Logo
image

বিধানসভাত লেপটপ কেলেংকাৰিঃ অভিযোগ স্বয়ং বিজেপি বিধায়কৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ছেপ্টেম্বৰঃ অসম বিধানসভাত লেপটপ কেলেংকাৰি! অসম বিধানসভাৰ অধ্যক্ষই বিধায়কসকলক ক্লিয়াৰেন্সৰ বাবে ৰখা লেপটপকে উপহাৰ হিচাপে যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে খোদ শাসক দলৰ বিধায়ক মৃণাল শইকীয়াই৷ বিধায়ক শইকীয়াই এটা টুইটত বিধায়সকলক যোগান ধৰা লেপটপৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰো ইংগিত দিছে৷ উল্লেখ্য, অসম বিধানসভাৰ নৱ নিৰ্মিত নতুন স্থায়ী ভৱনৰ উদ্বোধনৰ পূৰ্বে অসম বিধানসভাৰ ফালৰ পৰা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ১২৬জন বিধায়ককে একোটাকৈ লেপটপ উপহাৰ দিছিল৷ বিধায়কসকলে কোনো আপত্তি নকৰাকৈ গ্ৰহণ কৰা লেপটপটো আছিল এইচ পি কোম্পানীৰ৷ বিভিন্ন সময়ত অসম চৰকাৰে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাই আহিছে যদিও বিধায়কসকলক উপহাৰ দিয়া লেপটপটো আছিল চীনত নিৰ্মিত৷ অৰ্থাৎ এইচ পি কোম্পানীৰ লেপটপটোত স্পষ্টকৈ লিখা আছে মেড ইন চাইনা বুলি৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে বিধায়কসকলক দিয়া HP Elite Book মডেলৰ লেপটপটো ২০২১ চনত নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান উক্ত মডেলৰ লেপটপৰ নিৰ্মাণ বন্ধ কৰিছে এইচ পিয়ে৷ এক কথা নিৰ্মাণ বন্ধ হৈ পৰা ২০২১ চনৰে একোটা লেপটপ যোগান ধৰা হৈছে বিধায়কসকলক৷ আশ্চৰ্যজনক বিষয়টো হৈছে, নিৰ্মাণ বন্ধ হৈ পুৰণিকলীয়া লেপটপটোৰ মূল্য দেখিলে আপোনাৰো চকু কঁপালত উঠিব৷ কিয়নো বিধায়কসকলে উপহাৰ লাভ কৰা প্ৰতিটো লেপটপৰে মূল্য দেখুওৱা হৈছে ২,৪৮,৯৯৯ টকা৷ অথচ ফ্লিপকাৰ্টত HP Elite Book মডেলৰ লেপটপৰ দাম ৰ,৮৪,২৪৮ টকা বুলিহে উল্লেখ আছে৷ অৰ্থাৎ অসম বিধানসভাই নিৰ্মাণ বন্ধ  হৈ পৰা এটা লেপটপৰ বজাৰ মূল্যতকৈ প্ৰায় ৬৪,৭৫১ টকা অধিক দামত ক্ৰয় কৰি বিধায়কসকলক যোগান ধৰা বুলিও খোদ বিধায়কসকলৰ মাজতে চৰ্চা চলিছে৷ অৱশ্যে বিধায়কসকলক যোগান ধৰা লেপটপটোৰ কোনো ৱাৰেণ্টী কাৰ্ডো নাই৷ যাৰ বাবে স্বাভাৱিকতেই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজ হাতে উপহাৰ দিয়া লেপটপ যোগানত কেলেংকাৰিৰ সন্দেহ প্ৰকাশ কৰিছে শাসক দলৰ বিধায়ক মৃণাল শইকীয়াই৷ বিধায়ক শইকীয়াই শুকুৰবাৰে এটা টুইটত নিজৰ সন্দেহৰ কথা ব্যক্ত কৰে এইদৰে–‘আমাক  HP Elite Book লেপটপৰ মূল্য ২,৮৪,৯৯৯ টকা (ৱাৰেণ্টী কাৰ্ড অবিহনে) দামী উপহাৰ দিয়াৰ বাবে অধ্যক্ষ মহোদয় বিশ্বজিৎ দৈমাৰী আৰু অসম বিধানসভাক ধন্যবাদ জনাইছো৷ কিন্তু মই বৰ বিৰোধিত পৰিছো– মেচিন কিয় ২০২৩ চনত নিৰ্মিত মেচিনৰ পৰিৱৰ্তে ২০২১ চনৰ আগষ্ট মাহত নিৰ্মিত কম্পিউটাৰ বিতৰণ কৰা হ’ল! আশাকৰো এইবোৰ ষ্টক ক্লিয়াৰেন্সৰ পৰা ক্ৰয় কৰা নহয়৷ মোৰ মনৰ কথাখিনি কোৱাৰ বাবে ক্ষমা বিচাৰিছো৷’ বিধায়ক মৃণাল শইকীয়াৰ এই টুইটটোৱে আওপকীয়াকৈ হ’লেও স্পষ্ট কৰিছে যে বিধানসভাত বিধায়কক লেপটপ যোগানৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হৈছে৷ অৱশ্যে বিধানসভাৰ কতৃৰ্ইপক্ষই ইয়াৰ কিবা স্পষ্টীকৰণ দিব নে, নে বিষয়টো গাপ দি ৰাখিব সেয়া অনাগত দিনতহে স্পষ্ট হ’ব৷