Logo
image

পুনৰ্মূষিকো ভব! জিলা কৰ্তনক লৈ উত্তাল বজালী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু বজালীৰ প্ৰতিবেদক, ১৪ ছেপ্টেম্বৰঃ জিলা, উপ-জিলা গঠনক লৈ চলিছে নেকি বিভেদৰ ৰাজনীতি? জিলা, উপ-জিলা গঠনৰ জৰিয়তে ৰাজ্যবাসীক মূল সমস্যাৰ পৰা আঁতৰাই ৰখা হৈছে নেকি– তাক লৈ প্ৰশ্নৰ উদয় হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ২৫ আগষ্টত ড॰ শৰ্মা চৰকাৰৰ ১০০সংখ্যক কেবিনেটত পূৰ্ণাংগ জিলাৰূপে ঘোষণা কৰা বজালীক শেহতীয়াভাৱে উপ-জিলাৰূপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এনে প্ৰশ্নৰ উদয় হৈছে৷ বজালীক জিলাৰূপে এবাৰ দিয়া-এবাৰ নিয়া কাৰ্যক ‘পুনৰ্মূষিকো ভব’ বুলি চৰ্চা হৈছে সমগ্ৰ ৰাজ্যত৷ ইতিমধ্যে বজালী জিলা কৰ্তনক লৈ কদোৰ বাহত জুই দিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ বজালী অঞ্চলত৷ সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ এই সিদ্ধান্তক টোগলকী কাণ্ড আখ্যা দিয়াৰ সমান্তৰালভাৱে যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ বজালী জিলা কৰ্তনক লৈ খং ক্ষোভত প্ৰতিবাদৰে উত্তাল হৈ পৰে বৃহত্তৰ বজালী৷ ৰাজ্য চৰকাৰে বজালী জিলা কৰ্তনৰ বিৰুদ্ধে লোৱা সিদ্ধান্তত প্ৰতিবাদমুখৰ হৈ পৰিল বজালীৰ সৰ্বত্ৰ ৰাইজ৷

উল্লেখ্য, শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনাত ৰাজ্যখনৰ ৭৯খন উপ জিলাৰ ভিতৰত বজালীৰো নাম থকাটো প্ৰত্যক্ষ কৰি ৰাজ্য চৰকাৰৰ মিথ্যাচাৰিতাক বিভিন্ন প্ৰতিবাদী কথাৰে ছ'চিয়েল মিডিয়া ফেচবুক, হোৱাটচ এপ আদি ভৰাই পেলোৱাৰ ঘটনাই প্ৰমাণ কৰিলে বজালী ৰাইজৰ খং ক্ষোভ আৰু অভিমানৰ কথা৷ নিশাই পাঠশালা আঞ্চলিক ছাত্ৰসন্থাৰ লগতে অন্যান্যাসকলে ওলাই আহি পাঠশালা নগৰৰ চাৰিআলিত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত এই খং, ক্ষোভ আৰু অভিমানৰ বৰ্হিপ্ৰকাশ ঘটিল৷ পুৱাৰ ভাগতে পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণত কেবাশ ক্ষোভিত ৰাইজ উপস্থিত হৈ বিভিন্ন প্ৰতিবাদী কথা আৰু বক্তব্যৰে ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত আৰু মিথ্যাচাৰী চৰিত্ৰৰ বিৰুদ্ধে গৰজি উঠে৷ বজালী জিলা সুৰক্ষা মঞ্চ, পাঠশালা বজাৰ কমিটি, পাঠশালা চেম্বাৰ্চ অফ কৰ্মাচ, আছু, যুৱছাত্ৰ পৰিষদ, বজালী জিলা কংগ্ৰেছ, অসম গণ পৰিষদৰ বজালী জিলা সমিতিকে ধৰি বিভিন্ন সংগঠন আৰু ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতে প্ৰতিবাদী দল-সংগঠন ৰাইজে পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক মৃদুল তালুকদাৰ, যুৱ ছাত্ৰ নেতা বিজন বায়ন, মণ্টু শৰ্মা, আছুৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা সমুদ্ৰ পাটগিৰী, পাঠশালা বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰ, বজাৰ কমিটিৰ প্ৰাক্তন সম্পাদক গিৰিশ পাটগিৰী, কুশল ৰয়ক্‌ ধৰি কেবাশতাধিক প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কেবিনেট মন্ত্ৰী ৰণজিৎ দাস মুৰ্দাবাদ, ৰণজিৎ দাসৰ কাম নাই, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি হায় হায়, বজালীক জিলা লাগিবই আদি ধবনিৰে উত্তাল কৰি তোলে৷ পথ অৱৰোধ কাৰ্যসূচীৰ ফলত প্ৰায় ডেৰঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাই পথত যান জঁটৰ সৃষ্টি হৈ এক এক অৱৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হয়৷ প্ৰতিবাদস্থলীত প্ৰাক্তন আছু নেতা সমুদ্ৰ পাটগিৰিয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এয়া কয়– এয়া সম্পূৰ্ণৰূপে এক টোঘলকী কাৰ্য আৰু এই কাৰ্যৰ বিৰুদ্ধে অনাগত দিনত বজালীবাসীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব৷ আনহাতে যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা বিজন বায়ন আৰু মৃদুল তালুকদাৰ আৰু কমল কুমাৰ মেধিয়ে ৰাজ্য চৰকাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি অতি সোনকালে বজালীক জিলাৰ মৰ্যাদা প্ৰদান নকৰিলে জিলাখনত মন্ত্ৰী বিধায়কৰ প্ৰবেশ নিষিদ্ধ কৰা হ’ব বুলি জানিবলৈ দি বজালীক বঞ্চনা কৰাৰ প্ৰতিবাদত কাইলৈৰ পৰা ধাৰাবাহিক আন্দোলন কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ নেতা দুজনে বজালীক জিলাৰ মৰ্যাদা নিদিয়া পৰ্যন্ত বজালীত আন্দোলন চলি থাকিব বুলি প্ৰকাশ কৰে৷ আনহাতে পৰিস্থিতি অধিক অৱনতি ঘটাত যুৱ ছাত্ৰ নেতা মৃদুল তালুকদাৰ, বিজন বায়ন আৰু কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক কুশল ৰয়ক আৰক্ষীয়ে আটক কৰি পাঠশালা থানালৈ লৈ যায়৷ 

আনহাতে বৃহস্পতিবাৰে বজালী জিলা সুৰক্ষা সমিতিয়ে পাঠশালা হৰিমন্দিৰ প্ৰাংগণত আহ্বান জনাইছে বিশাল ৰাজহুৱা সভাৰ৷ এই সভাতে বজালীক জিলাৰ মৰ্যাদা প্ৰদানৰ বাবে ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে৷ ৰাইজৰ প্ৰশ্ন– যদি বজালীক জিলা দিবই নোৱাৰে তেন্তে কি কাৰণত এবাৰ দিয়ে এবাৰ নিয়ে? একপ্ৰকাৰ ললীপপ খুৱাই অহা বুলি ৰাজ্য চৰকাৰৰ লগতে প্ৰভাৱশালী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক কটাক্ষ কৰে বজালীবাসীয়ে৷ এতিয়া প্ৰশ্ন হৈছে কেতিয়ালৈ সঁচা অৰ্থত বজালীয়ে জিলাৰ মৰ্যাদা পাব নে এনেদৰেই চৰকাৰে ৰাইজক ললীপপেই খুৱাই থাকিব৷ ইফালে, বৃহত্তৰ বজালীবাসী ৰাইজৰ স্বাৰ্থত অসম চৰকাৰে ভৱানীপুৰ সৰভোগ আৰু বজালী সমষ্টিক সাঙুৰি বজালীক পূৰ্ণাংগ জিলাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ বজালীৰ অতিৰিক্ত আয়ুক্তৰ দ্বাৰা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ বজালী জিলা সমিতিয়ে পুনৰ এক স্মাৰক পত্ৰ প্ৰদান কৰে৷ যিহেতু ইতিমধ্যে বজালীত জিলা সত্ৰ ন্যায়াধীশ আদালত, মুখ্য ন্যায়াধীশৰ আদালত, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, বিভিন্ন বিভাগৰ কাৰ্যালয়, জিলা কোষাগাৰ আদি স্থাপন হৈছে, সেয়েহে যাতে চৰকাৰী কাম- কাজৰ লগতে আইনৰ কাম-কাজ আদি স্তৱিৰ নহয় তাৰ বাবে অতিশীঘ্ৰে বজালীক ভৱানীপুৰ-সৰভোগ আৰু বজালী সমষ্টিক সাঙুৰি বজালী জিলা প্ৰদান কৰাৰ বাবে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অনুপল দত্ত পাঠক, সাধাৰণ সম্পাদক কমল বৰ্মন, অভিষেক ৰাজ কলিতাৰ তত্ত্বাৱধানত বুধবাৰে বজালী জিলা সমিতিৰ সভাপতি জিন্তু কাকতিৰ নেতৃত্বত আৰু কেন্দ্ৰীয় বিত্ত সম্পাদক নয়নমণি পাঠকৰ নেতৃত্বত জিলাৰ কাৰ্যকৰী সভাপতি ৰাজীৱ কলিতা, উপ-সভাপতি কৌশিক চৌধুৰী, সাধাৰণ সম্পাদক প্ৰাণজিৎ দাস, সম্পাদক কাশ্যপ কলিতা, সম্পাদক মৃগাংক কলিতাকে আদি কৰি প্ৰায় দহজনীয়া এটা সঁজাতী দলে জিলাৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ আনহাতে, বজালী জিলা কৰ্তনক বজালীবাসীৰ প্ৰতি চূড়ান্ত অপমান বুলি মন্তব্য কৰি আছুৱে কয়– বজালী জিলাখনক লৈ অসম চৰকাৰে কৰি থকা ল’ৰা-ধেমালিয়ে জিলাখনৰ ৰাইজক চৰম অপমানবোধ কৰোৱাৰ লগতে অসমবাসী ৰাইজকো স্তমভিত কৰিছে৷ শেহতীয়াকৈ অসম চৰকাৰে প্ৰকাশ কৰা এক অধিসূচনাত বজালী সমষ্টিটোক বৰপেটা জিলাৰ এখন উপ-জিলা হিচাপে দেখুওৱা হৈছে৷ ইয়াৰ লগে লগে বজালীবাসী ৰাইজৰ মাজত জিলাৰ মৰ্যাদা হেৰুওৱাৰ আশংকা ঘনীভূত হৈছে৷ সদৌ অসম ছাত্ৰ সন্থাই বজালী জিলাৰ সৈতে অসম চৰকাৰে কৰি থকা টোগলকী আচৰণ বন্ধ কৰিবলৈ সকীয়াই দিয়াৰ লগতে বজালী জিলাৰ মৰ্যাদা অটুট ৰাখিবলৈ দাবী জনাইছে৷ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই এই সন্দৰ্ভত বজালীবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু সংগ্ৰামৰ ফলত বজালী জিলা গঠন হৈছিল৷ চৰকাৰে উপায়ুক্ত, আৰক্ষী অধীক্ষক নিযুক্তি দি পূৰ্ণাংগ ৰূপত জিলাৰ প্ৰশাসন চলাইছিল৷ কিন্তু ৩১ ডিচেম্বৰত এক কেবিনেট সিদ্ধান্তযোগে অসম চৰকাৰে হঠাৎ বজালী জিলাৰ লগতে পূৰ্বে গঠিত বিশ্বনাথ, হোজাই আৰু তামুলপুৰৰ জিলাৰ মৰ্যাদা কৰ্তন কৰে৷ ছাত্ৰ সন্থাই, ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিলে৷ জিলাৰ মৰ্যাদা ঘূৰাই দিবলৈ দাবী জনোৱা হ’ল৷ প্ৰতিবাদৰ পিছতেই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে জিলাকেইখনৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ এতিয়া অসমত সমষ্টি পুননিৰ্ধাৰণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত পুনৰ বজালী, বিশ্বনাথ, হোজাই আৰু তামুলপুৰ জিলাৰ মৰ্যাদা৷ ঘূৰাই দিয়া হ’ল৷ কিন্তু ঘোষণাৰ কিছুদিন পিছতেই বজালী জিলাখন পুনৰ বিলুপ্ত কৰি দিলে৷ এতিয়া বজালীক বৰপেটা জিলাৰ এখন উপ-জিলালৈ পৰ্যবসিত কৰি বজালীবাসী ৰাইজক চূড়ান্তভাৱে অপমান কৰিছে৷ দুবাৰকৈ এখন জিলা ঘোষণা কৰি দুবাৰেই পুনৰ কৰ্তন কৰাটো টোগলকী আচৰণৰ বাদে আন একো নহয়৷ এইয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷ ছাত্ৰ সন্থাৰ স্পষ্ট মত– বজালীবাসী ৰাইজে ন্যায় পাবই লাগিব৷ বজালীয়ে জিলাৰ মৰ্যাদা ঘূৰাই পাব লাগিব৷ অসম চৰকাৰে এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰেই প্ৰত্যাহাৰ কৰক আৰু বজালীক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰক৷ একেদৰে উক্ত কেবিনেটত উপ-জিলাৰূপে ঘোষণা কৰা ‘টিহু’ উপ-জিলাৰ নামৰ আগত ধৰ্মপুৰ নামৰ সংযোজন কৰাক লৈ টিহু তথা পাশ্বৰ্ৱৰ্তী অঞ্চলসমূহত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ স্মৰ্তব্য, টিহুক উপ-জিলাৰূপে ঘোষণা কৰাৰ পাছতো টিহু, নাম্বৰভাগ, নমাটি, ধৰ্মপুৰ আদি মৌজাৰ মানুহে উৎফুল্লিত হৈ পৰিছিল৷ কোনো দল-সংগঠনে টিহু উপ-জিলা নামকৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰা নাছিল৷ তাৰ পাছতে টিহু উপ-জিলাক ধৰ্মপুৰ টিহু উপ-জিলা নামকৰণ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷