Logo
image

ভোট নহয়, হিন্দুত্বৰ প্ৰচাৰত ৩ ৰাজ্যত অভিযান টীম হিমন্তৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ছেপ্টেম্বৰঃ মধ্য প্ৰদেশ, চত্তীশগড়ৰ পাছত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাজস্থানত উপস্থিত হৈছে টীম হিমন্ত বিশ্ব শৰ্মা৷ ৰাজস্থান প্ৰদেশ বিজেপিয়ে আয়োজন কৰা ‘পৰিৱৰ্তন যাত্ৰা’ শীৰ্ষক জনসভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী শৰ্মা৷ মূলতঃ হিন্দুত্বৰ প্ৰচাৰৰ লক্ষ্য লৈ উক্ত অনুষ্ঠানত ভাগ লয় মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ কয়– সমগ্ৰ দেশত গান্ধী পৰিয়ালৰ পৃষ্ঠপোষকতাত সনাতন বা হিন্দু ধৰ্মৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰ চলিছে৷ কোনো কোনোৱে ক’ব বিচাৰিছে হিন্দুত্ববাদ ডেংগু আৰু মেলেৰিয়াৰ দৰে৷ এনে ধাৰণাৰ অৱসান হ’ব লাগিব৷ আজিৰ তাৰিখত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধত ৰাজস্থানে প্ৰথম স্থান অধিকাৰ কৰাৰ বাবেহে যুঁজত আছে৷ অসমত দুটা বছৰত ৯০ হাজাৰ নিবনুৱাক নিযুক্তি দিয়া হৈছে৷ আগন্তুক ৩টা বছৰত পুনৰ একলাখ নিবনুৱাক নিযুক্তি দিব চৰকাৰে৷ চৰকাৰখনে নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে শীঘ্ৰেই এখন আঁচনি গ্ৰহণ কৰিব৷ ২ লাখ নিবনুৱা যুৱক-যুৱতী আত্ম সংস্থাপনৰ ২৩ ছেপ্টেম্বৰত মুকলি কৰা হ’ব ‘আত্মনিৰ্ভৰশীল অসম’ শীৰ্ষক উক্ত আঁচনি৷ উক্ত আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে ২ লাখকৈ টকা আগবঢ়াম৷ অসমত কোনো প্ৰশ্নকাকত ফাদিল নোহোৱাকৈ, কোনো দুৰ্নীতি নোহোৱাকৈ ৯০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়া হ’ল৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মধ্যপ্ৰদেশত আৰু মঙলবাৰে চত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰ চলায়৷ ৰাজস্থানৰ দৰেই মধ্যপ্ৰদেশ আৰু চত্তীশগড়তো নিৰ্বাচনী প্ৰচাৰৰ নামত মুখ্যমন্ত্ৰী শৰ্মাই চলায় হিন্দুত্বৰ প্ৰচাৰ৷