Logo
image

আমি জানি-শুনি বিহ কৰিছোঁ পান...

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ ছেপ্টেম্বৰঃ আপুনি বাৰু পাণ মচলা বা গুট্‌খাৰ প্ৰতি আসক্ত নেকি? যদিহে শিখৰ, ৰজনীগন্ধা, বিমল কমলা পচন্দ, ছিগনেচাৰ, ৰাজ-নিৱাছ, গ’ল্ড লাইন আদি পাণ মচলা সেৱনৰ বদ অভ্যাস আছে তেনেহ’লে আজিয়েই সেই অভ্যাস ত্যাগ কৰক৷ কিয়নো বজাৰত উপলব্ধ গুট্‌খা-পাণ মচলাই আপোনাৰ প্ৰাণ কাঢ়ি নিব পাৰে৷ বিমল, ৰজনীগন্ধা, কমলা পচন্দ, শিখৰ ইত্যাদি পাণ মচলাত মিহলি কৰা হৈছে মাৰাত্মক মেগনেছিয়াম কাৰ্বনেট৷ ৰাজ্যৰ বজাৰত উপলব্ধ মুঠ ৪৩টা ব্ৰেণ্ডৰ পাণ মচলাত বিষাক্ত মেগনেছিয়াম কাৰ্বনেট ধৰা পৰিছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰুজু হোৱা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই খোদ পাণ মচলাত মাৰাত্মক মেগনেছিয়াম কাৰ্বনেট মিহলি থকাৰ কথা স্বীকাৰ কৰিছে৷ ৰাজ্য চৰকাৰৰ এই স্বীকাৰোক্তিৰ পাছতেই মঙলবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে পাণ মচলা উৎপাদনকাৰী ৬টা প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰে৷ উদ্বেগজনক বিষয়টো হৈছে স্বাস্থ্য বিভাগৰ তথ্য মতে মেগনেছিয়াম কাৰ্বনেট অৰ্থাৎ Mgco3 ৰ ফলত মানুহৰ হূদৰোগ আৰু দুৰাৰোগ্য কৰ্কট ৰোগৰ প্ৰৱণতা ৯০ শতাংশ বৃদ্ধি কৰে৷ ইতিমধ্যে গুট্‌খা সেৱনৰ ফলত মুখগহ্বৰৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বহু উদাহৰণ আছে৷ কিন্তু ইয়াৰ পাছতো দিছপুৰক মেনেজ কৰি ৰাজ্যৰ যুৱ-প্ৰজন্মক পাণ মচলাৰ নামত বৰবিহ সেৱন কৰিবলৈ বাধ্য কৰোৱাইছে পুঁজিপতি কোম্পানীসমূহে৷ এনে বিষাক্ত পাণ মচলা তথা গুট্‌খা নিষিদ্ধ কৰাৰ আৰ্জিৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰুজু হোৱা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ ৰায়ত চৰকাৰক গুট্‌খা উৎপাদনকাৰী প্ৰাণনাশী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে৷ ইয়াৰ পাছতো ৰহস্যজনক কাৰণত চৰকাৰে বছৰৰ পাছত বছৰ ধৰি কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ গুৱাহাটী উচ্ছ ন্যায়ালয়ে জবাবদিহি কৰিছে চৰকাৰক৷ এই গোচৰটোৰ শুনানিত মঙলবাৰে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই পাণ মচলাত মেগনেছিয়াম কাৰ্বনেট উপলব্ধ থকাৰ কথা স্বীকাৰ কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে পাণ মচলা প্ৰস্তুতকাৰী ৬টা প্ৰতিষ্ঠানলৈ জাননী প্ৰেৰণ কৰাৰ লগতে এনে মেগনেছিয়াম কাৰ্বনেটযুক্ত পাণ মচলাৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে এসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈও নিৰ্দেশ দিয়ে৷ এই শুনানিত ৰজনীগন্ধা পাণ মচলা প্ৰস্তুতকাৰী ধৰমপাল সত্যপাল গ্ৰুপৰ অধিবক্তাও উপস্থিত থকা দেখা যায়৷