Logo
image

এইবাৰ মন্ত্ৰী সিংঘালৰ অনুযোগঃ সোণোৱাল চৰকাৰৰ গাফিলতিৰ বাবেই স্মাৰ্ট চিটী নহ’ল গুৱাহাটী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ছেপ্টেম্বৰঃ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নাম শুনিয়েই গৰজি উঠিল গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল৷ স্মাৰ্ট চিটী প্ৰকল্পৰ ব্যৰ্থতাৰ বাবে পাকে-প্ৰকাৰে পূৰ্বৰ সোণোৱাল চৰকাৰকে জগৰীয়া কৰি মন্ত্ৰী সিংঘালে কয়– ‘সময়মতে নিবিদা নোহোৱা, প্ৰজেক্ট সম্পূৰ্ণ নোহোৱা, মাটি নোপোৱা আদি বিভিন্ন কাৰণত পূৰ্বতে স্মাৰ্ট চিটীৰ কাম লেহেমীয়া হ’ল৷ এইবাৰ দেশৰ স্মাৰ্ট চিটীৰ যি বঁটা ঘোষণা কৰা হৈছে সেয়া ২০২১ চনৰ  ভিত্তিত ঘোষণা হৈছে৷  আগতে স্মাৰ্ট চিটীৰ টকা খৰচেই কৰিব পৰা নাছিল৷ কিন্তু এতিয়া আমি যথেষ্ট কাম কৰিছো৷ ল’ৰা-ছোৱালীবিলাকে যেনেদৰে পৰীক্ষাত পাছ কৰিবলৈকে পঢ়ে, আমিও তেনেদৰে স্থান পাবৰ বাবেই কাম কৰি আছোঁ৷’ উল্লেখ্য, ২০২৩ বৰ্ষত মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰে পুনৰবাৰ দেশৰ শ্ৰেষ্ঠ স্মাৰ্ট চিটীৰ বঁটা লাভ কৰিছে৷ গুজৰাটৰ চুৰাট আৰু উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰে এই তালিকাত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু কেন্দ্ৰীয় চহৰ উন্নয়ন মন্ত্ৰণালয়ে ঘোষণা কৰা স্মাৰ্ট চিটীৰ বঁটাত গুৱাহাটীয়ে কোনো স্থান লাভ নকৰিলে অথচ নাগালেণ্ডৰ কহিমাই পালে বঁটা৷ এই প্ৰসংগতে সাংবাদিকে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালক প্ৰশ্ন কৰাত একপ্ৰকাৰ জাঙুৰ খাই উঠিল তেওঁ৷