Logo
image

চজিনা পাতৰ চাহ খালেও পাব অনেক উপকাৰ

চজিনাৰ পাতত আছে প্ৰচুৰ পৰিমাণে ঔষধি গুণ৷ আয়ৰন, কেলচিয়াম, পটাছিয়াম, মেগনেচিয়াম, ফলিক এচিড, ফছফৰাছ, ভিটামিন চি, ভিটামিন বি৬, ভিটামিন এ, ভিটামিন ই আদি প্ৰচুৰ মাত্ৰাত  চজিনা পাতত পোৱা যায়৷ তদুপৰি ই এণ্টি অক্সিডেণ্ট, এণ্টি বেক্টেৰিয়েল, এণ্টি ইনফ্লেমটৰি আদি গুণেৰে ভৰপূৰ৷ 

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ চজিনা পাতৰ চাহ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ তদুপৰি  চজিনা চাহ খালে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ 

মধুমেহ ৰোগৰ বাবে উত্তমঃ চজিনা পাতত থকা ইনচুলিনে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে বাবে মধুমেহ ৰোগীয়ে খাব লাগে৷  চৰ্দি, জ্বৰ, ভাইৰেল সংক্ৰমণ আদি সমস্যা লাঘৱ কৰে৷ 

হজম শক্তি বৃদ্ধিঃ পেটৰ বিভিন্ন সমস্যা লাঘৱ কৰে৷ হজম শক্তি বৃদ্ধি কৰে৷ কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগাৰ লোকৰ বাবে ই লাভদায়ক৷ 

হিমগ্লবিন বৃদ্ধিত সহায়ঃ চজিনাত প্ৰচুৰ পৰিমাণে আয়ৰন আছে বাবে ৰক্তহীনতাত ভুগি থকা লোকে খালে সু-ফল পাব৷

হৃদ ৰোগৰ আশংকা হ্ৰাসঃ চজিনা পাতে বেয়া কলেষ্ট্ৰৰেল বাহিৰ কৰে যাৰ বাবে হৃদ ৰোগৰ আশংকা হ্ৰাস পায়৷ 

কেন্সাৰৰ কোষসমূহ ধবংস কৰেঃ চজিনাত থকা গুণে কেন্সাৰ কোষ হোৱাত বাধা দিয়ে৷ 

মগজু সক্ৰিয় কৰি ৰাখেঃ নিয়মিতভাবে চজিনা চাহ খাই থাকিলে মগজু সক্ৰিয় হৈ থাকে৷ 

হাড় শক্তিশালী কৰেঃ চজিনা পাতৰ চাহ খালে  হাড়, মাংসপেশী মজবুত কৰি ৰখাত ই সহায় কৰে৷ সেইবাবে উঠি অহা ল’ৰা-ছোৱালীক চজিনা পাতৰ ৰস খুওৱাব লাগে৷ 

লিভাৰ ভালে ৰাখেঃ চজিনা পাতৰ ৰস খালে লিভাৰ ভালে থাকে৷ সেয়ে চজিনাৰ পাতৰ চাহ নিয়মীয়াকৈ খাব লাগে৷ 

সংক্ৰমণ দূৰ হয়ঃ চজিনা পাতৰ ৰসৰ লগত তিয়ঁহৰ ৰস মিলাই খালে প্ৰস্ৰাৱৰ সংক্ৰমণ দূৰ হয়৷ 

দাঁত বিষ উপশমঃ দাঁতৰ বিষ, পায়েৰীয়া আদিত চজিনা পাত পানীত সিজাই ঠাণ্ডা কৰি সেই পানীৰে কুলকুলাব লাগে৷ তেতিয়া দাঁতৰ বিষৰ পৰা উপশম পোৱাৰ উপৰি পায়েৰীয়া সমস্যাৰ পৰা হাত সাৰিব পাৰি৷

মুখৰ উজ্বলতাত বৃদ্ধিত সহায়ঃ চজিনাৰ পাত বটি বা শুকান গুড়ি গোলাপজলৰ লগত সানিলে মুখৰ ক’লা দাগ, শালমন, ৰ’দে পোৰা দাগ আদি নাইকিয়া হয়৷ মুখলৈ উজ্জ্বলতা আনে৷ তদুপৰি চজিনা পাতৰ ৰসেৰে চুলি ধুলে বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ কৃমি হ’লে চজিনা পাতৰ ৰস খাব লাগে৷