Logo
image

ঋণ মাফ নহ’ল, প্ৰতিশ্ৰুতি পাহৰিলে মুখ্যমন্ত্ৰীয়েও

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পুনৰবাৰ অসাৰ প্ৰতিপন্ন হৈছে৷ চৰকাৰী ভূমিত বছৰ বছৰ ধৰি বসবাস কৰা লোকসকলক মাটিৰ পট্টা দিম বুলি নিৰ্বাচনীত প্ৰতিশ্ৰুতি দি অৱশেষত শিলসাঁকোৰ লগতে সমগ্ৰ ৰাজ্যতে বেদখলকাৰীৰ বাসগৃহত বুলড’জাৰ  চলোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইবাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ নামতো মহিলাসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে৷ কিয়নো মাইক্ৰ’ফাইন্সেৰ ঋণ লোৱা মহিলালৈ আহিছে এতিয়া আদালতৰ চমন৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ প্ৰদানকাৰী বিত্তীয় প্ৰতিষ্ঠানসমূহে আদালতৰ জৰিয়তে একাংশ মহিলালৈ চমন প্ৰেৰণ কৰাই নহয়, জিলাই জিলাই অনুষ্ঠিত লোক আদালততো এতিয়া ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰোৱা হৈছে বহু  ঋণগ্ৰস্তা মহিলাই৷ উল্লেখ্য, বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত প্ৰতিখন প্ৰচাৰ সভাতে তেতিয়াৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকলক বিজেপি ক্ষমতালৈ আহিলে ঋণ মাফ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ সেই প্ৰতিশ্ৰুতি অনুসৰি ৰিজাৰ্ভ বেংকত ষ্টক নিলামৰ জৰিয়তে হাজাৰ কোটি টকা ঋণ লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তিনিটা পৰ্যায়ত প্ৰায় ৯ লাখ হিতাধিকাৰী মহিলাক প্ৰায় ১,৮০০ কোটি টকা ঋণৰ মাফ কৰি ৰাজকোষৰ ধন ঋণদাতা প্ৰতিষ্ঠানসমূহক আদায় দিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ এনে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পাছতো অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিয়ে ঢুকি নাপালে ৰাজ্যৰ একাংশ ঋণগ্ৰস্ত মহিলাক৷ যাৰ পৰিণতিত এতিয়া গাঁৱে গাঁৱে ঋণগ্ৰস্তা মহিলাসকলৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিয়নো ঋণ অনাদায় ধন বিচাৰি মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানসমূহে পঠাইছে আদালতৰ চমন৷ বন্ধন, আৰোহন আদি কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা বিশ্বনাথ জিলাৰ শামুকজুলি অঞ্চলৰ মহিলাই আদালতৰ চমন পোৱাত আতংকিত হৈ পৰিছে৷ মহিলাসকলৰ অভিযোগ– মুখ্যমন্ত্ৰীয়ে ঋণ পৰিশোধ কৰিব নালাগে বুলি ঘোষণা কৰাৰ বাবেহে ঋণ আদায় দিয়া নাছিলো৷ এতিয়া একেলগে সুতে মূলে হাজাৰ হাজাৰ টকা পৰিশোধ কৰাটো অসম্ভ৷ আদালতৰ চমন আহিলেও ধন দিবলৈ আমি সমৰ্থ নহয়৷ কেৱল বিশ্বনাথৰ শামুকজুলিৰ ঋণতগ্ৰস্তা মহিলাসকলেই নহয়, শনিবাৰে গোৱালপাৰাত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালততো মাইক্ৰ’ফাইন্সেৰ পৰা ঋণ লোৱা একাংশ মহিলাই ভিৰ কৰা পৰিলক্ষিত হয়৷ বাৰে বাৰে আদালতৰ পৰা লাভ কৰা চমনৰ বাবেই মাইক্ৰ’ফাইনেন্সৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য হয় বহু সংখ্যক মহিলাই৷ লোক আদালতত উপস্থিত থকা একাংশ মহিলাৰ ক্ষোভ-মুখ্যমন্ত্ৰীয়ে যদি নিৰ্বাচনত দিয়া কথা ৰাখিবই নোৱাৰে, তেনেহ’লে মিছা প্ৰতিশ্ৰুতি দি সাধাৰণ লোকৰ জীৱন জীৱিকাৰ সৈতে খেলা কৰে কিয়?