Logo
image

বজালী জিলা গঠন প্ৰক্ৰিয়া স্থগিত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ২৫ আগষ্টত অনুষ্ঠিত ড॰ শৰ্মা চৰকাৰৰ ১০০ সংখ্যক কেবিনেট বৈঠকত বজালী জিলাক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিল৷ বজালী, ভবানীপুৰ আৰু সৰভোগক লৈ বজালী জিলা গঠন কৰাৰো সিদ্ধান্ত লোৱা হৈছিল কেবিনেট বৈঠকত৷ কিন্তু ৰহস্যজনকভাৱে মঙলবাৰে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা ৰাজ্যপালৰ এক অধিসূচনাত বজালীক সদৰ বিহীন উপ-জিলা হিচাপে ঘোষণা কৰা হয়৷ ই বৰপেটা জিলাৰ অন্তৰ্ভুক্ত হৈ থাকিব৷ এই অধিসূচনা অনুসৰি বজালীকে ধৰি বৰপেটা জিলাৰ মুঠ ৫টা সদৰ বিহীন উপ জিলা থাকিব৷ উল্লেখ্য যে সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যপালে ৭৯ খন মহকুমা গঠনত অনুমোদন জনাইছে৷ এই মহকুমা বিলাক   উপ জিলা হিচাপে পৰিচিত হ’ব৷ সেই সূত্ৰে এতিয়াৰে পৰা বজালী উপ জিলা হিচাপে চিহ্নিত হ’ব৷ পূৰ্বতে ঘোষণা কৰা অনুসৰি এজন অতিৰিক্ত উপায়ুক্তক উপ জিলাৰ দায়িত্ব দিয়া হ’ব আৰু তেওঁক উপায়ুক্ত হিচাপে জনা যাব৷ ২৫ আগষ্টৰ কেবিনেট বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বজালী জিলাৰ পুনৰ গঠন সন্দৰ্ভত মত প্ৰকাশ কৰি কৈছিল যোৱা বছৰত ৩১ ডিচেম্বৰৰ দিনা অসমৰ চাৰিখন জিলা বিলুপ্ত কৰা হৈছিল৷ সেইদিনা ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে নিৰ্ধাৰিত সময়ত জিলা কেইখনৰ পুনৰ গঠন কৰা হ’ব৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা কেইখনৰ কায়িক পৰিৱেশ আগৰ দৰে নহ’ব৷ আগতকৈ পৰিৱৰ্তন হ’ব৷ নৱগঠিত বজালী ভবানীপুৰ আৰু সৰভোগ সমষ্টিক সংলগ্ন কৰি বজালী জিলা গঠন কৰা হৈছে৷ ভবানীপুৰ-সৰভোগ এটা সমষ্টিৰ নাম৷ বজালী আন এটা সমষ্টিৰ নাম৷ এই দুটা সমষ্টি লগলগাই এখন নতুন জিলা গঠন কৰা হৈছে৷ কেবিনেটত বজালীৰ উপৰিও হোজাই, তামুলপুৰ আৰু বিশ্বনাথক নতুন জিলা হিচাপে গঠনৰ সিদ্ধান্ত লোৱা হৈছিল৷ আজিৰ অধিসূচনা বজালীক উপ-জিলাৰ মৰ্যদা দিয়াৰ বিপৰীতে হোজাই আৰু বিশ্বনাথক জিলাৰ মৰ্যদা দিয়া হৈছে৷ শেহতীয়াভাৱে বজালী জিলা গঠনৰ নামত বৰপেটা জিলাক অংগচ্ছেদ কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হয়৷ আছু, বৰপেটা সত্ৰ আদিয়ে মুকলিভাৱে বৰপেটা জিলাক দ্বিখণ্ডিত কৰা কাৰ্যৰ মুকলি বিৰোধিতা কৰে৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰৰ সৈতে আলোচনাতো বহে৷ কিন্তু আজিৰ চৰকাৰী অধিসূচনাই ক্ষোভিত কৰি তুলিছে বজালীবাসীক৷