বিহুৰ বিকৃত উপস্থাপন
বিহুৰ সৈতে প্ৰতিজন অসমীয়াৰ আৱেগ জড়িত হৈ আছে৷ বিহু হৈছে অসমৰ বাপতি সাহোন৷ কেৱল ভাৰতবৰ্ষতে নহয় বিশ্বৰ বিভিন্ন স্থানত বিহুগীত-নাচৰ আছে বিশেষ জনপ্ৰিয়তা আছে৷ চলিত বৰ্ষৰ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰৰ উদ্যোগত দহ হাজাৰতকৈ অধিক বিহুৱা-বিহুৱতীৰ দ্বাৰা প্ৰদৰ্শিত অভূতপূৰ্ব বিহুনাচে গীনিজ বুক অৱ ৱ’ল্ডৰ্ ৰেকৰ্ডছত স্থান পাইছিল৷ ইয়াতে উৎসাহিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই দেশৰ ৰাজধানী দিল্লীত ২৫ হাজাৰ বিহুৱা-বিহুৱতীৰ উপস্থিতিত তাতোকৈ ডাঙৰ অভিলেখ গঢ়াৰ চেষ্টা চলোৱা হ’ব বুলি ঘোষণা কৰিছিল৷ বিহুৰ লয়-তালে সকলো শ্ৰেণীৰ লোককে আকৰ্ষণ কৰে৷ সেইবাবেই ৰঙালী বিহুৰ সময়ত বহু দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে অসমলৈ৷ কিন্তু বিহুৰ বিষয়ে সম্যক জ্ঞান নথকা একাংশ লোকে বিকৃত উপস্থাপনেৰে অসমীয়াৰ স্বাভিমান এই বিহুক অপমানিত কৰাটো চৰম দুৰ্ভাগ্যজনক৷ এনে এক দুৰ্ভাগ্যজনক ঘটনাই দেখা গ’ল দেশৰ ৰাজধানী চহৰ দিল্লীত৷ জি-২০ শীৰ্ষ সন্মিলনলৈ অহা বিদেশী ৰাষ্ট্ৰপ্ৰধানক আদৰিবলৈ উদ্যোক্তাসকলে আয়োজন কৰিছিল বিহুনাচৰ৷ কিন্তু বিহুৰ নামত বিদেশী অভ্যাগতসকলক যি দেখুওৱা হ’ল, তাক দেখি অসমবাসীয়ে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিৰ সন্মুখত অসমৰ বিহু বুলি পৰিচয় কৰাই দি যি নৃত্য প্ৰদৰ্শন কৰা হৈছিল, তাক লৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে৷ এটা বিহুসুুৰীয়া গীতৰ তালত কেইগৰাকীমান যুৱতীয়ে সেইদিনা যি নৃত্য পৰিৱেশন কৰিছিল, সেয়া আছিল বিহুৰ বিকৃত উপস্থাপন, যিটো হৈছে অসমবাসীৰ বাবে চৰম অপমানৰ কথা৷ আশ্চৰ্যৰ কথাটো হৈছে যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিহুৰ এই বিকৃত উপস্থাপন দেখিও সংশ্লিষ্ট ব্যক্তি অথবা বিভাগে প্ৰতিবাদ নকৰাটো৷ অসম নহৈ আন ৰাজ্যৰ নৃত্য-গীতক এনেদৰে বিকৃতভাৱে উপস্থাপন কৰা হ’লে হয়তো তাৰ সৰৱ প্ৰতিবাদ হ’লহেঁতেন৷ কিন্তু অসমত কেইটামান সংগঠনৰ বাবে চৰকাৰী পক্ষৰ পৰা সেই বিষয়টোত প্ৰতিবাদ কৰা দেখা নগ’ল৷ কেৱল অসমৰ সাংস্কৃতিক সঞ্চালকায়ৰ ফালৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হ’ল যে নৃত্য পৰিৱেশন কৰা দলটো তেওঁলোকে পঠিওৱা নাছিল৷ আনকি দলটো কোন অঞ্চলৰ আৰু তেওঁলোকক কোনে নিৰ্বাচন কৰিছিল সেই বিষয়েও সাংস্কৃতিক সঞ্চালকালয় অৱগত নহয়৷ যদি বিদেশী অতিথিসকলক অসমৰ বিহুৰ সৈতে পৰিচয় কৰাই দিয়াৰেই উদ্দেশ্য আছিল, তেন্তে তাৰ দায়িত্ব কোনো অভিজ্ঞ ব্যক্তিক দিয়া নহ’ল কিয়? যিখন জি-২০ শীৰ্ষ সন্মিলনৰ নামত প্ৰায় ৫,০০০ কোটি টকা খৰচ কৰা হৈছে, তালৈ অসমৰ পৰা বিহুৱতীক আমন্ত্ৰণ জনাব পৰা নগ’লহেঁতেন নেকি?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জি-২০ শীৰ্ষ সন্মিলন সমাপ্ত হোৱাৰ পাছত এই বিষয়ে আলোচনা কৰা হ’ব৷ বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ পৰিকল্পনাৰ বিষয়ে সততে উল্লেখ কৰা মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত ইতিবাচক পদক্ষেপ লোৱাটো বিচাৰিছে প্ৰতিজন অসমীয়াই৷ বিহুৱে অসমক দিছে এক সুকীয় পৰিচয়৷ সেয়েহে বিহুক লৈ ব্যৱসায় কৰা অথবা বিহুক অপমান কৰাটো কোনো অসমীয়াই সহ্য নকৰে৷ জি-২০ শীৰ্ষ সন্মিলনেই নহয়, ইয়াৰ পূৰ্বেও একাধিকবাৰ অসমৰ বাহিৰত বিহুনাচক বিকৃত কৰাৰ উদাহৰণ আছে৷ বিহুক দেশৰ আন ৰাজ্যৰ লগতে বিদেশী লোকৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰচেষ্টাক সকলোৱে আদৰণি জনাব৷ কিন্তু হ’ব লাগিব বিহুৰ প্ৰকৃত উপস্থাপন৷ বিজতৰীয়া বিহু নহয়৷ এইক্ষেত্ৰত সকলো স্তৰৰ পৰাই প্ৰতিবাদ হ’ব লাগিব আৰু চৰকাৰীভাৱে আয়োজিত অনুষ্ঠানত যাতে ভৱিষ্যতলৈ বিহুক বিকৃত কৰা নহয়, তাৰ ব্যৱস্থা ল’ব লাগিব অসম চৰকাৰে৷






