Logo
image

সংসদত পল্লৱলোচনৰ প্ৰশ্নয়েই অশান্তি আনিলে মুখ্যমন্ত্ৰীলৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী মালিকানাধীন কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাৰ তথ্য কোনে পোহৰলৈ আনিলে? এই উৎসক কেন্দ্ৰ কৰি সৰব চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত৷ উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত সংসদৰ অধিৱেশনত মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ট তেজপুৰৰ সাংসদ পল্লব লোচন দাসে অসমত উদ্যোগিকৰণৰ ওপৰত লোকসভাত এটা প্ৰশ্ন উত্থাপন কৰিছিল৷ ২১ মাৰ্চত উত্থাপন কৰা প্ৰশ্নটোৰ উত্তৰ হিচাপে অসমত উদ্যোগীকৰণক সমৰ্থন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কি কি প্ৰকল্প আৰু আঁচনিত পুঁজি বিনিয়োগ কৰিছে তাৰ বিতং তথ্য বিচাৰিছিল সাংসদ দাসে৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে এই প্ৰশ্নৰ উত্তৰ দিয়ে আৰু কয় যে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোক ২০২১ চনৰ ১০ নৱেম্বৰত ১০ কোটি টকা মঞ্জুৰ কৰা হৈছে৷ নগাঁও জিলাত ৰূপায়ন কৰিবলগীয়া কৃষিভিত্তিক উদ্যোগ এটাৰ বাবে কোম্পানীটোৱে এই ধন লাভ কৰিছে৷ এই প্ৰকল্পটোৰ মুঠ ব্যয়ৰ পৰিমাণ ২৫.৮৭৭ কোটি৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ট আৰু বিশ্বস্ত হিচাপে ৰাজনৈতিক মহলত পৰিচিত সাংসদ পল্লব লোচন দাসৰ এই প্ৰশ্নই এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত৷ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে সাংসদ দাসে জানি শুনিয়ে এই বিষয়টো উত্থাপন কৰিলে নে অজানিতে এই প্ৰশ্ন সংসদত শুধিলে৷ সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত দীঘলীয়া সময় ধৰি মন্ত্ৰী পদত থকা পল্লব লোচন দাস সংসদীয় ৰাজনীতি ত্যাগ কৰি পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰিছে নিজৰ ঘনিষ্ট মহলত৷ দাদা ব্ৰিগেডৰ অন্যতম হিচাপে তৰুণ গগৈ চৰকাৰৰ শাসনকালত পৰিচিত আছিল পল্লব লোচন দাস৷ বেলতলা কাণ্ডৰ পিছৰে পৰা চমকপ্ৰদভাৱে ৰাজনৈতিক উত্থান হোৱা পল্লব লোচন দাস ইয়াৰ পূৰ্বে আটছাৰ শীৰ্ষ নেতা আছিল৷ বেলতলা কাণ্ডৰ পিছৰে পৰা ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সংস্পৰ্শলৈ অহা পল্লব লোচন দাস মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ইমান বিস্বস্ত হোৱাৰ পাছতো কিয় সংসদত মুখ্যমন্ত্ৰীৰ পত্নীৰ ব্যৱসায়ৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিলে? সংসদীয় ৰাজনীতিৰ পৰিৱৰ্তে শীঘ্ৰে ৰাজ্যৰ ৰাজনীতিলৈ আহি মন্ত্ৰী হোৱাৰ বাবে ব্যাকুল হৈ পৰা প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক দাসে জানি শুনিয়ে মুখ্যমন্ত্ৰীৰ বিপদ আৰু অশান্তি কঢ়িয়াই আনিলে নেকি ইয়াকে লৈ বাজপেয়ী ভৱনত সৰব চৰ্চা চলিছে৷ দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰীৰ অন্যতম আশীষধন্য হৈ প্ৰথমে কংগ্ৰেছ আৰু পৰৱৰ্তী সময়ত বিজেপিত দপদপাই থকা সাংসদ পল্লব লোচন দাসে মন্ত্ৰিত্ব লাভৰ জখলা হিচাপে গ্ৰহণ কৰিছে নেকি এই পন্থা? এই প্ৰশ্ন দলৰে একাংশ নেতাৰ৷ আনহাতে মাৰ্চ মাহতে লোকসভাত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ এটা প্ৰায় ৬ মাহ পিছত কিদৰে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিলে তাক কেন্দ্ৰ কৰিও ৰহস্যৰ সৃষ্টি হৈছে৷ মাৰ্চ মাহতে এই তথ্য কিয় পোহৰলৈ নাহিল? এই ক্ষেত্ৰত সাংসদ জনৰ কিবা হাত আছে নেকি? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে দল আৰু চৰকাৰৰ একাংশই৷