Logo
image

পত্নীয়ে ৰাজসাহায্য লোৱা প্ৰমাণ হ’লে ৰাজহুৱা জীৱন ত্যাগৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ টুইট যুদ্ধ তুংগত উঠিছে৷ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কেন্দ্ৰীয় খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ প্ৰধানমন্ত্ৰী কিষাণ সম্পদক যোজনা আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাক কেন্দ্ৰ কৰিয়েই বিগত দুদিন ধৰি হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ টুইটাৰত বাক্‌যুদ্ধই চৰম সীমা অতিক্ৰম কৰিছে৷ দুয়োজন প্ৰভাৱশালী ৰাজনৈতিক নেতাই মুহূৰ্তে মুহূৰ্তে শব্দ শেল¸ নিক্ষেপ কৰি সামাজিক মাধ্যমত চৰ্চাৰ শীৰ্ষত উঠিছে৷ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ এই টুইট যুদ্ধই এনে পৰ্যায় পাইছে গৈ যে ব্যক্তিগত আক্ৰোশৰ গোপন ক্ষোভ আৰু অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটা বুলিও নেটিজেনসকলে মন্তব্য কৰা দেখা গৈছে৷   
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইণ্টমেণ্ট প্ৰাঃ লিমিটেডে কেন্দ্ৰৰ পৰা ৰাজ সাহায্যৰ এপইচাও ধন লোৱা প্ৰমাণ কৰিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলিও প্ৰত্যাহ্বান জনাইছে৷ ইফালে, মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পৰিয়ালে ২০১০ চনৰ পৰা তেওঁৰ ওপৰত ৰাজনৈতিকভাৱে অন্যায় কৰি থকা বুলি আওপকীয়াকৈ ক্ষোভ ব্যক্ত কৰায়ে নহয়, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰসংগ উত্থাপন কৰি গৌৰৱ গগৈক আক্ৰমণ কৰা দেখা যায়৷ মুখ্যমন্ত্ৰীৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে প্ৰয়াত পিতৃ তৰুণ গগৈৰ এটা পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰি হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ পিঠিত চুৰিকাঘাত কৰা বুলিও আক্ষেপ ব্যক্ত কৰা দেখা গ’ল৷ বুধবাৰে টুইটত হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকি ভূঞা শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ সাহায্য লোৱাৰ কথা অস্বীকাৰ কৰিছিল৷ ইয়াৰ দীঘলীয়া প্ৰত্যুত্তৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰভাৱ খটুৱাই পত্নীক ১০ কোটি টকাৰ ৰাজ সাহায্য পোৱাত সহায় কৰা বুলি টুইট কৰিছিল৷ ইফালে, বৃহস্পতিবাৰে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি সংসদত বিজেপি সাংসদ পল্লৱ লোচন দাসৰ প্ৰশ্নৰ উত্তৰত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে ৰাজসাহায্যৰ অনুমোদন লাভ কৰা উত্তৰ প্ৰতিলিপি আপলোড কৰি পুনৰ এটা টুইটত কয়–‘কালি গোটেই দিনটো হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ ফাৰ্ম সম্পৰ্কে এটা কথাকে ভাটৌৰ দৰে আওঁৰালে৷ তেওঁৰ সুবিধাৰ বাবে মই সংসদত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ উত্তৰ উল্লেখ কৰিছো৷ পীয়ুষ গোৱেলৰ উত্তৰে সত্য উদঙাই দিছে আৰু দুয়োজন মন্ত্ৰীয়ে স্পষ্টীকৰণ দিয়াৰ প্ৰয়োজন আছে৷’ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰত টুইটত কয়– ‘উত্তৰটোৱে নিজেই এই কথা স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে উল্লেখিত কোম্পানীটোক কোনো ধৰণৰ ধন মুকলি কৰি দিয়া নাই৷ মই আকৌ এবাৰ জোৰ দি ক’ব বিচাৰো যে মোৰ পত্নী বা তেওঁ জড়িত হৈ থকা কোম্পানীটোৱে ভাৰত চৰকাৰৰ পৰা কোনো ধৰণৰ ধন লাভ বা দাবী কৰা নাই৷ যদি কোনোবাই ইয়াৰ বিপৰীতে প্ৰমাণ দিব পাৰে তেনেহ’লে ৰাজহুৱা জীৱনৰ পৰা অৱসৰ লোৱাকে ধৰি যিকোনো শাস্তি গ্ৰহণ কৰিবলৈ মই সাজু আছোঁ৷’ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণ হ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলি টুইটাৰত ঘোষণা কৰাৰ পাছতেই সাংসদ গৌৰৱ গগৈয়ে পুনৰ লিখে এইদৰে– ‘মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ ওচৰত এই লৈ অভিযোগ কৰিছে নেকি? তেওঁ কৈছে যে পীয়ুষ গোৱেলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক অনুদানৰ অনুমোদনহে দিছে, কিন্তু পুঁজি মুকলি কৰি দিয়া নাই৷ পি এম কে এছ ৱাই আঁচনিখন আৰু কিমানজন বিজেপি ৰাজনীতিবিদে নিজৰ পৰিয়ালক চহকী কৰিবলৈ ব্যৱহাৰ কৰিছে?’ এই টুইটৰ কিছু সময়ৰ পাছতেই গৌৰৱ গগৈক পুনৰ উভটি ধৰি মুখ্যমন্ত্ৰী শৰ্মাই লিখে এইদৰে– ‘গ’ল পোষ্ট সলনি নকৰিব৷ হয়, সকলো বিজেপি নেতাৰে নিজৰ কোম্পানী চলাবৰ বাবে অধিকাৰ আছে আৰু যদিহে যোগ্যতা থাকে তেন্তে ৰাজ সাহায্য বিচাৰিব পাৰে৷ এয়া সকলোৰে ক্ষেত্ৰত সত্য৷ এই নিৰ্দিষ্ট ঘটনাটোত মই স্পষ্ট কৰিব বিচাৰোঁ যে মোৰ পত্নীয়ে কোনো ৰাজ সাহায্য দাবী কৰা নাই৷’ মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ হাতত উপযুক্ত উত্তৰৰ অভাৱ ঘটিছে বুলি উল্লেখ কৰি লিখে এইদৰে– ‘টুইটাৰত টাইপ কৰাৰ পৰিৱৰ্তে অসম বিধানসভাত উপস্থিত থাকক আৰু স্পষ্টীকৰণ দিয়ক৷ পুৱা কংগ্ৰেছৰ বিধায়কে সমগ্ৰ প্ৰাইড মিডিয়া আৰু পি এম কে এছ ৱাইৰ বিষয়ে আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ আগবঢ়ায় যদিও আপোনাৰ ওচৰত ইয়াৰ উত্তৰৰ অভাৱ৷’ তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ গৌৰৱ গগৈক উভটি ধৰি ক্ষোভেৰে মুখ্যমন্ত্ৰীয়ে প্ৰত্যুত্তৰত কয়– ‘অনুগ্ৰহ কৰি মোক কি কৰিব লাগে সেই বিষয়ে পাঠ নিদিব৷ মই বিধানসভালৈ যোৱাৰ সিদ্ধান্ত লওঁ বা আপোনাৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ সিদ্ধান্ত লওঁ সেই সিদ্ধান্ত মই নিজেই ল’ম৷’ এইবাৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটা বাতৰিৰ লিংক আপলোড কৰি গৌৰৱ গগৈয়ে কয়– ‘অনুগ্ৰহ কৰি উত্তেজিত নহ’ব৷ মই আপোনালৈ বিধানসভাত আপোনাৰ উপস্থিতি বিচৰা বিৰোধী বিধায়কসকলৰ বাতৰিৰ লিংক প্ৰেৰণ কৰিছোঁ৷ মই সুখী হ’ম যদি আপুনি আদালতলৈ যায়, তেন্তে সকলো নথি ৰাজহুৱা হ’ব!’ ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই  আবেগেৰে কয়– ‘হয়, মই উত্তেজিত হৈছোঁ৷ ২০১০ চনৰ পৰা আপোনাৰ পৰিয়ালৰ বিৰুদ্ধে মোৰ খঙৰ বহুতো কাৰণ আছে৷ মই নিশ্চয় আদালতত লগ পাম আৰু আকৌ এবাৰ মই মোৰ কথা প্ৰমাণ কৰিবলৈ সক্ষম হ’ম৷ মই ২০১৬ আৰু ২০২১ চনত সফলতাৰে এনে কৰিছোঁ আৰু মই পুনৰ ৰাইজৰ আদালত আৰু আদালত দুয়োটাতে ইয়াৰ সত্যতা প্ৰতীয়মান কৰিবলৈ সংকল্পবদ্ধ৷’ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে আকৌ কয়– ‘আপুনি নিজৰ পথ বাছি লোৱাত কোনো বাধা নাই৷ কিন্তু অনুগ্ৰহ কৰি আপুনি বিধানসভাত উপস্থিত থাকি বিষয়টো সম্বোধন কৰক৷ ই আপোনাৰ বিশেষাধিকাৰ নহয়, জনসাধাৰণৰ প্ৰতি আপোনাৰ কৰ্তব্যও৷ মই প্ৰধানমন্ত্ৰী কাৰ্যালয়ক অনুৰোধ জনাম যে বাণিজ্য মন্ত্ৰণালয়ে কেনেকৈ বিজেপিৰ এজন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাবে ১০ কোটি টকা অনুদান অনুমোদন দিলে তাৰ তদন্তৰ নিৰ্দেশ দিয়ক৷’ ইফালে, এই তৰ্কযুদ্ধৰ পাছতেই মুখ্যমন্ত্ৰীয়ে কাৰোৱে নাম নোলোৱাকৈ এটা টুইট কয়– ‘ক’ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ লোৱাৰ সময়ত অসমৰ অন্যতম শীৰ্ষ ৰাজনীতিবিদ এজনে পোষ্ট ক’ভিডৰ জটিলতাৰ সন্মুখীন হৈছিল৷ আমি তেওঁৰ পৰিয়ালক পৰামৰ্শ দিলোঁ যে তেওঁক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ স্থানান্তৰ কৰক৷ ৰাজ্য চৰকাৰে ইয়াৰ খৰচ বহন কৰিব৷ কিন্তু তেওঁৰ বিশিষ্ট পুত্ৰই ৰোগীজনক দিল্লীলৈ নিবলৈ অস্বীকাৰ কৰে৷’ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ এই টুইট গাত পাতি লৈ সাংসদ গৌৰৱ গগৈয়ে পিতৃ প্ৰয়াত তৰুণ গগৈৰ এটা ভিডিঅ’ টুইটাৰত আপলোড কৰি প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কয়– ‘আপোনাৰ বাবে মোৰ দুখ লাগে আৰু আপোনাৰ মই মংগল কামনা কৰোঁ৷ মোৰ প্ৰয়াত দেউতা তৰুণ গগৈৰ এটা ভাইৰেল ভিডিঅ’ত তেওঁ কৈছিল– মই এনে এজন ব্যক্তিক কেতিয়াও লগ পোৱা নাই যিয়ে মোৰ ভৰি চুই একে সময়তে মোৰ পিঠিত ডেগাৰ মাৰিব পাৰে৷’ তাৎপৰ্যপূৰ্ণভাৱে গৌৰৱ গগৈয়ে আপলোড কৰা ভিডিঅ’টোত তৰুণ গগৈৰ বক্তব্য আছিল এনেধৰণৰ– হিমন্ত বিশ্ব শৰ্মাৰ দৰে পৃথিৱীত কম ৰাজনীতিবিদ আছে, যিয়ে ভৰিতো ধৰিব পাৰে পিঠিতো ডেগাৰ মাৰিব পাৰে৷ ইফালে, গৌৰৱ গগৈৰ এই টুইটৰ প্ৰত্যুত্তৰ দিয়াত পিছ পৰি নাথাকিল মুখ্যমন্ত্ৰী শৰ্মা৷ টুইটত মুখ্যমন্ত্ৰীয়ে আবেগিকভাৱে গৌৰৱ গগৈক কয়– ‘মই এজন ৰাজনীতিবদৰ পুত্ৰই মৃত পিতৃৰ আচৰণৰ কথা প্ৰকাশ কৰিছোঁ৷ হয়, তৰুণ গগৈৰ সৈতে মোৰ মতানৈক্য আছিল আৰু সেয়া ৰেকৰ্ড আছে৷ আপোনাৰ পৰিয়ালে ২০১০ চনৰ পৰা মোৰ লগত বহুত অন্যায় কৰিছে৷ অৱশ্যে দুৰ্ভাগ্যজনকভাৱে ক’ভিডৰ সময়চোৱাত মই মোৰ জীৱনকো তুচ্ছ জ্ঞান কৰি হাস্পতালৰ ভিতৰত তেওঁৰ ওচৰলৈ গৈছিলোঁ৷ তেওঁৰ সৰ্বোত্তম চিকিৎসা লাভ কৰাটো নিশ্চিত কৰিছিলোঁ৷’ মুখ্যমন্ত্ৰীৰ টুইটৰ মুহূৰ্তৰ ব্যৱধানত গৌৰৱ গগৈয়ে কয়– ‘গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অসমীয়া চিকিৎসক, নাৰ্ছ, ৱাৰ্ড ষ্টাফ সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ তেওঁলোকে মোৰ দেউতাক সৰ্বোত্তম চিকিৎসা আৰু যত্ন লৈছিল৷ যিয়ে পোষ্ট ক’ভিডজনিত জটিলতাৰ বাবে সাহসেৰে যুঁজ দিছিল৷ মই ৰাজ্য চৰকাৰৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ অনুগ্ৰহ কৰি অলপ বিৰতি লওঁক, আপুনি এজন মুখ্যমন্ত্ৰী!’ গৌৰৱ গগৈক মুখ্যমন্ত্ৰীয়ে এইবাৰ কয়– ‘ৰাজ্য চৰকাৰ আৰু চিকিৎসালয় পৰিয়ালৰ প্ৰতি আপুনি দেখুওৱা কৃতজ্ঞতাৰ বাবে ধন্যবাদ৷ সেই সময়ত মই স্বাস্থ্যমন্ত্ৰী আছিলোঁ৷ গতিকে পুনৰ এবাৰ ধন্যবাদ৷’ মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাছতেই গৌৰৱ গগৈয়ে টুইটত পুনৰ কয়– ‘আপোনাকো ধন্যবাদ৷ মই বুজি নাপালোঁ প্ৰথমে আপুনি কিয় ইমান ব্যক্তিগত আঘাত হনা এটা বিষয় উত্থাপন কৰিলে৷ অনুগ্ৰহ কৰি কাইলৈ অসম বিধানসভালৈ আহি পি এম কে এছ ৱাইৰ অধীনত ১০ কোটি টকাৰ অনুদান সম্পৰ্কীয় বিষয়টোৰ ওপৰত বিতৰ্ক কৰক৷’