Logo
image

অৰ্কিড পাৰ্ক লৈ লওক! ব্লেকমেইলৰ অভিযোগৰ প্ৰত্যুত্তৰ অখিলৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ছেপ্টেম্বৰঃ কাজিৰঙাৰ অৰ্কিড পাৰ্কখন চৰকাৰক লৈ ল’বলৈ প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অৰ্কিড পাৰ্কখন উচ্ছেদ কৰিব লাগে বুলি দাবী তোলা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়– অৰ্কিড পাৰ্কৰ পৰা মই লাখ টকা নাপাও৷ তাত কৰ্মচাৰীক দৰমহা দিবলৈ পত্নীৰ পৰা টকা নিও৷ মই প্ৰত্যাহ্বান জনাইছোঁ– তোমালোকে বন্ধ্যা ইণ্টাৰনেছনেল স্কুল বনাব পাৰা, তোমালোকে ফাইভষ্টাৰ হোটেলো বনাব পাৰা, তোমালোকে কাঞ্চনজুৰি বাগানো বনাব পাৰিবা কিন্তু এখন অৰ্কিড পাৰ্ক বনাই দেখুৱাই দিয়া৷ গোটেই জীৱন কষ্ট কৰিও ‘হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী’য়ে এখন অৰ্কিড পাৰ্ক বনাইদেখুৱাওক৷ যদি পাৰে আমি ছ’চাইটীয়ে সিদ্ধান্ত লৈ মুখ্যমন্ত্ৰীৰ নামতে আমাৰ অৰ্কিড পাৰ্কখনো লিখি দিম৷ নহ’লে মই চৰকাৰক ক’ম আমি বনোৱা পাৰ্কখন লৈ লওক৷ কেৱল তাত কাম কৰা মানুহখিনিক নেখেদিব৷ বিধানসভাত যিদিনাই ক’বলৈ সুযোগ পাম ক’ম যে অৰ্কিড পাৰ্কখন আপোনালোকক গটাই দিছোঁ৷ আৰু পাৰ্কখনত ২০০ বিঘা মাটি নাই, ২৮ বিঘা আছে৷ ২২ বিঘাৰ কাৰণে আমি এলোটমেণ্ট পাইছোঁ৷ বাকী ৬ বিঘা মাটিৰ কাগজ বিজেপি চৰকাৰ অহাৰ পৰা ৰখাই থোৱা হৈছে৷ ৩৬৫ দিনৰ ভিতৰত ৩৬০ দিন তাত বিহু প্ৰদৰ্শন কৰা হয় বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ এই অৰ্কিড পাৰ্কখনত৷ উল্লেখ্য, অসম বিধানসভাৰ চলিত শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনত বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ পত্নীয়ে কলিয়াবৰত ৫০ বিঘা মাটিত ফুড প্ৰছেচিং কোম্পানী খোলাৰ নামত ১০ কোটি টকা ৰাজসাহায্য লোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰাৰ পাছত বিধায়ক অখিল গগৈক আক্ৰমণৰ লক্ষ্যৰূপে লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈৰ নেতৃত্বত পৰিচালিত কাজিৰঙাৰ অৰ্কিড পাৰ্ক উচ্ছেদ কৰিব লাগে বুলি সদনত দাবী তুলিছিল৷ ন-বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনে দাবীৰে ব্লেকমেইল কৰিব বিচৰা বুলিও কয় বিধায়ক অখিল গগৈয়ে৷