Logo
image

৩ লাখ গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ছেপ্টেম্বৰঃ তিনি লাখ বিশ হাজাৰ গছপুলি বিতৰণেৰে আজি দ্বিতীয়টো বিশ্ব অভিলেখ স্থাপনৰ দিশত অগ্ৰসৰ হৈছে ৰাজ্যৰ বন বিভাগ  তথা অসম৷  চৰকাৰ শনিবাৰে খানাপাৰা খেলপথাৰত ২২.২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দীঘলীয়া স্পাইৰেল বিশ্ব অভিলেখৰ সৃষ্টিৰ পাছত দেওবাৰে পুৱা আঠ বজাৰ পৰা খানাপাৰা খেলপথাৰত গছপুলি বিতৰণৰ কাৰ্যসূচী আৰম্ভ হয়৷ ৪০টা কাউণ্টাৰৰ পৰা গছপুলিসমূহ বিতৰণ কৰা হয়৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা খানাপাৰা খেলপথাৰত উপস্থিত থাকি গছপুলি বিতৰণত ভাগ লয়৷ মুখ্যমন্ত্ৰীয়ে একাংশ শিশু আৰু মহিলাক গছপুলিৰ টোপোলা হাতত তুলি দিয়ে৷ অমৃত বৃক্ষ আন্দোলনৰ অধীনত এক কোটি বাণিজ্যিক গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হোৱা গিনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ আজি দ্বিতীয়টো বিশ্ব অভিলেখ স্থাপন হোৱাৰ মাহেন্দ্ৰ ক্ষণত ৰাজ্যখন উপনীত হয়৷ ২৪ ঘণ্টাৰ ভিতৰত ৩ লাখ ২০ হাজাৰ গছপুলি বিতৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেই অসমে দ্বিতীয়টো বিশ্ব ৰেকৰ্ড সম্পূৰ্ণ কৰিব৷ ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশত একেলগে ৭৬,৮২৪টা গছপুলি ৰোপণৰ ৰেকৰ্ড আছিল, যি ৰেকৰ্ড আজি খানাপাৰা খেলপথাৰত ভংগ কৰা হয়৷  উল্লেখ্য যে ১৪ ছেপ্টেম্বৰত অসমে তৃতীয়টো বিশ্বৰেকড কৰিব৷ ২৪ ঘণ্টাত সৰ্বাধিক গছপুলি ৰোপণেৰে সেইদিনা ওদালগুৰিত তৃতীয়টো বিশ্বৰেকৰ্ড স্থাপন হ’ব৷ ইয়াৰ পূৰ্বে ২৪ ঘণ্টাত ৮৪,৭২৭৫ জোপা গছপুলি ৰোপণৰহে বিশ্বৰেকৰ্ড আছে৷ ১৫ ছেপ্টেম্বৰত ডিব্ৰুগড়ত এঘণ্টাত সৰ্বাধিক গছপুলি ৰোপণেৰে চতুৰ্থটো বিশ্ব ৰেকৰ্ড কৰা হ’ব৷ ইয়াৰ পূৰ্বে তুৰ্কিত এঘণ্টাত ৩০৩১৫০ টা গছপুলি ৰোপণৰ ৰেকৰ্ড আছিল৷ ১৬ ছেপ্টেম্বৰত ডিগবৈত বিশ্বৰ সৰ্বাধিক বৰ্গ মিটাৰত গছপুলি ৰোপণৰ বিশ্ব ৰেকৰ্ড হ’ব৷ সেইদিনা তুৰ্কিত প্ৰতি বৰ্গ মিটাৰত গছপুলি ৰোপণৰ ৰেকৰ্ড ভংগ হ’ব৷ তুৰ্কিত প্ৰতিবৰ্গ মিটাৰত গছপুলি ৰোপণৰ ৰেকৰ্ড আছিল ২১৮২৫.৭৪ বৰ্গ মিটাৰ৷ ১৭ ছেপ্টেম্বৰত একেলগে তিনিটা গিনিজ ৰেকৰ্ড হ’ব৷ ইয়াৰে প্ৰথমটো হ’ব শিৱসাগৰত৷ ৫০ হাজাৰ লোকে সেইদিনা এঘণ্টাত সৰ্বাধিক গছপুলি ৰোপণ কৰিব৷ ইয়াৰ পূৰ্বে ভূটানত ৪৯৬৭২ জোপা গছপুলি ৰোপণৰ বিশ্বৰেকৰ্ড আছে৷ ১৭ ছেপ্টেম্বৰত অনলাইনৰ মাধ্যমেৰে আৰু এটা বিশ্ব ৰেকৰ্ড হ’ব৷ সেইটো হৈছে গছপুলি ৰোপণৰ সৰ্বাধিক ফটো এলবামৰ৷ ইয়াৰ পূৰ্বে তুৰ্কিত ৩,৮৩৭৮৩ জোপা গছপুলি ৰোপণৰ বিশ্ব ৰেকৰ্ড আছিল৷ সমান্তৰালভাৱে গছপুলি ৰোপণৰ সংকল্প লোৱাৰ ক্ষেত্ৰতো অনলাইনৰ মাধ্যমত আন এটা বিশ্ব ৰেকৰ্ড হ’ব৷ ১১ ছেপ্টেম্বৰত অনলাইনৰ দ্বাৰা বিশ্বৰ সৰ্বাধিক বৃহৎ প্ৰকৃতি সংৰক্ষণ পাঠৰ আন এক নতুন বিশ্ব ৰেকৰ্ড হ’ব৷ ইয়াত ৭৫০০ লোকে অংশগ্ৰহণ কৰিব৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদমেল অনুষ্ঠিত কৰি এই বিশ্বৰেকৰ্ডৰ সন্দৰ্ভত সৱিশেষ বাখ্যা কৰাৰ লগতে তেওঁ জানিবলৈ দিছে যে অমৃত বৃক্ষ কাৰ্যসূচীৰ অধীনত ৰোপণ কৰিবলৈ অনা ৰ কোটি গছপুলিৰ ৮০ লাখেই বহিঃৰাজ্যৰ পৰা নিবিদাৰ জৰিয়তে অনা হৈছে৷ এই গছপুলি ৰোপণৰ বাবে অনলাইনত পঞ্জীয়ন কৰা লোকসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ গছপুলি লাভ কৰিব৷ লগত এশ চকাৰ মাননীও লাভ কৰিব৷ ব্যক্তিসকলে নিজৰ বাৰীত এই গছপুলি ৰোপন কৰিব লাগিব আৰু নিজৰ ছোৱালীৰ বিয়াৰ সময়ত এই গছ কাটি কাঠৰ ফাৰ্নিচাৰ বনাব পাৰিব৷ তিনি বছৰলৈ গছপুলি জীয়াই থাকিলে পুলি ৰোপণ কৰোটাই চৰকাৰৰ পৰা আৰু দুশ টকাৰ মাননী লাভ কৰিব৷ লক্ষণীয় যে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা স্পষ্ট হয় যে অমৃত বৃক্ষ অভিযানত প্ৰকৃতি সংৰক্ষণতকৈ বাণিজ্যিক দৃষ্টিকোনত অধিক আছে৷ অৰণ্য মানৱ যাদৱ পায়েঙৰ মতে চৰকাৰে কোটি কোটি টকা খৰচ কৰি গছপুলি ৰোপণ কৰাৰ দৰকাৰ নাই৷ গছ নিজে নিজেই হ’ব, মাথো নাকাটিলেই হ’ল৷ উল্লেখ্য যে যোৱা দিন সমূহত উন্নয়নৰ নামত কেৱল গুৱাহাটী মহানগৰীতে প্ৰায় ১০ হাজাৰ গছ কাটি পেলোৱা হৈছে৷ নতুনকৈ পাণবজাৰৰ পৰা নাৰেংগীলৈ নিৰ্মাণ হ’বলগীয়া ফ্লাই অভাৰৰ বাবেও আৰু শ শ গছ কাটি পেলোৱা হ’ব৷ বিভিন্ন প্ৰকল্পৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লক্ষাধিক গছ যোৱা সময়ছোৱাত কাটি পেলোৱা হৈছে৷ ইয়াৰ পৰিণতিত প্ৰকৃতিত কেনে বিষম প্ৰভাৱ পৰিছে, সেয়া  সকলোৱে অনুভৱ কৰিছে৷ অমৃত বৃক্ষ আন্দোলনৰ নামত চৰকাৰে অসমৰ জলবায়ুৰ প্ৰতিকূল বহিঃৰাজ্যৰ পৰা আমদানি কৰা বৃক্ষ ৰোপণৰেৰে যি সেউজ অসম গঢ়াৰ পৰিকল্পনা কৰিছে, এয়া বাস্তৱত সন্মত নহ’ব বুলিও একাংশ প্ৰকৃতিবিদে মন্তব্য কৰিছে৷ খানাপাৰা খেলপথাৰত আজি বিতৰণ কৰা গছপুলিসমূহৰ একাংশ ৰোপণৰ পূৰ্বেই উৎকট গৰমত নষ্ট হৈ যোৱা বুলিও অভিযোগ উঠিছে৷