বুলি জানিব পৰা গৈছে৷ ইফালে, ঘটনাস্থলীৰ পৰা মাইজানৰ আজিজ আহমেদ নামৰ যুৱকজনক মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়৷ ইফালে, যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাক  দুৰ্ঘটনা নহয়, ই পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালৰ লোকে৷ অভিযোগ মতে নাটকীয়ভাৱে দুৰ্ঘটনাৰ ৰূপ দি আজিজ আহমেদে আঘাতপ্ৰাপ্ত হোৱাৰ অভিনয় কৰিছিল৷ আনহাতে কাষতে থকা ইন’ভা বাহনখনো কোনোধৰণৰ ক্ষয়-ক্ষতি নোহোৱাক লৈ ঘটনাটোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দৰ্ভত মেহেক শৰ্মাৰ মাতৃয়ে অভিযোগ কৰামতে, শনিবাৰে সন্ধিয়া নৈশ পাৰ্টীৰ বাবে মেহেকক চাবুৱালৈ লৈ গৈছিল আজিজে৷ কিন্তু নিশা শেষবাৰৰ বাবে মোবাইলত হোৱা কথা-বাৰ্তাত মেহেকে কান্দি কান্দি ঘৰলৈ যোৱাৰ কথা জনাইছিল মাতৃক৷ কিন্তু পুৱাৰ ভাগত কন্যাৰ মৃত্যুৰ কৰুণ খবৰটো পোৱাৰ পিছতে শোকত ভাগি পৰিছে মাতৃয়ে৷ এগৰাকী উচ্ছ শিক্ষিতা মেহেক টেট শিক্ষয়িত্ৰীও৷ মেহেকৰ মাতৃও এগৰাকী শিক্ষয়িত্ৰী৷ দীৰ্ঘদিনৰ পৰা ভয়-ভাবুকি আৰু দাবী-ধমকিৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল দুটি সন্তানৰ পিতৃ আজিজ আহমেদে৷ ছমাহ মানৰ পৰা আজিজৰে প্ৰেমৰ সম্পৰ্ক আছিল মেহেকৰ৷ আজিজৰ ভয়-ভাবুকিত শংকিত হৈ মেহেকে বাধ্যত পৰি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আজিজৰ সৈতে৷ পৰিকল্পিতভাৱে মেহেকক হত্যা কৰা বুলি অভিযোগ তোলা মাতৃয়ে আজিজ আহমেদক ফাঁচীৰ দাবী তুলিছে৷ ইফালে মেহেকৰ বাও ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ চিন থকাৰ লগতে মূৰৰ পিছৰ অংশ আৰু এটা চকুত আঘাত পোৱা স্পষ্ট হৈ পৰিছে৷ কিন্তু আজিজৰ দেহৰ কোনো এটা অংশত আঘাত পোৱাৰ চিন পোৱা নাই বুলি প্ৰকাশ কৰিছে মেহেকৰ মাতৃয়ে৷ সন্দেহ কৰা হৈছে আজিজে তেওঁৰ চলন্ত ইনভা বাহনখনৰ পৰা পেলাই দি ভৰিৰ ওপৰেৰে চলাই নিছিল গাড়ী৷ অন্যহাতে স্থানীয় লোকৰ ভাষ্য মতে তেওঁলোকে আজি পুৱাৰ ভাগত যুৱতীগৰাকীৰ চিঞৰ শুনিছিল৷ বহু সময়লৈকে স্থানীয় লোকে দুয়োৰে মাজত কাজিয়া কৰি থকাও শুনিছিল৷ ইফালে আজি ঘটনাস্থলীত ফৰেনছিকৰ দল উপস্থিত হয়৷ ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ এই ঘটনাত অভিযুক্ত আজিজ আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ 

লাহোৱালত ডাবল মাৰ্ডাৰ

মোহনবাৰী চাহ বাগিচাত সংঘটিত হোৱা ডাবল মাৰ্ডাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এজন যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে তেওঁৰ বায়েক আৰু ভিনিহীয়েকক৷ মোহনবাৰী চাহ বাগিচাৰ ১১নং লাইনত কালি নিশা সংঘটিত হয় এই ঘটনা৷ স্থানীয় লোকৰ মতে পাৰিবাৰিক কন্দলৰ পৰিণতিতে বায়েক আৰু ভিনিহীয়েকক হত্যা কৰিছিল বলোৰাম ভূঞাই৷ হাতত কোৰ আৰু কুঠাৰ লৈ নিৰ্মমভাৱে হত্যা কৰা হৈছিল বায়েক চুনমতী মূড়া [৪৫] আৰু ভিনিহীয়েক শুকৰা মূড়াক [৬০]৷ ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ অভিযুক্ত বলোৰাম ভূঞাক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে স্বামী-স্ত্ৰীৰ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত লাহোৱাল আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ 

চেঙেলীজানত পত্নীক মৰিয়াই মৰিয়াই হত্যা

চেঙেলীজান চাহ বাগিচাতো কালি নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়৷ লাঠীৰে মৰিয়াই মৰিয়াই স্বামীয়ে হত্যা কৰে পত্নী প্ৰমীলা কৰ্মকাৰক৷ কালি সন্ধিয়া ভাগৰ পৰাই পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ আছিল স্বামী বিৰ্চা কৰ্মকাৰ৷ যাৰ পৰিণতিত নিশাই প্ৰমীলা কৰ্মকাৰক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উঠিছে বিৰ্চা কৰ্মকাৰৰ বিৰুদ্ধে৷ ইফালে নিশা পত্নীক হত্যা কৰি বিছনাত শুৱাই  মৃতদেহ আগতলৈ অকণো অনুসূচনা নকৰাকৈ নৈশ আহাৰো গ্ৰহণ কৰিছিল বিৰ্চা কৰ্মকাৰে৷ পুৱা প্ৰতিৱেশীয়ে প্ৰমীলাৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ ঘটনাৰ খবৰ পোৱাৰ পিছতে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ আনহাতে হত্যাকাণ্ডৰ অভিযুক্ত বিৰ্চা কৰ্মকাৰক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে লাহোৱাল আৰক্ষীয়ে৷