Logo
image

জালুকৰ পৰাও পাব অনেক উপকাৰ

জালুকত বিভিন্ন প্ৰকাৰৰ ঔষধি গুণ আছে৷ যাৰ বাবে বিভিন্ন খাদ্যৰ সৈতে জালুক খালে বহুতো উপকাৰ পোৱা যায়৷ 
মগজুৰ স্বাস্থ্যৰ বাবে উপকাৰীঃ জালুকত পাইপাইৰাইন থাকে, যি চেৰোটনিন ভাঙি যোৱা এনজাইম প্ৰতিৰোধ কৰাত সহায় কৰে৷ জালুক খালে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে৷ 
হজম শক্তি বৃদ্ধিঃ জালুকে পাচন ৰস আৰু এনজাইম সক্ৰিয় কৰে, যাৰ ফলত হজম শক্তি ভাল হয়৷ জালুকে অগ্ন্যাশয়ৰ এনজাইমৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়, যাৰ বাবে পাচন প্ৰক্ৰিয়াটো যথেষ্ট উন্নত হয়৷ 
চৰ্দি-কাহৰ বাবেঃ চৰ্দি আৰু কাহৰ বাবে জালুক অতি উত্তম৷ জালুকত থকা  এণ্টিবেক্টেৰিয়েল গুণে চৰ্দি আৰু কাহ উপশম কৰাত সহায় কৰে৷ চাহৰ লগত জলুকৰ গুৰি মিহলাই খালে চৰ্দি সোনকালে ভাল হয়৷ 
সংক্ৰমণ ৰোধ কৰেঃ জালুকত উপলব্ধ এণ্টিবেক্টেৰিয়েল উপাদানে সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷ 
কৰ্কট ৰোগ প্ৰতিৰোধঃ জালুকত থকা পিপাইৰিনে কৰ্কট ৰোগৰ কোষ হোৱাত বাধা দিয়ে৷
মুখৰ সংক্ৰমণ প্ৰতিৰোধঃ জালুকত থকা পাইপাইৰিনৰ এণ্টিবেক্টেৰিয়েল গুণে মুখৰ সংক্ৰমণ ৰোধ কৰিব পাৰে৷ মুখত হোৱা ঘা আদি জালুক খালে সোনকালেই শুকাই যায়৷ 
দাঁতৰ বিষ উপশমঃ দাঁতৰ বিষত আক্ৰান্ত হ’লে লং তেলত জালুকৰ গুৰি মিহলি কৰি দাঁত মালিচ কৰিলে সুফল পাব৷ 
ওজন হ্ৰাসঃ জালুকে ওজন হ্ৰাস কৰাটো প্ৰচুৰ পৰিমাণে সহায় কৰে৷ জালুক খালে মেদ বহুলতাৰ পৰা হাত সাৰিব পাৰি৷  জালুকত ফাইটোনিউট্ৰিয়েণ্ট থাকে, যি চৰ্বি হোৱাত বাধা দিয়ে৷ 
গেষ্ট্ৰিক উপশমঃ জালুকত থকা কাৰ্মিনেটিভে গেছৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে৷ তদুপৰি পেটৰ বিষতো ই ভাল ফল দিয়ে ভোক বৃদ্ধিত সহায় কৰে ভোক বঢ়াবলৈ জালুক খাব পাৰে৷ জালুকে হজম শক্তি বৃদ্ধি কৰি ভোগ বৃদ্ধি কৰে৷  আধা চামুচ জালুক আৰু গুড়ৰ গুৰি মিহলি কৰি খালে ভোগ লাগিব 
হতাশা দূৰ কৰেঃ জালুকে চাপ আৰু হতাশা দূৰ কৰে৷ 
ডায়েবেটিচ নিয়ন্ত্ৰণঃ জালুকত এণ্টিঅক্সিডেণ্ট গুণ আছে, যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰে৷ 
গাঁঠিৰ বিষঃ গাঁঠিৰ বিষ বা ৰ্থ্ৰাইটিছৰ দৰে সমস্যাত ভুগিলে ক’লা জালুক খোৱাটো উপকাৰী৷ ই বিষ নিৰাময় কৰে৷