Logo
image

বিশ্বমঞ্চত উজলিছে প্ৰবাসী অসমীয়া

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ ছেপ্টেম্বৰঃ মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ হোৱাৰ সময়ত স্থান লাভ কৰাসকলক লৈ চৰ্চা হোৱাৰ সময়ত প্ৰায়ে এটা প্ৰশ্ন উত্থাপন হয়– ইমান দিনে মেট্ৰিকত ষ্টেণ্ড কৰা সকল এতিয়া ক’ত আছে৷  অসময়ত হ’লেও সেইটো প্ৰশ্নৰ এটা যথাযথ উত্তৰ ওলাইছে, ভাস্কৰ ডেকাৰ জৰিয়তে৷ কিয়নো মেট্ৰিকত তৃতীয় স্থান লাভ কৰা গুৱাহাটীৰ পূৱ শৰণীয়াৰ ভাস্কৰ ডেকাই বিশ্বৰ শীৰ্ষৰ ১০০জন প্ৰভাৱশালী প্ৰযুক্তিবিদৰ মাজত স্থান লাভ কৰিছে৷ প্ৰখ্যাত মাৰ্কিন প্ৰকাশন সংস্থা, ‘হিউমেন ৰিছ’ৰ্ছ এক্সিকিউটিভে’ মঙলবাৰে প্ৰকাশ কৰা এই সন্মানীয় তালিকাত ছিলিকন ভেলীত কৰ্মৰত অসমৰ সু-সন্তানজনে স্থান লাভ কৰিছে৷ প্ৰত্যেক বছৰে প্ৰকাশ কৰা এই তালিকাত অন্তৰ্ভুক্ত হোৱা প্ৰযুক্তিবিদসকল গুগল, অৰেকল, ডিজনী, ফেচবুক, এছ এ পি ইত্যাদি কোম্পানীত কৰ্মৰত৷ ভাস্কৰ ডেকা সম্প্ৰতি ‘কণ্টেষ্ট’ন অন ডিমাণ্ড’ কোম্পানীৰ গ্ল’বেল ভাইচ প্ৰেচিডেণ্ট আৰু জেনেৰেল মেনেজাৰ হিচাপে কৰ্মৰত৷ পূব শৰণীয়াৰ প্ৰয়াত ৰাজেন্দ্ৰ ডেকা আৰু মৃণালিনী ডেকাৰ পুত্ৰ ভাস্কৰ ডেকাই কটন কলেজিয়েট স্কুলৰ পৰা মেট্ৰিকত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছিল আৰু অন্যন্য সহপাঠীৰ সৈতে অংক, বিজ্ঞান, আৰু অসমীয়াত সৰ্বোচ্ছ নম্বৰ লাভ কৰিছিল৷ ১৯৯৫ চনত তেওঁ আমেৰিকালৈ যায়৷ ভাস্কৰ ডেকাই অৰ্জন কৰা এই কৃতিত্বই অসমবাসীক গৌৰৱান্বিত কৰিছে৷ একে সময়তে মেট্ৰিকৰ ফলাফল ওলোৱাৰ সময়ত উত্থাপিত অবোধ প্ৰশ্নটোৰো যথাযথ উত্তৰ দিছে ভাস্কৰ ডেকাই তেওঁ এই কৃতকাৰ্যতাৰে৷ অহা মাহৰ দ্বিতীয় সপ্তাহত তালিকাত স্থান লাভ কৰা সকলক লাছ ভেগাছত পুৰস্কৃত কৰা হ’ব৷