Logo
image

তেজপাতৰ চাহ খালেও পাব অনেক উপকাৰ

তেজপাতৰো আছে বিভিন্ন ঔষধি গুণ৷ বিভিন্ন ব্যঞ্জনৰ লগতে চাহৰ সৈতে তেজপাত খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ 
বদহজমঃ তেজপাতে বদহজম দূৰ কৰে৷  ইয়াত থকা ঔষধি গুণে অৰুচিৰ লগতে পেটৰ গেচ (বায়ু) পিত্ত, দূৰ কৰে৷ 
ৰোগ প্ৰতিৰোধঃ তেজপাতে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ নিয়মীয়াকৈ তেজপাতৰ চাহ খালে এই ক্ষেত্ৰত সুফল পাব পাৰি৷ 
বহুমুত্ৰ ৰোগীৰ বাবেঃ বহুমুত্ৰ ৰোগত তেজপাত অতি উপকাৰী৷ তেজপাত বিভিন্ন ব্যঞ্জনৰ লগত মিলাই খালে এই ক্ষেত্ৰত সুফল পাব পাৰি৷ 
কাহ-চৰ্দি হাপানিঃ  কাহ-চৰ্দি হাপানি মাতভঙাৰ উপৰি এলাৰ্জী ৰোধ কৰাত তেজপাতে সহায় কৰে৷  তুলসী, আদা, গুড় বা চেনিসহ তেজপাত চাহ খালে সহজেই উপশম পাব৷ 
কিডনী ৰোগতঃ তেজপাতৰ চাহ বা উতলোৱা পানী খালে কিডনীজনিত ৰোগৰ বাবে ভাল৷ 
চকুৰ জ্বলা-পোৰাঃ চকুৰ জ্বলা-পোৰা হ’লে তেজপাত ভিজোৱা পানীৰে চকু ধুলে উপশম পাব পাৰি৷   
দাঁতৰ বিষতঃ তেজপাত সিজোৱা পানীৰে মুখ কুলু কুলু কৰিলে দাঁতৰ বিষ সহজে হ্ৰাস পায়৷  তদুপৰি মুখৰ দুৰ্গন্ধ নাইকীয়া কৰে৷ 
মূৰৰ বিষঃ মূৰৰ বিষ বা অন্নান্য বিষত তেজপাতৰ চাহ খালে উপশম পাব পাৰি৷  
হৃদ ৰোগঃ হৃদ ৰোগ বা বুকুৰ ধপধপনি অনুভৱ হ’লে তেজপাতৰ চাহ উপকাৰী৷ তেজপাতৰ চাহ খালে টোপনি ভাল হয়৷ 
চুলিৰ নানা সমস্যাঃ চুলিৰ বিভিন্ন সমস্যা দূৰ কৰাত তেজপাতৰ ৰস উত্তম৷ তেজ পাতৰ পানীৰে চুলি ধুলে ভাল ফল পাব৷