
বজালীক জিলাৰ মৰ্যাদা বাহালকৰণৰ দাবীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ
'আমাৰ অসম'ৰ ভৱানীপুৰৰ প্ৰতিবেদক, ১৯ ছেপ্টেম্বৰঃ বজালীক জিলাৰ মৰ্যাদা বাহাল ৰখাৰ দাবীত আৰু বজালীক উপ-জিলাৰূপে ঘোষণা কৰাৰ বিৰোধিতা কৰি মঙলবাৰে বজালী জিলা তৃণমূল কংগ্ৰেছ কমিটিৰ উদ্যোগত বজালী জিলাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয় প্ৰাংগনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিনৰ ১১:৩০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তৰিৎ চেটাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনাৰে কয় যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হিটলাৰী শাসন চলিছে। তেনেদৰে অসম বিধানসভাৰ মন্ত্ৰীসকল ষ্ট্ৰীট লাইটৰ দৰে৷ কোনোবাই জ্বলাই দিলেহে জ্বলিব। বজালীক জিলা দিয়াৰ নামত অসম চৰকাৰে বাৰে বাৰে বজালীবাসীক অপমান কৰি বজালীবাসীৰ আত্মসন্মানত আঘাত কৰিছে। বজালীক এবাৰ জিলা ঘোষণা কৰি এবাৰ কৰ্তন কৰিলে। পুনৰ জিলা ঘোষণা কৰিও আকৌ জিলা ঘোষণা স্থগিত কৰি বজালীক উপ-জিলা কৰিব বিচৰাটোৱে বজালীবাসীক লাড্ডু বনাবলৈ বিচাৰিছে। চৰকাৰে এনেধৰণৰ কাৰ্যৰে বজালীবাসীৰ আত্মসন্মানত আঘাত দিয়াটোক তৃণমূল কংগ্ৰেছে কেতিয়াও মানি নলয়। বজালীক জিলাৰ মৰ্যাদা দিব লাগিব।বজালীক জিলাৰ মৰ্যাদা নিদিয়ালৈকে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব আৰু আগন্তুক দিনত বজালীক জিলাৰ মৰ্যাদা দিয়াৰ দাবীত তৃণমূল কংগ্ৰেছে বৃহৎ আন্দোলন গঢ়ি তুলিব।
তৰিৎ চেটাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত বজালী জিলা ঘোষণা নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জ্বলন্ত সমস্যাৰ সময়ছোৱাত বজালী এলেকাৰ দুই বিধায়ক- পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে আত্মগোপন কৰিছে বুলিও চোকা সমালোচনা কৰে। উল্লেখ্য যে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তৰিৎ চেটাৰ্জীৰ লগতে ভৱানীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আবুল কালাম আজাদ, অসম প্ৰদেশ যুৱ তৃণমূল কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পিংকু আহমেদ, অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটিৰ মহিলা শাখাৰ সম্পাদিকা জিলুম সত্যনাৰায়ণ, বজালী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি খগেন কলিতা, সাধাৰণ সম্পাদক হাৰুণুৰ ৰছিদ, মহিলা শাখাৰ সভানেত্ৰী দিপিকা বড়োকে ধৰি বহু সংখ্যক তৃণমূল কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ধৰ্ণা কাৰ্যসূচীত। ধৰ্ণা কাৰ্যসূচীত বিজেপি চৰকাৰ মুৰ্দাবাদ, বজালীবাসীৰ লগত অসম চৰকাৰৰ ল'ৰা-ধেমালি নচলিব, বজালীক উপ জিলা মানি নলয়, বজালীক উপ-জিলা ঘোষণা কৰি বজালীবাসীক অপমান কৰা নচলিব, বজালী জিলাৰ মৰ্যাদা বাহাল ৰাখক ইত্যাদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে বজালীক জিলা মৰ্যাদা বাহাল ৰখাৰ দাবীত বজালী জিলা তৃণমূল কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা বজালীৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ মুখ্য সচিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।