Logo
image

ই ডব্লিউ এছৰ বাবে চৰকাৰী চাকৰি সংৰক্ষণৰ দাবী

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ই ডব্লিউ এছৰ অন্তৰ্ভুক্ত হোৱাসকলৰ বাবে আসন সংৰক্ষণৰ সুবিধা পুনৰ বাহাল ৰখাৰ বাবে আহ্বান জনাই আহিছে একাংশ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ অন্তৰ্গত চৰকাৰী চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে। সেই উদ্দেশ্যৰে যোৱা ২৫ আগষ্টত এক টুইটাৰ ধুমুহাৰে চৰকাৰী পক্ষক বিষয়টো অৱগত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল এই প্ৰাৰ্থীসকলে। তাৰ পাছতো কোনো সদুত্তৰ লাভ নকৰি আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ হকে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে বিষয়টোৰ হকে মাত মাতি অহা একাংশ নেতৃত্বই।  

সংবাদমেল সম্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ গৱেষক ছাত্র মানৱজ্যোতি কলিতাই কয় যে বৰ্তমান অসমৰ চৰকাৰী খণ্ডৰ প্ৰায় সকলো নিযুক্তি প্ৰক্ৰিয়াতেই ই ডব্লিউ এছ প্ৰাৰ্থীৰ বাবে থকা আসন সংৰক্ষণৰ ব্যৱস্থা বন্ধ কৰি ৰখা হৈছে। ভাৰত চৰকাৰে ২০১৯ চনৰ ৭ জানুৱাৰীত নিযুক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ জাতিৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ১০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থাৰ প্ৰস্তাৱ দিছিল। তাৰ পিছত ভাৰতৰ লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত হৈ ১৪ জানুৱাৰী, ২০১৯ত ভাৰতৰ সংবিধানৰ ১৫(৬) আৰু ১৬(৬) অনুচ্ছেদত সাধাৰণ জাতিৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। কিন্তু ১০ জানুৱাৰী, ২০১৯ চনতেই Youth for Equality নামৰ এটা NGO এই সংৰক্ষণ ব্যৱস্থাৰ  বিৰুদ্ধাচৰণ কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল। এই গোচৰৰ অন্তিম শুনানিত ২০২২ চনৰ ৭ নৱেম্বৰত পুনৰ ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাক বৈধ হিচাপে ঘোষণা কৰিছিল। তাৰ পাছতো শেহতীয়াকৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তি প্ৰক্ৰিয়া, অসম লোকসেৱা আয়োগৰ ভিন্ন পদৰ নিযুক্তি প্ৰক্ৰিয়া, প্ৰাথমিক, মাধ্যমিক তথা উচ্চ মাধ্যমিক খণ্ডৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া, অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া ইত্যাদি প্ৰায় সকলোতে ই ডব্লিউ এছৰ অধীনত পৰা প্ৰাৰ্থীৰ বাবে সংৰক্ষণৰ সুবিধা নাইকিয়া কৰি দিয়া পৰিলক্ষিত হৈ আহিছে। পূৰ্বৰ কিছু প্ৰাৰ্থীৰ ক্ষেত্ৰত সন্দেহ ঘনীভূত হোৱাৰ বাবেই এই পদক্ষেপ লোৱা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিছিল। কিন্তু কিছুসংখ্যকৰ ভুৱা নথি-পত্ৰৰ দোষৰ পৰিণতিত প্ৰকৃত প্ৰাৰ্থীসকলক মাধমাৰ সোধাই বছৰ বছৰ ধৰি এই সুবিধাৰ পৰা বঞ্চিত হৈ জীয়াতু ভুগিবলগীয়া কৰাটোও দুৰ্ভাগ্যজনক বুলি সংবাদমেলত আখ্যা দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ মানৱজ্যোতি কলিতাই। লগতে কলিতাই উল্লেখ কৰে যে যেনেদৰে অসমৰ বাহিৰত শিক্ষকতাৰ বাবে স্নাতক অৰ্থাৎ বি.এড. কৰি আহি শিক্ষকতা কৰি থকা সকলৰ নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হ'ব বুলি অসম চৰকাৰৰ তৰফৰ পৰা ৰাইজক আশ্বাস দিছে, ঠিক তেনেদৰে ইতিমধ্যে ই ডব্লিউ এছ সংৰক্ষণৰ সুবিধা ভুৱাকৈ লাভ কৰি নিযুক্তি পোৱা মহাবিদ্যালয়ৰ অধ্যাপক অথবা আন বিভাগৰ আসন শুৱনি কৰি থকা সকলৰো সঠিক তথ্যৰ অনুসন্ধান কৰিলে নিশ্চয় বহু ভুৱা ই ডব্লিউ এছ প্ৰাৰ্থী ওলাব। সেই পদক্ষেপ চৰকাৰে গ্ৰহণ কৰক তাক লৈ আমাৰ কোনো আপত্তি নাই, বৰঞ্চ নৈতিক সমৰ্থনহে থাকিব। কিন্তু তাৰ বিপৰীতে প্ৰকৃতাৰ্থত ই ডব্লিউ এছৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ হেতু বহু প্ৰাৰ্থী এতিয়া সকলো নিযুক্তি প্ৰক্ৰিয়াৰ লগতে শেহতীয়াকৈ চলি থকা মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ই ডব্লিউ এছ বন্ধ কৰি ৰখাৰ বাবে বঞ্চিত হৈ আহিছে। 

উল্লেখযোগ্য যে মহাবিদ্যালয়সমূহে শেহতীয়াকৈ নিযুক্তিৰ বাবে আৱেদন পত্ৰ বিচাৰি ই ডব্লিউ এছ সংৰক্ষিত পদত বিজ্ঞাপন দিয়াৰ পিছতো প্ৰতিবাৰে পুনৰ পৰৱৰ্তী সময়ত সেয়া সলনি কৰি দিয়ে। ইয়াৰ প্ৰকৃত কাৰণ স্পষ্ট নহয়। যিহেতু এয়া প্ৰতিগৰাকী যোগ্য প্ৰাৰ্থীৰ সাংবিধানিক অধিকাৰ, সেয়েহে আমি আশা কৰোঁ‌ যে বৰ্তমান চলি থকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগতে আগন্তুক অসম লোকসেৱা আয়োগকে ধৰি অন্যান্য সকলো চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়াতে আন আন সংৰক্ষণৰ সমান্তৰালকৈ
ই ডব্লিউ এছ পদৰ সংৰক্ষণৰ ব্যৱস্থা পুনৰ আৰম্ভ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰা এই সংৰক্ষণ ব্যৱস্থাটোৰ সুবিধা যোগ্যজনে অনাগত দিনত লাভ কৰিব- সংবাদ মেলত এনেকৈ দাবী উত্থাপন কৰে মানৱজ্যোতি কলিতা আৰু উপস্থিত থকা সতীৰ্থবৃন্দই। 

উল্লেখযোগ্য যে অসম চৰকাৰৰ কেবিনেটে ২০২২ চনৰ ১৮ জুলাইত ই ডব্লিউ এছৰ বাবে প্ৰয়োজনীয় অৰ্হতাৰ  সালসলনি ঘটাই মাহিলী আয় ৮ লাখ টকা আৰু গাঁও অঞ্চলত ৩০ বিঘা মাটি, নগৰ অঞ্চলত ২ বিঘা মাটি আৰু ৮৬৪০ বৰ্গফুটৰ ঘৰ থকা পৰিয়াল অন্তৰ্ভুক্ত হ'ব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে দূৰদৰ্শন, বাতৰি কাকত, ৰেডিঅ' আদিত ৰাইজক এই ব্যৱস্থাৰ অন্তৰ্ভুক্তিৰ বাবে অনুৰোধ কৰে। কিন্তু হঠাতে ২০২২ চনৰ ২১ ডিচেম্বৰত অসম চৰকাৰে এই ব্যৱস্থাৰ নিযুক্তিৰ ক্ষেত্ৰত পুনৰ বাধা আৰোপ কৰে যাৰ ফলত প্ৰকৃত আৰ্থিকভাৱে দুৰ্বল সাধাৰণ জাতিৰ যোগ্য প্ৰাৰ্থীসকল নিযুক্তিৰ পৰা বঞ্চিত হৈ পৰে। যোৱা ২৯ এপ্ৰিলত পুনৰ এই সংৰক্ষণ ব্যৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দি আকৌ যোৱা ৪ মে' তাৰিখেই পুনৰ বন্ধ কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে যিটো ব্যৱস্থাক বৈধ হিচাপে ঘোষণা কৰি থৈছে, তেনে ব্যৱস্থা এটাক অসম চৰকাৰে নস্যাৎ কৰাত দুখ প্ৰকাশ কৰিছে ই ডব্লিউ এছ সংৰক্ষণৰ আওতাত পৰা নিৱনুৱাসকলে।
 
সংবাদ মেলত মানৱ জ্যোতি কলিতাৰ সৈতে উপস্থিত থাকে হিমাংশু শৰ্মা, ৰুহুল আমিন, নীহাৰিকা বেজৰবৰুৱা, নিপন হালৈ, দেৱোৎপল বৰা, দিগন্ত ডেকা, ময়ুদুৰ ৰহমান মণ্ডল আদিকে ধৰি একাংশ ভিন্ন ক্ষেত্ৰৰ লগত জড়িত গৱেষক ছাত্ৰ তথা চৰকাৰী চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকল।