Logo
image

এবছৰত মুখ্যমন্ত্ৰীৰ আকাশী যাত্ৰাত ব্যয় ৩৪.১৩ কোটি টকা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ছেপ্টেম্বৰঃ ‘মুখ্যমন্ত্ৰীৰ বাবে হেলিকপ্টাৰ আৰু চাটাৰ্ড বিমান [এয়াৰ ক্ৰাফট] ব্যৱহাৰ কৰাৰ বাবে ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজকোষৰ পৰা সৰ্বমুঠ ৩৪ কোটি ১৩ লাখ ৪২ হাজাৰ ৩০৩ টকা খৰচ হৈছে৷’–বিধানসভাৰ এক তৰা বিহীন প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰিছে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাৰ এক তৰাবিহীন প্ৰশ্নৰ এক লিখিত উত্তৰ মন্ত্ৰী দাসে কয় যে হেলিকপ্টাৰ আৰু চাটাৰ্ড বিমান [এয়াৰ ক্ৰাফট] ভাড়া কৰাৰ বাবদ মুঠ ৩৪,১৩,৪২,৩০৩.০০ টকা খৰচ কৰা হৈছে৷ চিএম সচিবালয়ৰ পত্ৰ নং CMS(A)৫৩/২০২৩/৩Dtd৮/০৯/২০২৩ যোগে জনাইছে যে ২০২২-২৩ বিত্তীয় বৰ্ষত বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এই হেলিকপ্টাৰ আৰু চাটাৰ্ড বিমান [এয়াৰ ক্ৰাফট] ভাড়া কৰা হৈছিল৷ ভাড়া কৰা হেলিকপ্তাৰ আৰু চাটাৰ্ড বিমান ব্যৱহাৰ কৰা চৰকাৰী কাৰ্যসূচীৰ  সবিশেষ www.alaession.org ত আপলোড কৰা বুলি উল্লেখ কৰা হৈছে৷ তদুপৰি ২০১৮-১৯,  ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ হেলিকপ্টাৰ আৰু চাটাৰ্ড বিমান ব্যৱহাৰৰ সৱিশেষো একেটা ৱেবছাইটত আপলোড কৰা হৈছে৷ সেই অনুসৰি ২০১৮-১৯ বৰ্ষত হেলিকপ্তাৰ আৰু চাটাৰ্ড বিমান ব্যৱহাৰ কৰাত ১৩,১০৪৪,৫৫৬ টকা খৰচ হৈছিল৷ ২০১৯-২০ বৰ্ষত ১৬০,৯০৬,৯৫৭ টকা, ২০২০-২১ বৰ্ষত ২৫,০৫,৭০০৩৬ টকা, ২০২১-২২ বৰ্ষত ১৯,৭১,৪২,৬০১ টকা খৰচ হৈছিল৷