Logo
image

গুৱাহাটীৰ আইতাসকলক শ্বাহৰুখ খানৰ ধন্যবাদ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২০ ছেপ্টেম্বৰঃ বলীউডৰ বিগ বাজেটৰ চলচ্ছিত্ৰ ‘জৱান’ উপভোগ কৰা গুৱাহাটীৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাবাসৰ আইতাসকলক ধন্যবাদ জনালে কিং খানে৷ শ্বাহৰুখ খানে ১৮ ছেপ্টেম্বৰত টুইটাৰযোগে গুৱাহাটীৰ বৃদ্ধাবাসটোৰ আইতাসকলক ‘জৱান’ চলচ্ছিত্ৰখন উপভোগ কৰা বাবে মৰম আৰু শ্ৰদ্ধা জনায়৷ আইতাসকলৰ মুখত চলচ্ছিত্ৰখন উপভোগ কৰি হাঁহি বিৰিঙি উঠা বাবে বলীউডৰ কিং খানে ধন্যবাদ জনায়৷ ‘জৱান’ চলচ্ছিত্ৰখন চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰা শ্বাহৰুখ খানক গুৱাহাটীৰ মনালিছা ছ’চাইটীৰ অন্তৰ্গত প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাবাসৰ আইতাসকলে হিয়া উজাৰি আশীৰ্বাদ দিয়া বুলি মঙলবাৰে বৃদ্ধাবাসৰ আইতাসকলে জানিবলৈ দিয়ে৷ বৃদ্ধাবাসটোৰ ৩০ গৰাকী আইতাই ১৭ ছেপ্টেম্বৰৰ পুৱা ১০.১৫ বজাত গুৱাহাটীৰ পল্টনবজাৰস্থিত গোল্ড চিনেমাত ‘জৱান’ উপভোগ কৰে বুলি মনালিছা ছ’চাইটীৰ সম্পাদক উৎপল হৰ্ষবৰ্ধনে জানিবলৈ দিয়ে৷ আইতাসকলক চলচ্ছিত্ৰখন উপভোগ কৰাৰ বাবে সুবিধা কৰি দিয়ে ‘শ্বাহৰুখ খান ইউনিভাৰ্ছ’ৰ অসম প্ৰান্তৰ অনুৰাগীসকলে৷ শ্বাহৰুখ খানৰ দ্বৈত চৰিত্ৰৰ অভিনয়ে আইতাসকলক মুগ্ধ কৰে বুলি জনোৱাৰ লগতে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা চলচ্ছিত্ৰখনে সমাজখনক পৰিৱৰ্তন কৰিব বুলি আইতাসকলে আশা প্ৰকাশ কৰে৷ ‘জৱান’ ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এক্সন থ্ৰিলাৰ ছবি যিখন এট্‌লীয়ে তেওঁৰ প্ৰথম হিন্দী ছবি হিচাপে পৰিচালনা কৰে৷ কিং খানৰ পত্নী গৌৰী খান আৰু গৌৰৱ বাৰ্মাই চলচ্ছিত্ৰখন প্ৰযোজনা কৰিছে৷ ছবিখনত শ্বাহৰুখ খানে পিতৃ-পুত্ৰ (দ্বৈত চৰিত্ৰত) অভিনয় কৰিছে যিয়ে সমাজত দুৰ্নীতি-অনিয়ম শুধৰোৱাৰ প্ৰয়াস কৰে৷ নয়নতৰা, বিজয় সেঠুপতি, দীপিকা পাডুকন, প্ৰিয়মণি আৰু সন্যা মালহোত্ৰাই সহযোগী চৰিত্ৰত অভিনয় কৰিছে৷ সঞ্জয় দত্ত, সুনীল গ্ৰোভাৰ আদিয়েও অভিনয় কৰিছে৷  অসমৰ কেনি বসুমতাৰীয়ে চলচ্ছিত্ৰখনত অভিনয় কৰিছে৷ ১৬৯ মিনিট দৈৰ্ঘ্যৰ এই চলচ্ছিত্ৰখনৰ নিৰ্মাণ ব্যয় হৈছে প্ৰায় ৩০০ কোটি টকা৷ ৭ ছেপ্টেম্বৰত ষ্টেণ্ডাৰ্ড, আইমেক্স, ৪ডিএ’ আৰু অন্যান্য প্ৰিমিয়াম ফৰ্মেটৰ থিয়েটাৰত মুক্তি দিয়া হয় ‘জৱান’৷ ‘জৱানে’ সমালোচকৰ পৰা প্ৰশংসা লাভ কৰে৷ কিং খানৰ পূৰ্বৰ মুক্তিপ্ৰাপ্ত ছবি ‘পাথান’ (২০২৩)ৰ অভিলেখক অতিক্ৰম কৰি ‘জৱানে’ বৰ্তমানলৈ ৮৭৭.৯৭ কোটিতকৈ অধিক টকা উপাৰ্জন কৰিছে৷ ২০২৩ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি আৰু সামগ্ৰিকভাৱে সপ্তম সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে শ্বাহৰুখ খানৰ ‘জৱান’৷