Logo
image

মুখ্যমন্ত্ৰীৰ প্ৰতি আজমলৰ মুকলি সমৰ্থন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে বক্ৰ পথেৰে ৰাজ সাহায্য গ্ৰহণ কৰাক লৈ দিল্লী-দিছপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কংগ্ৰেছ, আম আদমী পাৰ্টী, চি পি আই (এম), ৰাইজৰ দলে ফুড প্ৰচেচিং উদ্যোগ খোলাৰ নামত কোম্পানীটোৱে ৰাজ সাহায্য গ্ৰহণৰ ঘটনা সন্দৰ্ভত উচ্ছ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে৷ এই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ পক্ষত থিয় দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোগল বুলি দাবী কৰি অহা বদৰুদ্দিন আজমলে৷ বিধানসভাৰ বাহিৰে ভিতৰে বিৰোধী দল কংগ্ৰেছ, চি পি আই (এম), ৰাইজৰ দলে বিভিন্ন ধৰণেৰে প্ৰতিবাদ কৰি থকাৰ সময়ত ৰহস্যজনকভাৱে নিৰৱ হৈ আছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ৷ আজমলে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয়–‘মুখ্যমন্ত্ৰীয়ে টকা লোৱা নাই বুলি কৈছে৷ বিষয়টোক লৈ বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই৷ কাৰোবাৰ যদি কিবা আপত্তি আছে আৰ টি আই কৰক৷’ স্মৰ্তব্য বিজেপিৰে ইউ ডি এফৰ গোপন বুজাবুজি থকা বুলি দাবী কৰি আহিছে কংগ্ৰেছে৷ বিগত ৰাজ্যসভাৰ নিৰ্বাচন আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফ আৰু বিজেপিৰ গোপন বুজাবুজি প্ৰায় স্পষ্ট হৈ উঠিছিল৷ শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়ে ১০ কোটি টকা ৰাজসাহায্য গ্ৰহণ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰম অস্বস্তিত পৰাৰ সময়ত কাৰ্যতঃ তেওঁৰ পক্ষত আজমল থিয় হোৱাক লৈ ব্যাপক চৰ্চা হৈছে৷ উল্লেখ্য, বিগত বিধানসভা নিৰ্বাচনত বিজেপিৰ মূল ইচ্ছ্যুৱে আছিল আজমল৷ আজমলক ‘মোগল’ আখ্যা দিছিল হিমন্ত বিশ্ব শৰ্মাই৷ আজমলে মুখ্যমন্ত্ৰী হোৱাৰ ভয় দেখুৱাই কাৰ্যতঃ নিৰ্বাচনী বৈতৰণী পাৰ হৈছিল বিজেপি৷ উল্লেখ্য, বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিন শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছ, চি পি আই (এম), ৰাইজৰ দলে সদনৰ ভিতৰত উত্তাল প্ৰতিবাদ কৰে, বিধানসভাৰ অধ্যক্ষক ঘেৰাও কৰে, সদনৰ মজিয়াত বহী হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰে৷ ফলত তিনিবাৰ সদন স্থগিত ৰাখিবলগীয়া হয়৷ আনকি শেষত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলকেইটাই উক্ত কেলেংকাৰী সন্দৰ্ভত উচ্ছ পৰ্যায়ৰ তদন্ত বিচাৰি সদন ত্যাগ কৰে৷ কিন্তু কেউটা প্ৰতিবাদী কাৰ্যসূচীত ৰহস্যজনকভাৱে নিৰৱ হৈ থাকিল এ আই ইউ ডি এফ৷

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদকঃ পাকেপ্ৰকাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুখ নুখুলিলে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷ শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ ফকিৰগঞ্জ যোৱাৰ পথত ভূমি কেলেংকাৰীৰ পিছত এইবাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন কোম্পানীৰ ৰাজ সাহায্যক লৈ আৰম্ভ হোৱা বিতৰ্কত সাংসদ বদৰুদ্দিন আজমলে ৰহস্যজনক স্থিতি লয়৷ বদৰুদ্দিন আজমলে কয়– ‘মুখ্যমন্ত্ৰীয়ে টকা লোৱা নাই বুলি কৈছে গতিকে উক্ত বিষয়ত কিবা জানিবলৈ হ’লে আৰ টি আই কৰক৷ উক্ত বিষয়ত বিৰোধীৰ সকলোকে তদন্ত কৰিবলৈ দাবী জনাবলৈ আহ্বান জনায় আজমলে৷’ কিন্তু আজমললৈ সাংবাদিকৰ প্ৰশ্ন–‘আপুনি ব্যক্তিগতভাৱে তদন্তৰ দাবী কৰে নেকি৷’ কিন্তু আজমলৰ উত্তৰ–সকলো বিৰোধীয়ে এইটো তদন্তৰ দাবী কৰিব লাগে৷ মই কৰা নাই বুলিও তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে৷ ইপিনে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্যৰ্থ চৰকাৰ আখ্যা আজমলৰ৷ হজ ভৱনৰ বাবে বৰঝাৰ বিমানবন্দৰৰ ওচৰত দহ বিঘা ভূমি আবণ্টনৰ আহ্বান জনায় আজমলে৷ জালুকবাৰীত নিৰ্মীয়মান হজ ভৱন মানি নলয় অজমলে৷ তৰুণ গগৈৰ কাৰ্যকালত প্ৰতিগৰাকী মন্ত্ৰীয়ে দুৰ্নীতি কৰিছে, বন বিভাগৰ ভূমি দখল কৰিছে বুলি তৎপৰ্যপূৰ্ণ মন্তব্য কৰে আজমলে৷ উক্ত বিষয় কয় পূৰ্বৰ উক্ত বিষয়সমূহতো তদন্তও হ’ব লাগে বুলি দাবী কৰে আজমলে৷ ইণ্ডিয়া নাম সলনি কৰাক লৈ বিৰোধিতা কৰি আছোঁ কৰি যাম লগতে এইবাৰ লোকসভাত সেই বিষয়ত প্ৰতিবাদ কৰিব আজমলে৷ ’২৪ৰ লোকসভা নিৰ্বাচনত জিকাটো নিশ্চিত৷  এই দাবী ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ৷ ধুবুৰীত আগন্তুক লোকসভা নিৰ্বাচনত তেখেতৰ জয়-পৰাজয়ৰ বিষয়টোক লৈ আজি ধুবুৰীত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁৰ দাবী– ‘ইনশাল্লাহ৷ আজমল জিকিছি, জিকিছে জাকিব৷’ আনকি তিনিমাহ আগৰ পৰাই তেওঁ ’২৪ৰ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰা বুলিও দাবী তেওঁৰ৷ চৰকাৰী যিমান আঁচনি আছে তাৰে ৯০ শতাংশ ধন মাৰি খোৱাৰ ধান্ধবাজি চলে বুলি এক চমকপ্ৰদ মন্তব্য কৰি অহা ১৭ ছেপ্টেম্বৰৰ দিনা অসম চৰকাৰে ৰাজ্যজুৰি ১ কোটি গছপুলি ৰোপণৰ বাবে লোৱা সিদ্ধান্ত ১০০ শতাংশই বিফল হ’ব বুলি দাবী কৰে তেওঁ৷