Logo
image

এইবোৰ সমস্যা থাকিলে কেঁচা পিঁয়াজ নাখাব

আলু পিটিকাই হওক বা কেঁচা বুটেই হওক, ইয়াৰ সৈতে কেঁচা পিয়াঁজ মিহলালে সোৱাদ বেছি হয়৷ বহুতেই আকৌ ভাতৰ সৈতেও কেঁচা পিঁয়াজ খায়৷ আন কিছুমানে কেঁচা পিঁয়াজ চালাড হিচাপে খায়৷ অত্যধিক গৰমত কেঁচা পিয়াঁজে হিট ষ্ট্ৰকত আক্ৰান্ত হোৱাৰ আশংকা কমায়৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে কেঁচা পিঁয়াজে খালে এজ্‌মাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হয়৷ কেঁচা পিয়াঁজে শৰীৰ শীতল কৰি ৰখাত সহায় কৰে৷ শ্বাসকষ্টত ভুগিলে কেঁচা পিঁয়াজ খালে সকাহ পোৱা যায়৷
কেঁচা পিঁয়াজত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ গুণ থাকে যদিও কিছুমান ক্ষেত্ৰত পিঁয়াজ কিন্তু ক্ষতিকাৰক৷ এক গৱেষণামতে পিঁয়াজে হৃদযন্ত্ৰ, ৰক্তচাপ আৰু অন্যান্য শাৰীৰিক সমস্যাৰ পৰা আঁতৰত ৰাখে যদিও অত্যধিক পৰিমাণে কেঁচা পিঁয়াজ খালে হিতে বিপৰীত হ’ব পাৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ সমস্যা থাকিলে কেঁচা পিঁয়াজ খোৱা অনুচিত–
(১) এচিডিটিঃ পিঁয়াজৰ পৰা গ্লুক’জ আৰু ফ্ৰুক্ট’জসহ বিভিন্ন উপাদান পোৱা যায়৷ অত্যধিক কেঁচা পিঁয়াজ খালে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়৷ ফলত এচিডিটি হয়৷ যিসকলৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে তেওঁলোকে কেঁচা পিঁয়াজ খোৱা অনুচিত৷ পিঁয়াজত থকা ফাইবাৰে কোষ্ঠকাঠিন্যৰ সমস্যা বঢ়ায়৷
(২) ডায়েবেটিছঃ যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে বা ডায়েবেটিছৰ উপসৰ্গই দেখা দিছে তেওঁলোকে ভুলতো কেঁচা পিঁয়াজ নাখাব৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে কেঁচা পিঁয়াজে যিহেতু শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে, সেয়ে অত্যধিক কেঁচা পিঁয়াজ খালে ডায়েবেটিছ বাঢ়ে৷
(৩) হজমৰ সমস্যাঃ হজমৰ সমস্যা বা পেট সংক্ৰান্তীয় সমস্যা থাকিলে কেঁচা পিঁয়াজে হজমৰ সমস্যা বঢ়ায়৷
(৪) অস্ত্ৰোপচাৰঃ সদ্য অস্ত্ৰোপচাৰ কৰা সকলে পিঁয়াজ কেঁচাই খোৱা অনুচিত৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে পিঁয়াজ কেঁচাই খালে তেজ গোট মৰাৰ আশংকা থাকে৷ অস্ত্ৰোপচাৰৰ পাছত অন্ততঃ এসপ্তাহলৈ কেঁচা পিঁয়াজ নাখাব৷