Logo
image

ৰাজ্যত ২৪৩ দিনত ৬৩৯টা ধৰ্ষণ, ৬৪৩টা হত্যাকাণ্ড

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ ছেপ্টেম্বৰঃ স্মাৰ্ট অসম আৰক্ষীৰ এনকাউণ্টাৰৰ পৰাও শিক্ষা লোৱা নাই ধৰ্ষণকাৰীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাছতেই কঠোৰ স্থিতি গ্ৰহণ কৰি ধৰ্ষণকাৰীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলীবিদ্ধ কৰাই নহয়, কেইবাটাও বলাৎকাৰী এনকাউণ্টাৰত গুলীবিদ্ধ হৈ মৃত্যুও হৈছে৷ আৰক্ষীয়ে বলাৎকাৰীৰ প্ৰতি এনে নিৰ্দয় স্থিতি গ্ৰহণ কৰাৰ পাছতো ৰাজ্যত অলপো হ্ৰাস পোৱা নাই ধৰ্ষণৰ ঘটনা৷ শুনিলে আচৰিত যেন লাগিলেও এইখন অসমত দৈনিক গড়ে প্ৰায় ৩টাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷ বৃদ্ধৰ কামনাৰ পৰা ৰেহাই পোৱা নাই ফুলকুমলীয়া দেৱশিশুয়েও৷ অসম বিধানসভাত গৃহ বিভাগে সদৰী কৰা অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত অৰ্থাৎ বিগত ২৪৩ টা দিনত অসমত ৬৩৯ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে বিভিন্ন থানাত৷ কেৱল ধৰ্ষণৰ ঘটনাই নহয়, অসমত হত্যাকাণ্ডৰ ঘটনাও অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ অসম বিধানসভাত গৃহ বিভাগৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ আগষ্ট পৰ্যন্ত অসমত ৬৪৩টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে৷ একেদৰে এই সময়ছোৱাত ৪২ টা ডকাইটিৰ ঘটনাও সংঘটিত হৈছে৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আঢ়ৈ বছৰীয়া কাৰ্যকালত অসম আৰক্ষীয়ে ৩৯০ জন লোকক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে৷ উগ্ৰপন্থী কাৰ্যকলাপৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাক লৈ বিভিন্ন অভিযোগত বিগত দুবছৰ প্ত মাহত ৰাষ্ট্ৰদ্ৰোহৰ ধাৰাত গ্ৰেপ্তাৰ কৰিছে ৩৯০ জন লোকক৷ ইয়াৰ ভিতৰত কোকৰাঝাৰত সৰ্বাধিক ৫২ জন, ওদালগুৰিত ৪৩ জন, ডিমা হাছাওত ৪০ জন, বৰপেটাত ৩৮ জন, তিনিচুকীয়াত ৩০ জন আৰু বাগ্‌সাত ২৯ জন লোকক ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে৷ লক্ষণীয়ভাৱে বিগত প্ত বছৰত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে ৰুজু কৰা ১১ টা গোচৰত গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা ৩৬ জন লোকক নিৰ্দোষী ঘোষণা কৰিছে আদালতে৷ আনহাতে, বিগত প্ত বছৰত বাল্য বিবাহজনিত গোচৰত ৩,৯০৭জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ইয়াৰে ৩,৩১৯জনৰ বিৰুদ্ধে পক্‌ছ’ ধাৰা আৰোপ কৰা হৈছে৷