Logo
image

দিল্লীত ঋষি ছুনক-শ্বেখ হাছিনাৰ বাৰ্তালাপৰ হৃদয়স্পৰ্শী ছবি ভাইৰেল

‘আমাৰ অসম’ বিশেষ সেৱা, নতুন দিল্লী, ১২ ছেপ্টেম্বৰঃ দিল্লীৰ জি-২০ শিখৰ সন্মিলনত ভাগ লোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনক আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত হোৱা বাৰ্তালাপৰ কেতবোৰ ছবিয়ে সকলোৰে মন চুই গৈছে৷ জি-২০ শিখৰ সন্মিলনৰ মাজতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকে বাৰ্তালাপ কৰে৷ এই বাৰ্তালাপৰ সময়ত চকীত বহি থকা শ্বেখ হাছিনাৰ ওচৰত এটা আঁঠু পকাত পেলাই সন্মানৰ ভংগীত থকা দেখা যায় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছুনকক৷ শ্বেখ হাছিনাৰ চকীৰ ওচৰত তেনে ভংগীমাত বহি থকা ছুনকৰ এই ছবিখনে সকলোৰে হূদয় চুই যায়৷ ব্ৰিটেইনৰ দৰে এখন আগশাৰীৰ দেশৰ প্ৰধানমন্ত্ৰী হৈও ঋষি ছুনকে তেওঁতকৈ বয়সত বহু ডাঙৰ শ্বেখ হাছিনাক সন্মানৰ ভংগীমাৰে বাৰ্তালাপ কৰি নিজৰ সংস্কাৰৰ পৰিচয় দিয়া বুলিও নেটিজেনে মন্তব্য কৰে৷ টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামত এই ছবি ভাইৰেল হোৱাৰ পাছতে সকলোৱে ঋষি ছুনকক প্ৰশংসাৰে ওপচাই পেলায়৷ বহুতৰ মতে ‘কিছুমান ডাঙৰ মানুহৰ যে কোনো অংকাৰ ভাব নাথাকে, সেয়া ঋষি ছুনকে প্ৰমাণ কৰিলে’৷ নিজকে গৰ্বিত হিন্দু আৰু সনাতনী হিচাপে পৰিচয় দি অহা ঋষি ছুনকৰ এই কাৰ্যই সকলোকে আৱেগিক কৰি তোলে৷