Logo
image

মাথোঁ ২০২২ বৰ্ষত টোলগেটত ৰাইজে দিলে ৩০৯ কোটি টকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ ছেপ্টেম্বৰঃ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নামত ৰাইজে যমৰ-যাতনা ভুগিলেও হাঁহি হাঁহি আদায় দিবলগীয়া হৈছে টোলকৰ৷ নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাজতে যেন টোলকৰে কেঁকোৰা চেপা দিছে সৰ্বসাধাৰণ জনতাক৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অসম চৰকাৰে নতুনকৈ ১৮খন টোলগেট স্থাপনৰ অনুমতি দিয়াৰ সময়তে অসমৰ ৰাইজে মাত্ৰ এটা বছৰতে অভিলেখসংখ্যক টোলকৰ আদায় দিবলৈ বাধ্য হোৱাৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে  আৰটিআইৰ প্ৰশ্নোত্তৰত৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও অসমৰ ৰাইজে বিগত ২০২২ বৰ্ষত ৰাজ্যৰ ৭খন টোল গেটত ৩০৯ কোটি টকা কৰ আদায় দিছে৷ সোণাপুৰৰ গ্ল’বেল পেনডেমিক ৰেচপন্স ফৰাম নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰাকেশ হাজৰিকাই তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক কৰা প্ৰশ্নৰ উত্তৰত কতৃৰ্পক্ষই এই তথ্য প্ৰকাশ কৰিছে৷ এনএইচএআইৰ উত্তৰ-পূবৰ প্ৰকল্প সঞ্চালক অনন্ত লালে প্ৰদান কৰা আৰটিআই উত্তৰত উল্লেখ কৰা মতে অসমত বৰ্তমান ৯খন টোলগেট কাৰ্যক্ষম হৈ আছে যদিও ইয়াৰে ৭খন টোলগেটৰ পৰা ২০২২ বৰ্ষত সৰ্বমুঠ ৩০৯ কোটি টকা টোলকৰ সংগ্ৰহ কৰা হৈছে৷ আৰ টি আই তথ্য অনুসৰি ২০২২ চনৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত বাইহাটাৰ মদনপুৰ টোলগেটত সৰ্বাধিক ১০৯.৯১ কোটি টকা কৰ সংগ্ৰহ কৰা হৈছে৷ মদনপুৰ টোলগেট কাৰ্যক্ষম হৈছিল ২০২০ চনৰ জুনত৷ আনহাতে, বিগত বৰ্ষটোত সোণাপুৰৰ নাজিৰাখাত টোলগেটত ৮১.৩২ কোটি টকা, ৰহা টোলগেটত ৫২.১৪ কোটি টকা, হোজাইৰ মিকিৰআটি হাওগাঁও টোলগেটত ২৫.৮৮ কোটি টকা, নলবাৰীৰ গলিয়া টোলগেটত ৩৩.১৪ কোটি টকা, কাছাৰৰ বালাচেৰা টোলগেটত ৫.৬৮ কোটি টকা, ডিমা হাচাওৰ মান্দাৰদিছা টোলগেটত ১.৯৯ কোটি টকা টোলকৰ সংগ্ৰহ কৰে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আন এখন আৰ টি আইৰ আবেদনৰ উত্তৰত কাৰ্যক্ষমৰ দিনৰে পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত অসমত টোলগেটৰ পৰা ২৮৯.৫৫ কোটি টকা সংগ্ৰহ কৰাৰ কথা অৱগত কৰিছিল৷ সেই হিচাপত ৰাজ্যৰ ৭খন টোলগেটৰ জৰিয়তে চৰকাৰে অসমবাসীৰ পৰা অতি কমেও ৬০০ কোটি টকা কৰ সংগ্ৰহ কৰিছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ তথা মেৰামতিৰ বাবদ ৰাইজৰ পৰা প্ৰতি ৬০ কিলোমিটাৰ দূৰত্বত টোল গেটৰ জৰিয়তে কৰ সংগ্ৰহ কৰিলেও আজিৰ দিনটোত অসমৰ কোনো এটা ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা যাতায়াতৰ উপযোগী হৈ থকা নাই৷ এক কথাত আজিৰ দিনটোত ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনি অসমলৈ যাতায়াত কৰিব নোৱৰা অৱস্থা৷ আনকি ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা ইমানেই বিধবস্ত যে উজনি অসমলৈ অসম ৰাষ্ট্ৰীয় পৰিবহণ নিগমে নিজা দিবা-নৈশ দূৰণীবটীয়া বাছৰ চলাচল বন্ধ ৰাখিবলৈ বাধ্য হৈছে৷ লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই জ্জখন টোলগেটৰ উপৰি কোক্‌ৰাঝাৰৰ পাটগাঁও টোলগেট আৰু বঙাইগাঁৱৰ দাহালপাৰা টোলগেটৰ জৰিয়তেও ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰি আহিছে৷ অৱশ্যে এই ৯খন টোলগেটৰ বিপৰীতে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আন ১৮খন টোলগেট স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষই সদৰী কৰা মতে অসমত সম্প্ৰতি নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে নতুন ৫খন টোলগেটৰ৷ সেইকেইখন হৈছে দেৰগাঁৱৰ ৰঙামাটি, তেজপুৰৰ কলিয়াভোমোৰা, বিশ্বনাথ, লখিমপুৰৰ পথালি পাহাৰ আৰু বগীবিল টোলগেট৷ উক্ত টোলগেট কেইখনৰ নিবিদা প্ৰক্ৰিয়াও আৰম্ভ হৈছে৷ জাঁজী, ডিমৌতো টোলগেট নিৰ্মাণৰ কথা চিন্তা কৰিছে চৰকাৰে৷ শিৱসাগৰ-যোৰহাট সংযোগস্থল জাঁজীত নিৰ্মাণ কৰিবলগীয়া ৩৩.৮৬ কোটিটকীয়া টোলগেটখনৰ নিবিদা সোমবাৰে অন্ত পৰা বুলিও এন এইচ আই ডি চি এল কতৃৰ্পক্ষই জানিবলৈ দিছে৷ তদুপৰি অসমত আন ৯খন টোলগেটৰ নিৰ্মাণো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ কম সময়ৰ ভিতৰতে এই কেওখন টোলগেট কাৰ্যকৰী কৰিব বুলিও এন এইচ এ আই কতৃৰ্পক্ষই জানিবলৈ দিছে৷ কতৃৰ্পক্ষই লগতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ সমান্তৰালভাৱে আন ৪খন টোলগেট নিৰ্মাণ কৰা হ’ব বুলিও সদৰী কৰিছে৷ ইতিমধ্যে প্ৰস্তাৱিত এই ৪খন টোলগেটৰ স্থান চিনাক্তকৰণ সম্পূৰ্ণ হোৱা বুলিও সদৰী কৰিছে৷ অৰ্থাৎ অসমৰ শদিয়াৰ পৰা ধুবুৰী ভ্ৰমণ কৰিলে এখন বাহনে মুঠ ২৭খন টোলগেটত কৰ পৰিশোধ কৰিব লাগিব৷ নতুনকৈ মুকলি কৰিবলগীয়া প্তখন টোলগেটত দুৰ্গা পূজাৰ পাছতেই কৰ সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষই জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে বিগত পহিলা এপ্ৰিলৰ পৰা অসমত প্ৰতিখন টোলগেটতে মাচুল বৃদ্ধি পাইছিল৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে টোলটেক্স ১৫ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছিল৷