Logo
image

এইবাৰ টীম ইণ্ডিয়াৰ লক্ষ্য বিশ্ব চেম্পিয়নৰ

২০১৮ চনত ৰোহিত শৰ্মাৰ নেতৃত্বত এছিয়া কাপ জয় কৰিছিল ভাৰতে৷ পাঁচ বছৰ পাছত তেওঁৰ নেতৃত্বতে চেম্পিয়ন হ’ল টীম ইণ্ডিয়া৷ এছিয়া ক্ৰিকেটৰ দুই বৃহৎ শক্তি ভাৰত আৰু পাকিস্তানৰ মাজত টুৰ্নামেণ্টখনৰ খিতাপৰ যুঁজ হ’ব বুলি চুবুৰীয়া দেশ দুখনৰ ক্ৰিকেটপ্ৰেমীয়ে আশাৰে বাট চাই আছিল যদিও ছুপাৰ-ফ’ৰৰ যুঁজত শ্ৰীলংকাৰ হাতত পৰাস্ত হৈ পাকিস্তান আঁতৰি যোৱাৰ পাছত আঘাতৰ সমস্যাৰে যুঁজি থকা শ্ৰীলংকা ফাইনেলত ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল৷ ফাইনেলত ভাৰতকে ফেৱৰিট হিচাপে গণ্য কৰা হ’লেও শ্ৰীলংকাৰ বেটাৰৰ এনে দুৰৱস্থা হ’ব বুলি হয়তো কোনেও ভবা নাছিল৷ ১৫.২ অভাৰত ৫০ ৰানতে দলটোৱে সকলো উইকেট হেৰুওৱাৰ পাছত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাটোহে প্ৰয়োজন আছিল ৰোহিত শৰ্মাৰ দলটোৰ৷ বিশ্বকাপ ক্ৰিকেটলৈ মাজতে দুসপ্তাহ বাকী থকা অৱস্থাত এই জয়ে ভাৰতীয় ক্ৰিকেটাৰৰ মনোবল যথেষ্ট বৃদ্ধি কৰিলে৷ বিশেষকৈ আঘাতৰ বাবে ছমাহ ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পাছত প্ৰত্যাৱৰ্তন কৰি লোকেশ ৰাহুলে পাকিস্তানৰ বিৰুদ্ধে ছুপাৰ-ফ’ৰৰ যুঁজত যি শতকীয় ইনিংছ খেলিছিল সেয়া দলটোৰ বাবে উৎসাহৰ বিষয়৷ এছিয়া কাপ জয় কৰাৰ পাছত ৰোহিত শৰ্মাৰ সন্মুখত আছে আন এটা ডাঙৰ পৰীক্ষা৷ সেয়া হৈছে বিশ্বকাপ৷ ২০১১ চনত স্বদেশত অনুষ্ঠিত বিশ্বকাপত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত অন্তিমবাৰ বিশ্বকাপ জয় কৰিছিল ভাৰতে৷ এইবাৰো বিশ্ব ক্ৰিকেটৰ এই মহাৰণখন অনুষ্ঠিত হ’ব ভাৰতত৷স্বাভাৱিকতে দেশবাসীৰ প্ৰত্যাশাৰ বোজা কঢ়িয়াব লাগিব ৰোহিত শৰ্মাৰ দলটোৱে৷ ঘৰুৱা পৰিৱেশত আৰু নিজ দেশৰ সমৰ্থকৰ সন্মুখত খেলাটো টীম ইণ্ডিয়াৰ বাবে এটা প্লাছ পইণ্ট হ’লেও দলটোক লৈ দেশবাসীয়ে যি জল্পনা-কল্পনা আৰম্ভ কৰিছে, সেইবোৰে ক্ৰিকেটাৰসকলক চাপত পেলোৱাৰো সম্ভাৱনা আছে৷
এছিয়া কাপ জয়ৰ পাছত ভাৰতীয় দলক মনস্তাত্ত্বিক দিশত বহুখিনি আগুৱাই নিয়া বুলি ক’ব পাৰি যদিও এছিয়া কাপ আৰু বিশ্বকাপৰ মাজত আছে বহুখিনি প্ৰভেদ৷ এছিয়া কাপত আছে ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশৰ সৈতে  আফগানিস্তান আৰু নেপাল৷ কিন্তু বিশ্বকাপত থাকিব অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দৰে শক্তিশালী দল৷ এই দলবোৰো পূৰ্ণ শক্তিৰেই অৱতীৰ্ণ হ’ব বিশ্ব ক্ৰিকেটৰ মহাৰণখনত৷ ভাৰতে যদি এইবাৰ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হয়, তেন্তে তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ সৌভাগ্য হ’ব দলটোৰ৷ এতিয়ালৈকে অষ্ট্ৰেলিয়া সৰ্বাধিক পাঁচবাৰ চেম্পিয়ন হোৱাৰ বিপৰীতে ভাৰত আৰু ৱেষ্ট ইণ্ডিজ দুবাৰকৈ চেম্পিয়ন হৈছে৷ বিশ্বকাপৰ বাবে ভাৰতৰ প্ৰাৰম্ভিক দল ইতিমধ্যে ঘোষণা কৰা হৈছে যদিও দুজন ক্ৰিকেটাৰৰ আঘাতৰ সমস্যাই চিন্তাত ৰাখিছে টীম মেনেজমেণ্টক৷ তেওঁলোক হৈছে শ্ৰেয়স আয়াৰ  আৰু অক্ষৰ পেটেল৷ পিঠিৰ আঘাত উপশমৰ পাছত আয়াৰক এছিয়া কাপৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও দুখন খেল খেলাৰ পাছত পুনৰ পিঠিৰ বিষ অনুভৱ হয় তেওঁৰ৷ আনহাতে, অক্ষৰ পেটেলৰ আঘাতৰ বাবে এছিয়া কাপৰ অন্তিম খেলখনত ভাৰতীয় দলত সুযোগ দিয়া হৈছিল ৱাশ্বিংটন সুন্দৰক৷ অৱশ্যে বিশ্বকাপ আৰম্ভ হোৱালৈ আয়াৰ আৰু পেটেলৰ আঘাত উপশম হ’ব বুলি আশা কৰা হৈছে৷ বিশ্বকাপৰ দিন কাষ চাপি অহাৰ লগে লগে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দলবোৰ এদিনীয়া শৃংখলা অথবা প্ৰতিযোগিতাত ব্যস্ত হৈ পৰিছে৷ ভাৰতীয় দলেও বিশ্বকাপত অভিযান আৰম্ভ কৰাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব তিনিখন খেলৰ এদিনীয়া শৃংখলা এটাত৷ ক্ৰমাগতভাৱে খেলি থকাৰ পাছত ভাৰতীয় ক্ৰিকেটাৰ যাতে ভাগৰুৱা হৈ নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অষ্টে˜লিয়াৰ বিৰদ্ধে হ’বলগীয়া শৃংখলাটোৰ বাবে  দুটা ভাগত ভাগ কৰা হৈছে ভাৰতীয় দলটো৷ এছিয়া কাপত খেলা ভাৰতীয় দলটোৰ কেইজনমান ক্ৰিকেটাৰক দেখা নাযাব শৃংখলাৰ প্ৰথম দুখন খেলত৷ তৃতীয় তথা অন্তিম খেলখনৰ বাবে তেওঁলোক দললৈ উভতি আহিব৷
ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে, বৰ্তমানৰ ভাৰতীয় দলটোৰ বেটিং লাইন-আপ যথেষ্ট শক্তিশালী৷ অধিনায়ক ৰোহিত শৰ্মাৰ লগতে শুভমন গীল, বিৰাট কোহলি, লোকেশ বাহুল, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাদেজাৰ দৰে বেটাৰৰ উপস্থিতিত যিকোনো দলকে প্ৰত্যাহ৩ান জনাবলৈ সক্ষম টীম ইণ্ডিয়া৷ আনহাতে, পেচ  আক্ৰমণত যশপ্ৰীত বুমৰাৰ লগতে আছে মহম্মদ ছামি আৰু মহম্মদ ছিৰাজ৷ শ্ৰীলংকাৰ বিৰুদ্ধে এছিয়া কাপৰ ফাইনেলত মাত্ৰ ২১ ৰানত ছটা উইকেট দখল কৰা ছিৰাজ এটা চৰ্চাৰ বিষয় হৈ পৰিছে৷ স্পিন বিভাগত আছে এছিয়া কাপৰ ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’ কুলদীপ যাদৱৰ লগতে অক্ষৰ পেটেল৷ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰাৰ পাছত অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিনক দলত নৰখা বিষয়টোক লৈ প্ৰশ্ন উত্থাপন হৈছিল৷ হয়তো সেই বিষয়টোলৈ লক্ষ্য ৰাখিয়েই নিৰ্বাচক কমিটীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবে অশ্বিনক দলত ৰখা হৈছে৷ অশ্বিনক বিশ্বকাপৰ মূল দলত স্থান দিয়াৰ পথ মুকলি ৰাখিছে নেকি নিৰ্বাচক কমিটীয়ে? বিশ্বকাপৰ বাবে  ১৫জনীয়া মূল দল ঘোষণাৰ অন্তিম দিন হৈছে ২৮ ছেপ্টেম্বৰ৷