Logo
image

‘কেছ ফৰ জব’ অস্বীকাৰ মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ছেপ্টেম্বৰঃ ‘ৰাজ্য চৰকাৰৰ ৮৭ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তিত ক’তো কেছ ফৰ জব বা ধনৰ লেনদেন হোৱা নাই৷ চাকৰি পোৱাৰ কাৰণে ক’তো কেলেংকাৰি হোৱা নাই৷ চাকৰি নোপোৱাৰ বাবে যি কেলেংকাৰি হৈছে, ইয়াৰ তদন্ত অব্যাহত থাকিব৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য, কালি সদনত কেছ ফৰ জবৰ প্ৰসংগ উত্থাপন কৰে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম আৰু কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই৷ দুয়োগৰাকী বিধায়কে কেলেংকাৰিৰ তদন্ত  চিবিআইক অৰ্পণৰ দাবী তুলিছিল৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও একেটা বিষয়ত চৰকাৰক কালি জবাবদিহি কৰে৷ ইয়াৰ উত্তৰ দি সদনত মুখ্যমন্ত্ৰীয়ে কয় যে নিযুক্তি পোৱা ৮৭হাজাৰ ল’ৰা-ছোৱালীৰ মাজত কোনোবাই ধন লৈ চাকৰি পাইছে নেকি দেখুৱাই দিয়ক৷ ৮৭ হাজাৰৰ ভিতৰত মাত্ৰ এজন যুৱক বা যুৱতীৰ নাম প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে যদি ইয়াৰ ভিতৰত এজনো ধন লোৱা নিযুক্তিপ্ৰাপক ওলাই তেন্তে গোচৰটো চিবিআইক অৰ্পণ কৰা হ’ব৷ চিবিআইক গোচৰটো দিবলৈ নিৰ্দিষ্ট তথ্য প্ৰমাণ লাগিব৷ ল’ৰা-ছোৱালীবিলাকে ইমান কষ্ট কৰি পঢ়ি-শুনি চাকৰি পাইছে তেওঁলোকক সন্দেহ কৰাটো ভুল৷ দৌৰি দৌৰি পুলিচত চাকৰি পাইছে৷ চাকৰিত ক’তো কেলেংকাৰি হোৱা নাই৷ বাজপেয়ী ভৱন, ৰাজীৱ ভৱন যিয়েই নহওক কোনেও এতিয়া চাকৰিৰ নামত কেলেংকাৰি কৰিব নোৱাৰে৷ এতিয়া আকৌ ২২ হাজাৰ চাকৰি ওলাব৷ তাতো এচাম মানুহে ঘৰে ঘৰে টকা তুলিবলৈ যাব পাৰে৷ কিন্তু ৰাইজ সাৱধান হ’ব লাগিব৷ এতিয়া আৰু ‘কেছ ফৰ জব’ৰ দিন নাই৷