Logo
image

উক্তি-বক্ৰোক্তি

ইছৰোৱে একেবাৰে সঠিক সময়ত চন্দ্ৰযান নিৰ্মাণ কৰিছে৷ মই গোটেই কংগ্ৰেছ পাৰ্টীটোকে চন্দ্ৰযানত তুলি চন্দ্ৰলৈ পঠিয়াই দিম৷ তাতে তেওঁলোকে চৰকাৰ গঠন কৰিব৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বংগত সকলো সুযোগ-সুবিধা আছে৷ চহকী সংস্কৃতি আছে, দক্ষ শ্ৰমিক আছে, যোগ্য স্থান আছে৷ এই সকলোবোৰেই যিকোনো বিদেশী কোম্পানীৰ বিনিয়োগৰ বাবে অতি সূচল উপায় হৈ পৰিব পাৰে৷ সেয়ে স্পেইনৰ উদ্যোগীক মই পশ্চিমবংগলৈ আহি বিনিয়োগ কৰিবলৈ আহ্বান জনালোঁ৷ 
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

সাংসদ খুড়াক দীপ গগৈক ডেগাৰ মাৰি এজন শ্বাহজাদা বিদেশৰ পৰা আহি পোনে পোনে সাংসদ হ’ল৷ গৌৰৱ গগৈ নামৰ সেই ৰাজকুমাৰজনে দলৰ অ-আ-ক-খ একো নিশিকাকৈ আৰু দললৈ কোনো অৱদান আগ নবঢ়োৱাকৈ ৰজাৰ পুতেকৰ দৰে সিংহাসন দখল কৰিলে৷ তেওঁ আকৌ এতিয়া আনক নৈতিকতাৰ শিক্ষা দিয়ে৷
– মন্ত্ৰী পীয়ূষ হাজৰিকা

বিৰোধী জোঁট ইণ্ডিয়াৰ একাংশ নেতাই সনাতন ধৰ্ম নিশ্চিহ্ন কৰিব খুজিছে আৰু তেওঁলোকে ঘৃণাৰ এখন মেগামল স্থাপন কৰিবলৈ আগবাঢ়িছে৷ 
– কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

অসমৰ এগৰাকী সফল উদ্যোগী ৰিণিকী বাইদেৱে নিজৰ বলেৰে মাটি কিনিছে৷ উদ্যোগ স্থাপন কৰিছে৷ তেওঁলৈ চকু দিয়াৰ কি দৰকাৰ৷ সীতাক চকু দি ৰাৱণ ধবংস হৈছিল৷ দ্ৰৌপদীক চকু দি দুৰ্যোধন ধবংস হৈছিল৷ এতিয়া বিৰোধীৰো একেই দশা হ’ব৷
– বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী

আমি তেলেংগানাৰ মানুহক প্ৰতিশ্ৰুতি দিছিলোঁ৷ এখন নতুন ৰাজ্য অৰ্পণ কৰি আমি সেই প্ৰতিশ্ৰুতি ৰক্ষাও কৰিছিলোঁ৷ এতিয়া কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যখন উন্নয়নৰ পথত আগুৱাই যোৱাৰ সময়৷ 
– কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৪জন সাংবাদিকক বৰ্জন কৰাৰ বাবে বিৰোধী ২৬টা দলে সিদ্ধান্ত লোৱাটো চিন্তা কৰিবলগীয়া৷ যি কাৰণে বৰ্জন কৰিছে, অসমতো তেনে কাম-কাজ চলি আছে৷ অসমৰ ক্ষেত্ৰত আমি আলোচনা কৰি তেনে সিদ্ধান্ত ল’ম৷ 
– ৰাজ্যিক কংগ্ৰেছ সভাপতি ভূপেন বৰা

মই খেলৰ সৈতে জড়িত হৈ থাকিলেও ব্যৱসায়ী পৰিয়ালৰ সন্তান৷ আমাৰ পৰিয়ালৰ ৫০-৫৫ বছৰৰ পৰা ব্যৱসায় আছে৷ মোৰ নিজস্ব তৃতীয়টো তীখা কাৰখানা ছমাহমানৰ ভিতৰত পশ্চিমবংগত আৰম্ভ হ’ব৷ 
– প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী