Logo
image

এছিয়াডত দেশৰ পতাকা বহন কৰিব লাভলীনাই

নতুন দিল্লী, ২০ ছেপ্টেম্বৰঃ অসমৰ ক্ৰীড়াৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ৷ ২৩ ছেপ্টেম্বৰৰ পৰা চীনৰ হেংঝ’ চহৰত আৰম্ভ হ’বলগীয়া ১৯সংখ্যক এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ পতাকা বহন কৰিব টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁয়ে৷ ভাৰতীয় অলিম্পিক সন্থাই বুধবাৰে এই সিদ্ধান্ত লয়৷ লাভলীনাৰ সৈতে ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙকো দিয়া হৈছে দেশৰ পতাকা বহন কৰাৰ দায়িত্ব৷ উল্লেখ্য, জাকাৰ্টাত অনুষ্ঠিত ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতীয় পতাকা বহন কৰিছিল জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই৷
 
টকিঅ’ অলিম্পিকত লাভলীনাই ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ আনহাতে, চলিত বৰ্ষৰ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক জয় কৰিছিল ২৫ বছৰীয়া অসমৰ বক্সাৰগৰাকীয়ে৷ এইবাৰৰ এছিয়ান গেমছত লাভলীনাৰ পৰা স্বৰ্ণপদক আশা কৰা হৈছে৷ আনহাতে,পুৰুষৰ হকীৰ সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ ড্ৰেগ ফ্লিকাৰ হৰমনপ্ৰীত সিং টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা ভাৰতীয় দলৰ সদস্য আছিল৷ এইবাৰৰ এছিয়াডত ভাৰতীয় দলটোৰ সদস্যৰ সংখ্যা হ’ব ৬৫৫, যিটো হৈছে এইপৰ্যন্ত সৰ্বাধিক৷ জাকাৰ্টা এছিয়ান গেমছত ভাগ লোৱা ভাৰতীয় দলটো আছিল ৫৭০জনীয়া৷ সেইবাৰ পদক তালিকাৰ অষ্টম স্থানত থকা ভাৰতে লাভ কৰিছিল ১৫টা স্বৰ্ণ, ২৪টা ৰূপ আৰু ৩০টা ব্ৰঞ্জৰ পদক, যিটো হৈছে এছিয়ান গেমছত ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন৷ এইবাৰ এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা জাকাৰ্টা গেমছতকৈ অধিক হ’ব বুলি আশা কৰা হৈছে৷ হেংঝ’ এছিয়ান গেমছত ভাৰতীয় দলৰ ‘চেফ ডে মিছন’ৰ দায়িত্বত থাকিব ভূপেন্দৰ সিং বাজৱা৷