Logo
image

মহিলা সংৰক্ষণ, ইতি...

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ ছেপ্টেম্বৰঃ বিগত ২৭ বছৰ ধৰি দেশৰ সংসদত অনিণীত হৈ থকা আৰু ড॰ মনমোহন সিং মন্ত্ৰীসভাৰ কাৰ্যকালত ২০১০ চনত ৰাজ্যসভাত গৃহীত হৈ থকা মহিলা সংৰক্ষণ বিধেয়ক মঙলবাৰে নৰেন্দ্ৰ মোদী চৰকাৰে সম্পূৰ্ণ নতুনকৈ দেশৰ নতুন সংসদ ভৱনত অনুষ্ঠিত লোকসভাৰ বিশেষ অধিৱেশনত উত্থাপন কৰিছে৷ মহিলাৰ বাবে লোকসভা, ৰাজ্য বিধানসভা আৰু দিল্লী বিধানসভাত ৩৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱ ৰাখি নৰেন্দ্ৰ মোদী চৰকাৰে ‘নাৰীশক্তি বন্দন অধিনিয়ম’ নামেৰে এই বিধেয়কখন লোকসভাত উত্থাপন কৰে৷ বিধেয়কখন লোকসভাত উত্থাপন কৰে কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে৷ এই বিধেয়ক গৃহীত হ’লে লোকসভাত মহিলা সাংসদৰ সংখ্যা এতিয়াৰ ৮২ গৰাকীৰ স্থানত ১৮১ গৰাকীলৈ বৃদ্ধি পাব৷ এই বিধেয়ক উত্থাপন কৰা দিনটো দেশৰ সংসদৰ বাবে ঐতিহাসিক হৈ থাকিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে৷ তেওঁ কয়–‘নতুন সংসদ ভৱনত কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ ঐতিহাসিক দিনটোত আমাৰ চৰকাৰে নাৰীশক্তি বৃদ্ধিৰ বাবে যি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া দেশৰ সংসদীয় ৰাজনীতিত ঐতিহাসিক ক্ষণ হৈ থাকিব৷ মই নিশ্চিত, এই বিধেয়কখন বিনা বিৰোধিতাই গৃহীত হ’ব৷’ পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে দাবী কৰিলেও মঙলবাৰে লোকসভাত উত্থাপন কৰা ‘নাৰীশক্তি বন্দন অধিনিয়ম’ বিধেয়কখন মোদী চৰকাৰৰ আন এক ‘ঝুমলা’ বুলি চৰ্চা আৰম্ভ হৈছে৷ কিয়নো এইখন বিধেয়ক ২০১০ চনত ইউপিএ চৰকাৰৰ আমোলত ৰাজ্যসভাত গৃহীত হৈছিল৷ কিন্তু লোকসভাত অনিণীত অৱস্থাতে সেইখন চৰকাৰৰ কাৰ্যকাল শেষ হয় আৰু নতুন চৰকাৰে পৰৱৰ্তী সময়ত বিধেয়কখন লোকসভাত গৃহীত কৰিবলৈ আগ্ৰহ নেদেখুৱালে৷ লোকসভাত সেই বিধেয়কৰ বিৰোধিতা কৰিছিল আৰ জে ডি, সমাজবাদী পাৰ্টীয়ে৷ মহিলা সংৰক্ষণৰ বিধেয়ক প্ৰথমে ১৯৯৬ চনতে গীতা মুখাৰ্জীয়ে ‘প্ৰাইভেট মেম্বাৰ্ছ বিল’ হিচাপে সংসদত উত্থাপন কৰিছিল৷ কিন্তু চিপিআই সাংসদ গীতা মুখাৰ্জীৰ সেই বিধেয়কো সদনত গৃহীত হোৱা নাছিল৷ পৰৱৰ্তী সময়ত ২০০৬ চনত ইউপিএ চৰকাৰৰ কাৰ্যকালত নতুনকৈ মহিলা সংৰক্ষণৰ বিধেয়ক উত্থাপন কৰা হৈছিল৷ মঙলবাৰে মোদী চৰকাৰে উত্থাপন কৰা এই বিধেয়ক ‘ঝুমলা’ এইবাবেই যে এইখন মুঠেই নতুন বিধেয়ক নহয়৷

‘মহিলা বন্দন অধিনিয়ম’ বিধেয়ক ‘ঝুমলা’ বুলি চৰ্চা হোৱাৰ মূল কাৰণ হৈছে–সদনত গৃহীত হ’লেও অহা ৭ বছৰৰ পূৰ্বে এইখন বিধেয়ক আইন হিচাপে বলবৎ নহয়৷ সেই কথা মঙলবাৰে উত্থাপিত বিধেয়কৰ প্ৰস্তাৱতে উল্লেখ কৰা হৈছে৷ কিয়নো দেশৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতহে এইখন আইন বলবৎ কৰা হ’ব৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব দেশৰ আগন্তুক লোকপিয়লত প্ৰকাশিত জনগাঁঠনিৰ আধাৰত৷ লোকপিয়ল অহা ২০২৪ চনৰ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা নাই৷ প্ৰকৃততে লোকপিয়ল ২০২১ চনত হ’ব লাগিছিল যদিও মোদী চৰকাৰে ক’ভিড অতিমাৰীৰ বাবে স্থগিত ৰাখিছিল৷ তেতিয়াৰ পৰা মোদী চৰকাৰে লোকপিয়ল পিছুৱাই আছে ৰাজনৈতিক কাৰণত৷ এতিয়া অন্ততঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে লোকপিয়ল আৰম্ভ নকৰে৷ ২০২৪ ৰ পাছত লোকপিয়ল আৰম্ভ হ’লে সেয়া সমাপ্তি ঘটিবলৈ দুবছৰ সময়ৰ প্ৰয়োজন হ’ব৷ তেতিয়াৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া হ’লেও চূড়ান্ত হওঁতে ২০২৭ চন অতিক্ৰম কৰিব৷ তেনেক্ষেত্ৰত এই বিধেয়ক আইনত পৰিণত হৈ থাকিলেও ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী নহ’ব, অৰ্থাৎ আইন হিচাপে বলবৎ নহ’ব৷ সেই দিশৰ পৰা এই বিধেয়ক দেশৰ মহিলা ভোটাৰলৈ এটা টোপহে৷

আনহাতে দেশৰ আন ৰাজনৈতিক দলক কোনো খবৰ নিদিয়াকৈ, লোকসভাত দাখিল কৰিবলগীয়া বিধেয়কৰ তালিকাত কোনো উল্লেখ নকৰাকৈ আৰু আনকি অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠকত কাকো এই বিধেয়কৰ বিষয়ে কোনো উমান নিদিয়াকৈ মোদী চৰকাৰে যিদৰে বিধেয়কখন উত্থাপন কৰাৰ আগলৈকে গোপনে ৰাখিলে, তালৈ চাই এয়া বিজেপিৰ ৰাজনৈতিক অভিযান বুলিহে অনেকে মন্তব্য কৰিছে৷ মঙলবাৰৰ আলোচিত সূচীতো চৰকাৰী পক্ষই এই বিধেয়কৰ বিষয়ে প্ৰথমতে উল্লেখ কৰা নাছিল৷ অধিৱেশন আৰম্ভ হোৱাৰ পাছত ‘ছাপ্লিমেণ্টৰী লিষ্ট অৱ বিজিনেছ’ত ১২৮ সংখ্যক সংবিধান সংশোধনী হিচাপে চৰকাৰী পক্ষই বিধেয়ক খন উত্থাপন কৰে৷ মোদী চৰকাৰে এই বিধেয়ক উত্থাপন কৰাৰ ধৰণ আছিল ‘ছাৰপ্ৰাইজ’ দিয়াৰ দৰে৷ যদিহে দেশৰ মহিলাৰ সবলীকৰণেই মোদী চৰকাৰৰ উদ্দেশ্য, তেন্তে এই ‘ছাৰপ্ৰাইজ’ৰ প্ৰয়োজন কি আৰু গোপনীয়তা অৱলম্বনৰ উদ্দেশ্য কি বুলি প্ৰশ্ন উঠিছে৷ কিয়নো ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হোৱাৰ ক্ষীণতমো সম্ভাৱনা নথকা এখন আইনক লৈ মোদী চৰকাৰৰ অস্বাভাৱিক তৎপৰতা দেখি সেয়ে অনেকেই কৈছে, এই বিধেয়ক ৰাজনৈতিক উদ্দেশ্যতহে উত্থাপন কৰা হৈছে, ঠিক ‘অত্থথমা হত, ইতি নৰোবা কুঞ্জোৰবা’ৰ দৰে৷
- মহিলা সংৰক্ষণ বিধেয়কত মহিলাৰ বাবে লোকসভা, সকলো ৰাজ্যৰ বিধানসভা, দিল্লী বিধানসভাত ৩৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে৷ এই সংৰক্ষণ ৰাজ্যসভা আৰু ৰাজ্যিক বিধান পৰিষদত প্ৰযোজ্য নহ’ব৷
- এই ৩৩ শতাংশ সংৰক্ষণৰ পৰাই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণ কৰা হ’ব৷
- সংৰক্ষণ ব্যৱস্থা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতহে প্ৰযোজ্য হ’ব৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব নতুন লোকপিয়লৰ পাছত৷ দেশৰ লোকপিয়ল ২০২৪ চনৰ পাছতহে হ’ব৷
- দুগৰাকী মহিলা সাংসদক এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ব৷
- বিধেয়কত উত্থাপন কৰা প্ৰস্তাৱ অনুসৰি ইয়াত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণ নাথাকিব৷
- এই বিধেয়ক আইনত পৰিণত হ’লে লোকসভাৰ এতিয়াৰ মুঠ আসন ৫৪৩ৰ ১৮১ গৰাকী মহিলা সাংসদ হ’ব৷ কিন্তু এই সংখ্যা নিশ্চিত নহয়৷ কিয়নো সমষ্টি পুনৰ গঠন হ’লে লোকসভাৰ আসনো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷