Logo
image

সেউজীয়া পাহাৰ, গছ কাটি ‘অমৃতবৃক্ষ’ৰ আজব আয়োজন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ছেপ্টেম্বৰঃ বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে অসমত এতিয়া চৰকাৰীভাৱে ৰোপণ কৰা হৈছে লাখ লাখ গছপুলি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে চলিত সপ্তাহটোৰ প্ৰতিটো দিনতেই যেন লাখ লাখ গছপুলি ৰোপণৰ জৰিয়তে এটাৰ পাছত এটাকৈ গীনিজ ৱ’ল্ড ৰেকৰ্ড গঢ়িছে৷ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ গছপুলি ৰোপণ কাৰ্যসূচীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ আন্দোলন নামাকৰণ কৰিছে৷ বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপ ল’লেও বিশ্ব ৰেকৰ্ডৰ বাবে গছ পুলি ৰুবলৈ এতিয়া থৰকাছুটি হেৰুৱাইছে বন বিভাগৰ লগতে জিলা প্ৰশাসনে৷ উৎকট গৰমৰ মাজত গছপুলি ৰোপণৰ কাৰ্যসূচীক বিভিন্নজনে সমালোচনা কৰিলেও শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ অভয়পুৰৰ হাপজান পৰ্বতত এক ঘণ্টাৰ ভিতৰত এটা দলৰ দ্বাৰা ৩.৫ লাখ গছপুলি ৰোপণ কৰি আন এক বিশ্ব অভিলেখ গঢ়ে৷ ইয়াৰ দুদিন পূৰ্বে ওদাগুৰিৰ ভৈৰৱ কুণ্ডত ২৪ ঘণ্টাত ১০ লাখ গছপুলি ৰোপণ কৰি আন এক অভিলেখ গঢ়িছিল৷ আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ১৭ ছেপ্টেম্বৰৰ অৰ্থাৎ দেওবাৰে এক কোটি ব্যৱসায়িক গছপুলি ৰোপণৰ বাবেও সাজু হৈছে চৰকাৰ৷ ইয়াৰ বাবে বন বিভাগ আৰু জিলা প্ৰশাসনে গছপুলি ৰোপণৰ লক্ষ্য পূৰণ কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি নামি পৰিছে৷ কিন্তু দিছপুৰৰ হেঁচাত গছপুলি ৰোপণৰ বাবে জিলা প্ৰশাসনে এতিয়া সেউজ অৱৰণ ধবংস কৰি অৰ্থাৎ গছ-বন কাটি বুলড’জাৰে হাবি-জংঘল চাফ-চিকুণ কৰি নতুনকৈ গছপুলি ৰোপণৰ বাবে ঠাই পৰিষ্কাৰ কৰা পৰিলক্ষিত হৈছে৷ ইমানেই নহয়, প্ৰশাসনে চাহ বাগান উচ্ছেদ কৰি ভয়-ভাবুকিৰে খিলঞ্জীয়া লোকৰ ম্যাদিপট্টা থকা ভূমিতো বলপূৰ্বকভাৱে অমৃত বৃক্ষৰ গছপুলি ৰোপণৰ গুৰুতৰ অভিযোগ উঠিছে৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ অভয়পুৰৰ হাপজানত এঘণ্টাৰ ভিতৰতে কাগজে-কলমে ৩.৫ লাখ গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়ে৷ অৱশ্যে অভয়পুৰত অমৃত বৃক্ষৰ গছপুলি ৰোপণৰ নামত পাটকাই পৰ্বতৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল এলেকাত সেউজ হাবি-জংঘল কাটি চাফা কৰি গছপুলি ৰোপণ কৰাৰ অভিযোগ উঠিছে৷ আনকি এই কাৰ্যৰ বাবে স্থানীয় জনজাতীয় লোকে যুগ যুগ ধৰি ভোগ দখল কৰি গঢ়ি তোলা চাহ-বাগান, তামোলৰ বাগান আৰু বাঁহ গছ ইত্যাদি বুলড’জাৰে উৎখাট কৰি গছপুলি ৰোপণ কৰা দেখা গ’ল৷ ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিক্ৰম কৈৰীৰ নিৰীক্ষণত দিনে নিশাই পৰিৱেশ সংবেদনশীল এলেকাটোত হাইভল্টেজ লাইট জ্বলাই নিশা ভাগতো এক্সেভেটৰে বৃহৎ বৃহৎ গছ উভালি প্ৰায় ২৫ একৰ সেউজ বনভূমি ধবংস কৰি পেলোৱাৰ অভিযোগ উঠিছে৷ কেৱল নাহৰকটীয়াৰ কছাৰীগাঁও পঞ্চায়তৰ অন্তৰ্গত এই অঞ্চলটোতেই নহয়, অমৃত বৃক্ষ আন্দোলনৰ নামত প্ৰতিখন জিলাতে প্ৰশাসনে সেউজ বনভূমি ধবংস কৰি গছপুলি ৰোপণৰ বাবে ঠাই মুকলি কৰা দেখা গৈছে৷ যাক লৈ এতিয়াৰ সৰ্ব সাধাৰণ লোকে কেৱল ৰেকৰ্ডৰ নামত সেউজ আৱৰণ ধবংস কৰি গছপুলি ৰোপণৰ নাটক কিয় বুলিও প্ৰশ্ন কৰা দেখা গৈছে৷

ধবংসযজ্ঞৰ মাজতে শোণিতপুৰত অমৃতবৃক্ষ আন্দোলনৰ কুচ-কাৱাজ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ ১৭ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ ওলোৱা অমৃত বৃক্ষ আন্দোলনৰ বাবে ইতিমধ্যেই সাজু হৈছে শোণিতপুৰ প্ৰশাসনো৷ এই অভিলাষী প্ৰকল্পৰ বাবে শোণিতপুৰৰ বন বিভাগৰ লগতে গাঁও পঞ্চায়তকে ধৰি মহিলা আত্মসহায়ক গোট আদি সকলোকে সাজু কৰা হৈছে৷ ইতিমধ্যেই বিতৰণ কৰা হৈছে চিনাকি-অচিনাকি বিভিন্ন গছপুলি৷ প্ৰণিধানযোগ্য যে, বিগত সময়ত ১৭.৪হাজাৰ হেক্টৰ বনভূমি ধবংস হোৱা শোণিতপুৰত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ নামতে পথৰ দাঁতিৰ প্ৰায় ১৫হাজাৰ জোপা গছ কাটি পেলোৱা হৈছিল৷ একেদৰেই সম্প্ৰতি জিলা সদৰ তেজপুৰত উৰণীয়া সেতু নিৰ্মাণৰ বাবে কটা হ’ল বহুসংখ্যক পুৰণা গছ৷ তদুপৰি, জিলাখনৰ সোণাইৰূপাই আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলত হোৱা ব্যাপক বনধবংস আৰু বেদখলকাৰীকো বিভিন্ন যুক্তিৰে এইখন চৰকাৰে সুৰক্ষা প্ৰদান কৰি আহিছে৷ জিলাখনৰ গাভৰু, বালিপৰা, বিহগুৰি আৰু ৰঙাপৰা আদি উন্নয়নখণ্ডত বিগত সময়ত গছপুলি ৰোপণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ উপৰি আনকি নাৰ্ছাৰীৰ পৰা গছপুলি সংগ্ৰহৰ ভুৱা নথি জমা দি ধন আত্মসাতৰ ঘটনা স্পষ্ট হোৱা সত্ত্বেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷ কেম্পা, সামাজিক বনানীকৰণ আদিৰ বিভিন্ন আঁচনিৰ অধীনত গছপুলি ৰোপণৰ পাছত তেনেবোৰ আঁচনিৰ অধিকাংশৰে চিনচাব নোহোৱা হৈ পৰাৰ পাছত সম্প্ৰতি অমৃত বৃক্ষ আন্দোলনে কি ৰূপ লয় সেয়া অতিশীঘ্ৰেই স্পষ্ট হ’ব যদিও সম্প্ৰতি ১৭ছেপ্টেম্বৰত জিলাখনত মুঠ তিনিলাখ ৯০হাজাৰ বাণিজ্যিক গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ উল্লেখ্য, হিমালয়ৰ পাদদেশ এলেকাৰ বনাঞ্চলৰ লগতে জীৱ বৈচিত্ৰ্যৰ প্ৰতি সম্প্ৰতি তীব্ৰ ভাবুকি অহা অঞ্চল হিচাপে চিহ্নিত শোণিতপুৰত হোৱা প্ৰাকৃতিক বনাঞ্চলৰ ধাৰাবাহিক ধবংস আৰু বেদখলৰ ক্ষেত্ৰত ৰাজনৈতিক কাৰণতে ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰা চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত তৈল খেজুৰৰ খেতিৰো আয়োজন তথা প্ৰচাৰ চলিছে৷ এনে অৱস্থাত অভিলেখ গঢ়াৰ উদ্দেশ্যে আৰম্ভ হোৱা এই অমৃত বৃক্ষ আন্দোলনৰ অমৃতে অনাগত দিনত কেনে ৰূপ লয় সেয়া লক্ষ্যণীয় হ’ব বুলি জিলাখনত সুদীৰ্ঘকাল ধৰি একক প্ৰচেষ্টাৰে গছপুলি ৰোপণ আৰু সংৰক্ষণৰে জড়িত থকা একাংশ লোকে মন্তব্য কৰিছে৷

ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ নিৰ্মাণৰ বাবে গছপুলি ৰোপণৰ ব্যৱস্থা

মঙলদৈৰ পৰা আব্দুল খালেক (আমাৰ অসম): অসমত পথ এটা নিৰ্মাণ তথা সম্প্ৰসাৰণ কৰাৰ নামত পথৰ দাঁতিত থকা বিভিন্ন গছ-গছনি কাটি তহিলং কৰাৰ মানসিকতাৰ বিৰুদ্ধে মঙলদৈৰ কেইজনমান অধিবক্তাই সোচ্ছাৰ হৈ উঠাত অৱশেষত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণে সেও মানিবলৈ বাধ্য হৈছে আৰু মঙলদৈৰ বাইপাছ নিৰ্মাণৰ সময়ত কটিবলগীয়া ১৭৭ ডাল গছ নাকাটি সংৰোপণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাত উৎফুল্ল হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল৷ মঙলদৈৰ জ্যেষ্ঠ অধিবক্তা জয়ন্ত ডেকাৰ পৰা জানিব পৰা মতে, বাইহাটা চাৰিআলিৰ পৰা জোনাইলৈ বিস্তৃত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ মঙলদৈ চহৰৰ অংশ বাইপাছ নিৰ্মাণ কৰাৰ বাবে মঙলদৈবাসীয়ে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ অন্তত অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাইপাছৰ আধাৰশিলা স্থাপন কৰে৷ প্ৰাপ্ত তথ্য মতে, এই নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে মেছাৰ্ছ ভেনচাৰ কনষ্ট্ৰাকচন কোম্পানী, হাইদৰাবাদৰ হাতত অৰ্পণ কৰা হৈছে৷ এই বাইপাছৰ দৈৰ্ঘ্য প্ৰায় ১৫.১০কিলোমিটাৰ হ’ব৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বইনা ওঝা গাঁৱৰ পৰা এই বাইপাছ আৰম্ভ হৈ খাটনিয়াপাৰাত শেষ হ’ব৷ এই বাইপাছ অংশখিনিত জৰীপ মতে ১৭৭ ডাল গছ আছে৷ সচৰাচৰ হোৱাৰ দৰে বাইপাছ নিৰ্মাণৰ সময়ত এই গছকেইডাল সংশি¡ষ্ট কতৃৰ্পক্ষই কাটি তহিলং কৰিলেহেঁতেন৷ কিন্তু এই বাইপাছটো Green Highway (Plantation, Transplantation, Beautification and Maintenance) Policy ২০১৫১ অধীনত সেউজ ৰাষ্ট্ৰীয় পথ হিচাবে ঘোষণা কৰাৰ বাবে যোৱা ২০২০ চনৰ ২০ অক্টোবৰত সচিব, পথ যাতায়াত আৰু ৰাষ্ট্ৰীয় ঘাইপথ, নতুন দিল্লীলৈ মঙলদৈৰ অধিবক্তা ক্ৰমে- জয়ন্ত ডেকা, নিৰোদ ডেকা, নয়নমণি ডেকা আৰু যতীন নাথে এখন আবেদনৰ জৰিয়তে দাবী জনাইছিল৷ দীৰ্ঘদিন ধৰি অধিবক্তাসকলে কোনো সদুত্তৰ নোপোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ) লৈ দেৱানী কাৰ্যবিধি আইনৰ ৮০নং ধাৰাত যোৱা ২০২১ চনৰ ১৭ এপ্ৰিলত এক জাননী জাৰি কৰি উক্ত বাইপাছছোৱা সেউজ ৰাষ্ট্ৰীয় পথ হিচাবে আৰু নিৰ্মাণৰ সময়ত পথছোৱাত থকা পূৰঠ গছসমূহ জধে-মধে কাটি ধংস নকৰি সংৰোপণৰ দিহা কৰাৰ বাবে অনুৰোধ জনাইছিল, অন্যথাই গোচৰ তৰাৰ সম্পৰ্কে অধিবক্তাসকলে সংশ্লিষ্ট বিভাগক অৱগত কৰিছিল৷ উক্ত জাননী লাভ কৰাৰ পৰৱৰ্তী সময়ত মুখ্য অভিযন্তা, লোক নিৰ্মাণ বিভাগে (ৰাষ্ট্ৰীয় ঘাইপথ) অধিবক্তাসকলক ২০২২ চনৰ ৭জুনত এখন পত্ৰযোগে ১৭৭ডাল পূৰঠ গছ সংৰোপণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ইতিমধ্যে অধিবক্তাসকলে ভেনচাৰ কনষ্ট্ৰাকচন কোম্পানীৰ লগত অসম চৰকাৰে ২০২৩ চনৰ ৩০ জানুৱাৰীত হোৱা চুক্তি-পত্ৰ সংগ্ৰহ কৰিছে আৰু সেই চুক্তি-পত্ৰৰ তপছিল ‘খ’ৰ ১০নং অনুচ্ছেদত ১৭৭ডাল গছ সংৰোপণৰ ব্যৱস্থা গ্ৰহণ সম্পৰ্কে উল্লেখ আছে৷ অধিবক্তাসকলে সংগ্ৰহ কৰা তথ্য অনুসৰি বন বিভাগ, উত্তৰ কামৰূপ সংমণ্ডলক ইতিমধ্যে উক্ত ১৭৭ডাল গছ চিনাক্তকৰণৰ বাবে নিৰ্মাণ সংস্থাই অনুৰোধ জনাইছে৷ তাৎপৰ্যপূৰ্ণ যে, অধিবক্তাসকলে আজি পুনৰ সংশ্লিষ্ট কতৃৰ্পক্ষক বৃক্ষ সংৰোপণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বা দিল্লী চৰকাৰে তালিকাভুক্ত কৰা বা স্বীকৃতি দিয়া প্ৰতিষ্ঠানৰ দ্বাৰাহে বৃক্ষ সংৰোপণ কৰাৰ লগতে এনে সংৰোপণ কাৰ্যৰ ভিডিঅ’ তৈয়াৰ কৰি সংশ্লিষ্ট কতৃৰ্পক্ষৰ ৱেবছাইট বা সামাজিক মাধ্যমত প্ৰচাৰৰ দিহা কৰাৰ দাবীৰে পত্ৰ প্ৰেৰণ কৰিছে৷ প্ৰণিধানযোগ্য যে, উল্লিখিত চুক্তিত বাইপাছ নিৰ্মাণৰ প্ৰত্যেক সাতদিনৰ অন্তৰে অন্তৰে নিৰ্মাণকাৰ্যৰ ভিডিঅ’ কৰি কতৃৰ্পক্ষক দাখিল কৰাৰ ব্যৱস্থা আছে৷ প্ৰণিধানযোগ্য যে ২০২০ চনতে দিল্লী চৰকাৰে বৃক্ষ সংৰোপণ নীতি ঘোষণা আৰু কাৰ্যকৰী কৰিছে৷ ‘দিল্লী’- ভাৰতৰ প্ৰথম আৰু একমাত্ৰ ৰাজ্য, য’ত বৃক্ষ সংৰোপণ নীতি কাৰ্যকৰী কৰিছে৷ অধিবক্তাকেইজনে প্ৰকৃতিপ্ৰেমী সকলো দল-সংগঠনকে সংশ্লিষ্ট কতৃৰ্পক্ষক বৃক্ষ সংৰোপণৰ অভিজ্ঞতা আৰু প্ৰযুক্তি থকা প্ৰতিষ্ঠানৰ দ্বাৰা এনে সংৰোপণৰ কাৰ্য সম্পন্ন কৰাৰ বাবে অনুৰোধ জনাবলৈ আহ৩ান জনাইছে৷ এই কাৰ্য সঁচাকৈয়ে সম্পাদন হ’লে, বৃক্ষ সংৰোপণৰ ক্ষেত্ৰত অসমৰ মঙলদৈয়েই হ’ব প্ৰথম৷