Logo
image

বিজেপিৰ বিৰুদ্ধে ক্ষোভঃ বিজেপি, ইউপিপিএলৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৰ্তমানৰ চৰকাৰ আৰু বিজেপি দলৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে সৰৱ হৈ সোমবাৰে কেইবাজনো প্রাক্তন এবছু আৰু আক্ৰাছুৰ নেতাৰ লগতে ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱানে প্রদেশ কংগ্রেছ যোগদান কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বৰ প্ৰতি সঁহাৰি জনাই ওদালগুৰি জিলাৰ বিজেপি কর্মী বিজু নাৰ্জাৰী, তামুলপুৰৰ আপৰ নেতা সুবোধ ৰাজবংশী, ইউপিপিএলৰ সাংগঠনিক সম্পাদক লালবাহাদুৰ দৈমাৰী, ৰিহণ মুছাহাৰী, লিনিয়াছ বসুমতাৰী, ছাহাবুদ্দিন আহমেদ, ৰুবী বড়ো, বিমল বর্মনকে ধৰি ভালেসংখ্যক লোকে কংগ্রেছ দলত যোগদান কৰে। কংগ্ৰেছৰ হাত শক্তিশালী কৰি বিজেপি চৰকাৰক দিল্লী আৰু দিছপুৰৰ পৰা অপসাৰিত কৰিবৰ বাবে এই নেতাকেইজনে কংগ্রেছত দলত যোগদান কৰে বুলি জানিবলৈ দিয়ে দলৰ মিডিয়া বিভাগৰ উপাধক্ষ্য বেদব্ৰত বৰাই। ইফালে আপ, অসমৰ পৰা কিছুদিন পূৰ্বে পদত্যাগ কৰা দলটোৰ মুখপাত্ৰ হেপী গগৈৰ উপৰিও বিভিন্ন দল-সংগঠনৰ প্ৰায় ৪০ জনে দেওবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।