Logo
image

১.০২ লাখ কোটি টকা ধাৰ অসমৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ছেপ্টেম্বৰঃ অসম চৰকাৰে ২০১২-১৩ বৰ্ষৰ পৰা ১০টা বছৰত ঋণ হিচাপে লৈছে ১,০১,৯৯৬.৯৫ কোটি টকা৷ এইখিনি সময়ত কেৱল সূদৰ বাবদ চৰকাৰখনে আদায় দিবলগীয়া হৈছে ৩৪,৯৬৮.৫ কোটি টকা৷ বিধায়ক আমিনুল ইছলামৰ তৰাযুক্ত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে৷ বিত্তমন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰা তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈ ঋণৰ পৰিমাণ ৮৩,১৬৯.০৪ কোটি  টকা৷ অৰ্থাৎ দহ বছৰৰ ভিতৰত বিজেপি শাসিত চৰকাৰে ঋণ লৈছে প্ৰায় ৮২ শতাংশ৷ ২০২১-২২ বিত্তীয় বৰ্ষৰ মহাগাণনিক, অসমৰ তথ্য অনুসৰি ২০২২ বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত ৰাজ্যখনৰ ওপৰত থকা ঋণৰ বোজা ৯৪,৭১২ কোটি টকা৷ চৰ্ত অনুসৰি ঋণসমূহ পৰিশোধ কৰি থকা বুলি সদনক অৱগত কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে৷ আনহাতে, বিধায়ক ৰকিবুদ্দিন আহমেদে সোধা এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে সদনক জনায় যে ২০২০-২১ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ তিনিটা বছৰত কেৱল অৰুণোদয় আঁচনিৰ নামত ব্যয় কৰা হৈছে ৫১৭৬.৭৯ কোটি টকা৷ ২০২০-২১ বৰ্ষত উক্ত আঁচনিত ৮৫০.২২ কোটি টকা, ২০২১-২২ বৰ্ষত ১,৮২৫.৫৩ কোটি টকা আৰু ২,৫০১.০৪ কোটি টকা৷ ২০২২-২৩ বৰ্ষৰ তথ্য প্ৰভিজনেল৷ প্ৰকৃত তথ্য আৰু বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত৷