Logo
image

মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৰাজসাহায্য লোৱাক লৈ বিতৰ্কঃ সমুখ সমৰত গৌৰৱ-হিমন্তবিশ্ব

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ছেপ্টেম্বৰঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশাধন উদে্যাগ মন্ত্ৰণালয়ৰ পৰা কলিয়াবৰত ক্ৰয় কৰা ১০৬ বিঘা মাটিত উদ্যোগ স্থাপনৰ বাবে  ৰাজসাহায্য লাভ কৰাৰ বিষয়টোক লৈ বুধবাৰে ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ দলৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ মাজত প্ৰবল বাকযুদ্ধৰ সৃষ্টি হয়৷ গৌৰৱ গগৈৰ পাছত কংগ্ৰেছ দলৰ অন্যান্য নেতা-নেত্ৰী উপৰ্যুপৰি আক্ৰমণত নামি পৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব  শৰ্মাই পত্নীক অকলেই ৰক্ষণাবেক্ষণ দিবলগীয়া হয়৷ কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈৰ সমৰ্থনত কংগ্ৰেছ দলৰ  নেতা পৱন খেৰা, অলকা লাম্বা, ৰেণুকা চৌধুৰী, মীৰা বৰঠাকুৰ ইত্যাদি নামি পৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সমৰ্থনত কোনো বিজেপি নেতা কিম্বা নেত্ৰীয়ে বাকযুদ্ধত ভাগ লোৱা এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই৷

‘এক্স’ বা পূৰ্বৰ টুইটাৰত এই বাকযুদ্ধৰ সূচনা কৰে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মাইক্ৰ’ব্লগিং ছাইটটোত প্ৰথমেই হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীক ৰক্ষণাবেক্ষণ দি লিখে– ‘মই এটা বিষয় পৰিষ্কাৰ কৰি দিব বিচাৰিছো যে মোৰ পত্নী আৰু তেওঁৰ মালিকানাধীন কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো বিত্তীয় ৰাজসাহায্য লাভ কৰা নাই৷’ হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ পাছতে কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এটা টুইটত কয়– ‘কেন্দ্ৰীয় খাদ্য সংশাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ ৱেবছাইটত তেওঁৰ নাম আৰু কোম্পানীৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰা আছে৷ তাত উল্লেখ কৰা অনুসৰি ১০ কোটি টকাৰ কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্য অনুমোদন জনোৱা হৈছে৷ যদিহে ৱেবছাইটটো ‘হেক’ হৈছে, তেন্তে কেন্দ্ৰীয় মন্ত্ৰীক অনুগ্ৰহ কৰি জনাওক৷’ গৌৰৱ গগৈৰ এই টুইটৰ উত্তৰত  পুনৰ হিমন্ত বিশ্ব শৰ্মাই কয়– ‘মই সম্পূৰ্ণ দায়িত্বসহকাৰে পুনৰ ক’ব বিচাৰিছো যে, মোৰ পত্নী আৰু তেওঁ সংলগ্ন হৈ থকা কোনো কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো বিত্তীয় ৰাজসাহায্য লোৱা বা সংগ্ৰহ কৰা নাই৷’ ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে পুনৰ টুইট কৰি কয়– ‘সন্মানীয় মুখ্যমন্ত্ৰীৰ সুবিধাৰ্থে মই কেন্দ্ৰীয় খাদ্য সংশাধন উদ্যোগ মন্ত্ৰণালয়ৰ ৱেবছাইটটোৰ লিংক হিছো৷ তাত ১০ কোটি টকাৰ ৰাজ সাহায্য লাভ কৰা কোম্পানী আৰু তাৰ প্ৰম’টাৰৰ নামৰ তালিকা আছে৷ আপুনি অনুগ্ৰহ কৰি তালিকাৰ ১০ ক্ৰমিক নম্বৰটো চাওক৷’ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ আন এটা পোষ্ট কয় – ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিষাণ  সম্পদ যোজনা আৰম্ভ কৰিছিল দেশৰ কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰভাৱ খটুৱাই পত্নীক ১০ কোটি টকাৰ ৰাজসাহায্য পোৱাত সহায় কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ লক্ষ্য বিজেপিক আদ্যৱন্ত কৰা নেকি?’ 

‘এক্স’ হেণ্ডল বা টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ পোনপটীয়া বাকযুদ্ধৰ আজি ইমানতে সামৰণি পৰিছে৷ কিয়নো, মুখ্যমন্ত্ৰীয়ে আজি অৰ্থাৎ বুধবাৰে গৌৰৱ গগৈক এই সন্দৰ্ভত কোনো প্ৰত্যুত্তৰ দিয়া নাই৷ কিন্তু এই বাকযুদ্ধৰ পাছত কংগ্ৰেছৰ একাধিক কেন্দ্ৰীয় নেতা আৰু ৰাজ্যৰো এগৰাকী নেত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ আৰম্ভ কৰে৷ অৱশ্যে এই আক্ৰমণ চলে মূলতঃ ছ’চিয়েল মিডিয়াত৷ প্ৰসংগতঃ, অসমৰ এটা ৱেব পৰ্টেল ‘ক্ৰছ কাৰেণ্ট’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কলিয়াৰত ২০২২ চনৰ ফেব্ৰুৱাৰীত ৫০ বিঘাৰো অধিক কৃষিভূমি ক্ৰয় কৰি তেনেই কমদিনৰ ভিতৰতে সেই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰাই উদ্যোগিক ভূমি কৰা আৰু তাত উদ্যোগ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশাধন উদ্যোগ মন্ত্ৰণালয়ৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰা বুলি বাতৰি প্ৰচাৰ হৈছিল৷ পুনৰ আন এটা বাতৰিত ‘ক্ৰছ কাৰেণ্টে’ দাবী কৰিছিল যে একে স্থানতে ৰিণিকি ভূঞা শৰ্মাই ৫৬ বিঘাৰো অধিক কৃষিভূমি অলপতে ক্ৰয় কৰে৷ এই সন্দৰ্ভত অসমৰ সংবাদ মাধ্যমত ছেগা চেৰোকাকৈ বাতৰি প্ৰকাশ হৈছিল আৰু বিধান সভাৰ চলিত অধিৱেশনতো নূ্যনতম বিধায়কে এৰাধৰাকৈ এই প্ৰসংগ উত্থাপন কৰিছিল৷ ক’ম বেছি পৰিমাণে এই খবৰ ৰাজ্যত বিয়পি পৰাত বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই পত্নীক ৰক্ষণাবেক্ষণ দিবলৈ কৰা টুইটৰ পাছত গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা একপ্ৰকাৰ সন্মুখ সময়ৰত লিপ্ত হয়৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ইমানদিনে এই সন্দৰ্ভত কোনো বাতৰি প্ৰকাশ নকৰিলেও বুধবাৰে হিমন্ত বিশ্ব শৰ্মাৰ টুইট আৰু পত্নীয়ে ৰাজসাহায্য লাভ কৰাৰ কথা অস্বীকাৰ কৰাৰ খবৰ প্ৰকাশ কৰিছে৷

ইপিনে কংগ্ৰেছ দলৰ প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেৰাই হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি টুইটাৰতে ৰিণিকি ভূঞা শৰ্মা যে ‘প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট’ৰ পৰিচালন সঞ্চালক হয় সেয়া উল্লেখ কৰে আৰু ৰিণিকি ভূঞা শৰ্মাৰ নামত কেন্দ্ৰীয় খাদ্য সংশাধন উদ্যোগ মন্ত্ৰণালয়ে ১০ কোটি টকাৰ ৰাজসাহায্য অনুমোদন জনোৱাৰ তথ্য ৱেবছাইটত থকা বুলি মন্তব্য কৰে৷ পিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজসাহায্য লাভৰ কথা অস্বীকাৰ কৰাত পৱন খেৰাই তেওঁক প্ৰশ্ন কৰে– ‘এই ক্ষেত্ৰত আপুনি কেন্দ্ৰীয় খাদ্য সংশাধন উদ্যোগ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীক পঠিয়াব নেকি?’ আনহাতে, কংগ্ৰেছ নেত্ৰী ৰেণুকা চৌধুৰীয়ে ফেচবুকত লিখে– ‘কংগ্ৰেছৰ লোকসভাৰ উপ-দলনেতা গৌৰৱ গগৈয়ে ডাঙৰ কেলেংকাৰি উন্মোচন কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীক প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাত সহায় কৰি দিছে৷