Logo
image

‘অমৃতবৃক্ষ’ৰ অলেখ গছ মৃতপ্ৰায়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ছেপ্টেম্বৰঃ ‘ডাকে কৈছিল– ‘ভাদ্ৰত কৰিয়া কলা ৰোপণ, সবংশে মৰিলা লংকাৰ ৰাৱণ৷’ অৰ্থাৎ ভাদ মাহত কলগছৰ পুলি ৰুলেও মৰে, আনগছটো বাদ৷ সাধাৰণতে কলগছত পানী থাকেই তথাপি মৰে৷ অসমীয়া পৰম্পৰা, লোকাচাৰ অনুসৰি চ’ত-ব’হাগ মাহৰ পৰা বাঁহ পুলি, জৰি-নিম-বৰগছ আদিৰ পুলি ৰোৱাৰ কাম আৰম্ভ হয়৷ আহাৰ, শাওন মাহলৈকে গছপুলি ৰোৱা কাৰ্য চলি থাকে৷ ভাদ মাহত ইয়াৰ ফুলষ্টপ পৰে৷ অৰ্থাৎ ভাদমাহত গছপুলি ৰোৱাৰ নিয়ম নাই৷ কিন্তু ডাক পুৰুষৰ বচন, পুৰাতন অসমীয়া পৰম্পৰা লোকাচাৰক উলাই কৰি এক কথাত ক’ব গ’লে অমৃত বৃক্ষ আন্দোলনৰ নামত ঘড়ীৰ কাটা ওলোটাকৈ ঘূৰালে চৰকাৰে৷ প্ৰখৰ উষ্ণতা, বৃষ্টিৰ ব্যতিৰেকে ভাদ মাহত ৰ কোটি বাণিজ্যিক গছপুলি ৰোপণেৰে গীনিজ ৰেকৰ্ড গঢ়াৰ অভিলেখত নামি পৰিল ৰাজ্য চৰকাৰ৷ নিঃসন্দেহে চৰকাৰৰ উদ্দেশ্য আছিল মহান– ‘মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা সমৃদ্ধ প্ৰয়াসেৰে নতুন সেউজ ৰচিব আই অসমীয়ে৷ সেউজ বিপ্লৱৰ সংকল্প ল’ব জনে জনে৷ বৃক্ষ অৰ্থনীতিৰে সমৃদ্ধ কৰি অসমৰ বুকুত সেউজী ধৰণী গঢ়ি তোলাৰ লক্ষ্য৷’ কাৰ্যতঃ অমৃত বৃক্ষ আন্দোলনৰ নামত যোৱা দুদিন ৰাজ্যত হাহাকাৰ লাগিল৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গছপুলি ৰোপণৰ বাবে মন্ত্ৰী, বিষয়া, সাংসদ, বিধায়ক উবুৰি খাই পৰিল৷ সমগ্ৰ চৰকাৰী যন্ত্ৰতে বৃক্ষকেন্দ্ৰিক দৌৰা-দৌৰি লাগিল৷ কিন্তু অমৃত বৃক্ষ ৰোপণৰ ৪৮ ঘণ্টাৰ ভিতৰতে ফলাফল আহিল৷ প্ৰতিপালনৰ অভাৱ, প্ৰখৰ উষ্ণতাত ৫০ কোটি টকীয়া গছপুলিৰ অলেখ গছ ৰাজ্যৰ স্থানে স্থানে মৃতপ্ৰায় হৈ পৰিল৷ শদিয়াৰ পৰা ধুবুৰীলৈ ঘটিল একেই ঘটনা৷ গছপুলি ৰুই গাড়ীত উঠি মন্ত্ৰী-বিধায়ক, বিষয়া গুছি যোৱাৰ পাছতে প্ৰখৰ ৰ’দত মৰহি গ’ল অনেক গছপুলি৷ প্ৰয়োজনীয় ফেঞ্চিঙৰ অভাৱত বহু স্থানত গৰু-ছাগলীয়ে খালে বহু গছপুলি৷ বিশেষভাৱে নামৰূপৰ অভয়পুৰ, ওদালগুৰিৰ ৰৌতা, ধেমাজিৰ জোনাই, লখিমপুৰ আদি স্থানত অমৃতবৃক্ষৰ গছপুলি মৰহি যোৱা বা নষ্ট হোৱাৰ বাতৰি আহিছে৷ অভিযোগ অনুসৰি জোনাইৰ কেমি জেলম গাঁও  পঞ্চায়তত হাজাৰ হাজাৰ গছপুলি ৰোপণৰ নামত নষ্ট কৰা হ’ল৷ অকল এয়াই নহয়, চৰকাৰে যোগান ধৰা হাজাৰ হাজাৰ গছপুলিৰোপণৰ পূৰ্বে শুকাই মৰহি গ’ল কেমি জেলম গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰাংগণত৷ এনেদৰে ৰাজ্য চৰকাৰে অকল অভিলেখ সৃষ্টিৰ বাবেই জীয়াই থকা গছপুলি উঠাই শুকাই মৰিব দিয়া কাৰ্যক গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই৷ বহু স্থানত আকৌ গছপুলিৰ নামত কেৱল ঠানি অহাৰহে অভিযোগ উঠিল৷ বহু ঠাইত ৰোপণৰ পূৰ্বেই আহিল শুকান, মৃত গছপুলি৷ মুঠতে অমৃত বৃক্ষৰ আন্দোলন এক, কাহিনী অনেক৷ উন্নয়নৰ নামত লাখ লাখ গছ কাটি এনেদৰে প্ৰচাৰধৰ্মী গছপুলি ৰোপণৰ চমক দিয়া কাৰ্যক খোদ সমালোচনা কৰিলে অৰণ্য মানৱ যাদৱ পায়েঙে৷ তেওঁ ক’লে– ‘হেৰ’ অসমত টকা ভাঙি গছ ৰুব নালাগে, গছ নিজে নিজেই হ’ব৷ মাথোন নাকাটিলেই হ’ল৷’

লখিমপুৰত ‘অমৃত বৃক্ষ’ক ভেঙুচালিঃ কাকৈ বনাঞ্চলৰ গছ কাটি গছ পুলি সুৰক্ষাৰ বাবে ফেনচিঙৰ খুঁটা স্থাপনঃ তীব্ৰ প্ৰতিক্ৰিয়া

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰঃ ৰাজ্য চৰকাৰে যি সময়ত সমগ্ৰ ৰাজ্যখনত এক কোটি গছ পুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়তে লখিমপুৰত গছপুলি কাটি গছ পুলি ৰোপণৰ বাবে ফেনচিং বেৰা নিৰ্মাণ কৰাৰ দৰে এক আজৱ কাণ্ড সংঘটিত হৈছে৷ এই ঘটনা সংঘটিত হৈছে লখিমপুৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত কাকৈ সংৰক্ষিত বনাঞ্চলৰ কাকৈ বন খণ্ডৰ অন্তৰ্গত বোকানলাত৷ প্ৰাপ্ত তথ্য অনুসৰি কাকৈ বনাঞ্চলৰ বোকানলাত বন বিভাগে এতিয়া বনাঞ্চলখনৰ পৈণত গছ কাটি গছপুলি ৰোপণ তথা সুৰক্ষাৰ নামত ফেনচিঙৰ খুঁটা দিয়া কাৰ্যই সচেতন ৰাইজক আচৰিত কৰি তুলিছে৷ জিলাখনৰ বগীনদীৰ পৰা বোকানলা, দীৰ্ঘা পৰ্যন্ত বিস্তৃৰ্ণ অঞ্চলত গছপুলি কাটি খাস্তাং কৰাৰ লগতে সেই গছেৰে ফেনচিং বেৰা খুঁটা দিয়া কাৰ্যই চৰকাৰৰ আঁচনিক ভেকোভাওনা কৰি তুলিছে৷ তাৎপৰ্যপূৰ্ণ কথা যে ২০১৪ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈ ৰাজ্যত বন বিভাগে ২৪ কোটি ৫৫ লাখ ৬ হাজাৰ ৪৭৫ টকাৰ বৃক্ষ ৰোপণৰ আঁচনি গ্ৰহণ কৰিছিল৷ সেই মৰ্মে লখিমপুৰতো সামাজিক বনানিকৰণ সংমণ্ডলৰ উদ্যোগত প্ত কোটি ৭৭ হাজাৰ টকাৰ বৃক্ষ ৰোপন কৰা হৈছিল৷ সেইসময়ত ৰোপন কৰা পৈণত গছৰ লগতে পুলি কাটি বৰ্তমান কাকৈ বনখণ্ডই গছপুলি সুৰক্ষাৰ বাবে ফেনচিং বেৰাৰ খুঁটা নিৰ্মাণ কৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰে যি সময়ত ‘অমৃত বৃক্ষ’ আঁচনিৰ জৰিয়তে সমগ্ৰ ৰাজ্যত ৰ কোটি গছপুলি ৰোপণেৰে অভিলেখ স্থাপন কৰিবলৈ বিছাৰিছে তেনে সময়তে লখিমপুৰৰ কাকৈ সংৰক্ষিত বনাঞ্চলত কেম্পা বাগানৰ গছ আৰু পুলি কাটি ফেনচিং বেৰাৰ খুঁটা নিৰ্মাণ কৰা কাৰ্যই বন বিভাগৰ ফোপোলা স্বৰূপ উদঙাই তুলিছে৷ উল্লেখনীয় কথা যে কাকৈ বনাঞ্চলৰ যি স্থানত বন বিভাগে এনেদৰে গছপুলি কাটি ফেনচিং বেৰা নিৰ্মাণ কৰিছে সম্প্ৰতি সেই স্থানত এটাও গছ পুলি নথকা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ স্মৰ্তব্য যে  যি স্থানত এতিয়া বন বিভাগে গছপুলি সুৰক্ষাৰ বাবে ফেনচিং স্থাপন কৰিছে সেই স্থানত কেবালাখ টকা ব্যয় কৰি গছ পুলি ৰোপণ কৰা হৈছিল যদিও সেই স্থানত এতিয়া এটাও গছপুলি নাই বুলি কলেও বঢ়াই কোৱা নহ’ব৷