Logo
image

চৰকাৰী কৰ্মচাৰীৰ দুৰ্নীতি

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত ৰাজ্যৰ নাগৰিকে যদিও অনেক প্ৰশাসনিক সংস্কাৰ দেখিবলৈ পাইছে চৰকাৰৰ বিভিন্ন বিভাগত, তেনে সময়তে দেখিবলৈ পাইছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ জে’ল যাত্ৰা৷ কাৰ্যালয়ৰ ভিতৰতে হওক বা বাহিৰতে হওক  দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰিছে ঘোচখোৰ কৰ্মচাৰী৷  দুৰ্নীতিৰ বোকাত নমা চৰকাৰী কৰ্মচাৰীয়ে ঘোচ লোৱা মুহূৰ্ততে হাতে-লোটে ধৰা পৰিছে দুৰ্নীতিনিবাৰকৰ হাতত আৰু পৰৱৰ্তী সময়ত দুয়োখন হাত দাঙি সাংবাদিকৰ সন্মুখত লজ্জিত হৈছে কৰ্মচাৰীজন৷ বিগত দুটা বৰ্ষত ৰাজ্যৰ  দুৰ্নীতিৰ কাৰণে গ্ৰেপ্তাৰ হোৱা চৰকাৰী কৰ্মচাৰীৰ সংখ্যা ১০৭জন, আৰু ইয়াৰ ভিতৰত ৰাজপত্ৰিত বিষয়াৰ সংখ্যা হৈছে ২১জন৷ উল্লেখ্য, গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীসকলৰ পৰা উদ্ধাৰ কৰা হৈছে ১,৫৬,৮১,২৩৫ টকা৷

ৰাজ্যত সঘনে সংঘটিত হোৱা এনে দুৰ্নীতিৰ প্ৰধান বিভাগকেইটা হৈছে– চক্ৰ বিষয়াৰ কাৰ্যালয় (ভূমি আৰু ৰাজহ সংগ্ৰহ বিভাগ), শিক্ষা বিভাগ, আৰক্ষী বিভাগ, পৰিবহণ বিভাগ আৰু স্বাস্থ্য বিভাগ৷ ৰাজ্যৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত লাটমণ্ডলসকলৰ মাজৰ একাংশই অতীজৰ পৰা চলাই অনা  দুৰ্নীতিৰ প্ৰতি জনসাধাৰণে সততে প্ৰতিবাদ কৰি আহিছিল যদিও তেনে  দুৰ্নীতি ৰোধ কৰিবলৈ সক্ষম হোৱা নাছিল চৰকাৰ৷ প্ৰকৃততে  দুৰ্নীতি নিবাৰণ কৰিবলৈ স্থাপন কৰা অসম আৰক্ষী বিভাগৰ অধীনস্থ মুখ্যমন্ত্ৰীৰ  দুৰ্নীতি নিবাৰণ শাখাটোৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল অতীতৰ মুখ্যমন্ত্ৰীসকলে৷ শাখাটোক ন্যস্ত কৰা অনুসন্ধানবোৰৰ উত্তৰ দেখা  নাছিল অভিযোগকাৰীয়ে৷ কোনোবা এজন  দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক দুৰ্নীতি নিবাৰক শাখাই কৰ্মস্থানতেই যে আটক কৰি গ্ৰেপ্তাৰ কৰিব পাৰে, সেই কথা জ্ঞাত নাছিল সাধাৰণ নাগৰিকৰ৷ ৰাইজৰ কাৰণে আনন্দৰ কথা যে দুৰ্নীতি ৰোধৰ লক্ষ্যৰে স্থাপন কৰা দুৰ্নীতি নিবাৰক শাখাটোৰ সঞ্চালককে ধৰি সমূহ কম¹ৰ ভয়ত দুৰ্নীতি হ্ৰাস হাইছে চৰকাৰী কাৰ্যালয়ত৷

অৱশ্যে, একাংশ দুৰ্নীতিপৰায়ণ কৰ্মচাৰীয়ে সলনি কৰিছে ঘোচ লোৱা পথ৷ কাৰ্যালয়ৰ কাষতে থকা সৰু সৰু দোকানীৰ ম’বাইল নম্বৰত গুগ্‌লৰ দ্বাৰা ঘোচৰ টকা দিয়াৰ এক নতুন পন্থা উদ্ভাৱন হোৱা বুলি অভিযোগ উঠিছে৷ কিছুদিন পূৰ্বে কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক সভাত ভাষণ দিয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই পন্থাসমূহৰ কথা৷ একাংশ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীয়ে কাৰ্যালয়ৰ বাহিৰত ৰখাই থয় ব্যক্তিগত এজেণ্ট, যাৰ কাম হৈছে ঘোচৰ টকা সংগ্ৰহ কৰা৷ সেইদৰে একাংশ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীয়ে নিজ বাসগৃহত নিজ হাতে ঘোচৰ টকা সংগ্ৰহ কৰে বুলিও অভিযোগ কৰে৷ দুৰ্নীতিৰ বোকাত লুতুৰি-পুতুৰি হৈ থকা একাংশ লাটমণ্ডলৰ অট্টালিকাসম বাসগৃহবোৰ দেখিলেই বুজিব পাৰি বেমাৰটোৰ উৎস৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে লাটমণ্ডলৰ দুৰ্নীতিৰ প্ৰথম আৰু প্ৰধান কাৰণ হৈছে তেওঁলোকে নিযুক্তি পোৱাৰ পূৰ্বে লাখ টকা ঘোচ দি ল’বলগা প্ৰশিক্ষণ৷ গুৱাহাটীস্থিত ভূমি জৰীপ বিদ্যালয়ত প্ৰশিক্ষণ পাবৰ বাবে কৰা বাছনি প্ৰক্ৰিয়াটোত নাথাকে চৰকাৰৰ পূৰ্ণ নজৰ৷ মণ্ডলৰ বাবে প্ৰশিক্ষণ ল’বলৈ চলি থকা দুৰ্নীতিৰ চক্ৰটো চলি আছে প্ৰতিখন জিলাত৷ প্ৰশিক্ষণৰ নামত তিনিৰ পৰা পাঁচ লাখ টকা ব্যয় কৰা এজন নিবনুৱাই লাটমণ্ডলৰ পদটো পোৱাৰ পাছতে আৰম্ভ কৰে ঘোচ খোৱা নীতি৷ অৱশ্যে, ইয়াৰ মাজতে দক্ষতাৰে চাকৰি পোৱা বহুতো লাটমণ্ডলে সীমিত দৰমহাত পৰিয়াল চলাই সেৱা কৰি আহিছে নাগৰিকক৷

ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলৰ মাজত দুৰ্নীতি ৰোধ কৰিবলৈ ইতিমধ্যে চৰকাৰে প্ৰতিটো ফাইলৰ নিষ্পত্তিৰ সময়সীমা নিৰ্ধাৰণ কৰিছে যদিও অব্যাহত আছে ফাইলৰ স্থবিৰতা৷ ৰাজ্য চৰকাৰৰ একাংশ কৰ্মচাৰীৰ দুৰ্নীতিৰ বাবে প্ৰধানকৈ জগৰীয়া কৰিব পাৰি কৰ্মচাৰীৰ পৰিয়ালক৷ আয় চাই ব্যয় কৰাৰ নীতিৰ পৰা আঁতৰি অহা বহুতো পৰিয়ালত গাঢ় হোৱা ধনৰ হাবিয়াসে বাধ্য কৰে এজন কৰ্মচাৰীক দুৰ্নীতিৰ বোকাত নামিবলৈ৷ পৰিয়ালৰ প্ৰতিজন সদস্যৰ ক্ৰমবৰ্ধমান অভাৱৰ বাবে ধনৰ লালসাত বক্ৰপথেৰে ধন ঘটাৰ পথত নমা এজন কৰ্মচাৰীৰ কাৰণে অসম্ভৱ হৈ পৰে ন্যায়ৰ পথলৈ উভতি অহা৷ যেতিয়ালৈকে পৰিয়াল সংশোধন নহ’ব, তেতিয়ালৈকে কৰ্মচাৰীৰ দুৰ্নীতি ৰোধ কৰিব নোৱাৰিব চৰকাৰে৷

কাৰ্যালয়ত কৰ্মৰত ব্যক্তিসকলৰ কামৰ পৰ্যালোচনা কৰা বা নিৰীক্ষণ কৰাৰ দায়িত্ব থাকে কাৰ্যালয়টোৰ মুৰব্বীজনৰ৷ প্ৰতিখন টেবুলত দ’ম হৈ থকা ফাইলবোৰৰ উত্তৰ বিচাৰিব লাগে কৰ্মচাৰীৰ পৰা৷ কাৰ্যালয়ত কোনজন কৰ্মচাৰীয়ে ঘোচ খায় তাৰ সম্পূৰ্ণ জ্ঞান থাকে মুৰব্বীজনৰ৷ সকলো দেখি-শুনিও ‘চকু মুদা কুলি’ৰ ভাৱত থকা মুৰব্বীৰ কাৰ্যালয়ত সততে দেখিবলৈ পোৱা যায় দুৰ্নীতিৰ বেহা৷ এই কাৰ্যালয়ত এজন কমচাৰীক ঘোচ লোৱা অৱস্থাত হাতে-লোটে ধৰাৰ পাছত নীৰৱতা অৱলম্বন কৰে কাৰ্যালয়টোৰ মুৰব্বী আৰু বাকী কৰ্মচাৰীসকলে৷ প্ৰকৃততে প্ৰতিটো কাৰ্যালয়ৰ মুৰব্বীকো দুৰ্নীতিৰ বাবে জবাবদিহি কৰাৰ প্ৰয়োজনীয়তা আছে৷ কোনো এটা কাৰ্যালয়ত এজন কৰ্মচাৰী দুৰ্নীতিৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ সময়ৰ পৰা বিভাগীয় অনুসন্ধান সম্পূৰ্ণ নোহোৱালৈকে কাৰ্যালয়ৰ মুৰব্বীজনৰ পদোন্নতি-বদলি বন্ধ কৰাৰ নিয়ম প্ৰয়োগ কৰিলে দুৰ্নীতিৰ বজাৰখন বন্ধ কৰাত চৰকাৰ সফল হ’ব৷ অসমীয়াত এটা কথা আছে – মাছ সদায় মূৰৰ পৰা গেলে৷