Logo
image

মেক্সিকোত উদ্ধাৰ এলিয়েনৰ মৃতদেহ

নতুন দিল্লী, ১৫ ছেপ্টেম্বৰঃ ভিন্ন গ্ৰহৰ প্ৰাণী বা এলিয়েন সঁচাকৈয়ে আছে নেকি? এলিয়েনৰ অস্তিত্বক লৈ এই প্ৰশ্ন উত্থাপন হৈ আছে যদিও ইয়াৰ সঠিক উত্তৰ আজিলৈকে ওলোৱা নাই৷ যাৰ বাবে এলিয়েনৰ অৱস্থিতি সম্পৰ্কে নিতৌ নতুন নতুন গৱেষণা চলি আছে৷ কিন্তু ইয়াৰ মাজতে মেক্সিকোত এদল বিজ্ঞানীয়ে মঙলবাৰে দুটা এলিয়েনৰ মৃতদেহ প্ৰদৰ্শন কৰে৷ যাক লৈ এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ আলোড়নৰ৷ এলিয়েনৰ ১,০০০ বছৰৰ পুৰণি বুলি দাবী কৰা মৃতদেহ দুটাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ বিজ্ঞানীৰ দলটোৱে দাবী কৰা মতে পেৰুৰ কুজকো অঞ্চলৰ বৰফৰ পাহাৰত উদ্ধাৰ হয় মৃতদেহ দুটা৷ স্পেনিচ নিউজ ৱেবছাইট ‘মাৰ্কা’ৰ প্ৰতিবেদন অনুসৰি বিজ্ঞানীৰ দলটোৱে মঙলবাৰে মেক্সিকান সংসদত এলিয়েনৰ মৃতদেহ দুটা প্ৰদৰ্শন কৰে৷ ভাইৰেল হোৱা ভিডিঅ’টোত দুটা কাঠৰ বাকচত অনা মৃতদেহ দুটা দেখা যায়৷ মৃতদেহ দুটাৰ সৈতে মানৱ দেহৰ অকণো সাদৃশ্য নাই৷ এলিয়েন বুলি দাবী কৰা মৃতদেহ দুটা প্ৰদৰ্শনৰ সময়ত উপস্থিত থাকে মেক্সিকান সাংবাদিক তথা ইউপোল’জিষ্ট জেইম মাউছন৷ উল্লেখ্য, মাউছনে বিগ কেইবাদশক ধৰি বিভিন্ন অলৌকিক ঘটনাক লৈ গৱেষণা কৰি আহিছে৷ বিজ্ঞানীৰ দলটোৰ মতে বৰফৰ মাজত উদ্ধাৰ হোৱা মৃতদেহ দুটা পৃথিৱীৰ অংশ নহয়৷ এটা ইউএফঅ’ৰ ধবংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহ দুটা৷ দুয়োটা মৃতদেহ সম্প্ৰতি মামীত পৰিণত হৈ আছে৷ মাউছনে জনোৱা মতে ইউএফঅ’ৰ নমুনাসমূহ মেক্সিকোৰ অট’ন’মাছ নেছনেল ইউনিভাৰ্চিটীত পৰীক্ষা কৰা হৈছিল৷ উক্ত পৰীক্ষাত মৃতদেহ দুটা পৃথিৱীৰ অংশ নহয় বুলি নিশ্চিত হয়৷ যদি সেয়াই হয়, তেন্তে অনাগত দিনত বিশ্বৰ মহাকাশ অভিযানৰ কাৰ্যসূচীসমূহ বেলেগ হৈ পৰিব৷