Logo
image

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰোধী দলপতি দেৱব্ৰতৰ গোচৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ছেপ্টেম্বৰঃ মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰৰ সময়ত যোৱা সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৃণা, বিদ্বেষ আৰু হিংসাৰ ভাষণ দিয়া বুলি অভিযোগ তুলি বুধবাৰে শিৱসাগৰৰ নাজিৰা মডেল আৰক্ষী থানাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এখন এজাহাৰ দাখিল কৰে৷ এই এজাহাৰত উল্লেখ থকা অনুসৰি– ‘মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৯ ছেপ্টেম্বৰত মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰৰ সময়ত জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথৰ হিন্দু পৰিচয়ক উপলুঙা কৰি ১০নং জনপথ জুই লগাই দিয়াৰ বাবে প্ৰৰোচিত কৰিছে, উচটনি দিছে৷ মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰিছিল যে কমল নাথ যদি হনুমানভক্ত হয় তেন্তে ৰাৱণে যেনেদৰে লংকা জ্বলাই দিছিল তেনেকৈ কমল নাথে ১০নং জনপথ জ্বলাই দিব লাগে৷ ১০জন পথ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, সাংসদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সহধৰ্মিনী ছোনিয়া গান্ধীৰ বাসগৃহ৷ এগৰাকী ৭৭ বছৰীয়া মহিলাৰ ঘৰ জ্বলাই দিবলৈ প্ৰৰোচিত কৰি, উচটনি দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিৰোধীৰ প্ৰমুখ মুখখনৰ ওপৰতে আক্ৰমণ কৰিছে৷ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ দ্বাৰা উদ্বুদ্ধ হৈ কোনো দুষ্ট লোকে ১০ জনপথৰ বাসগৃহত আক্ৰমণ কৰাৰ লগতে হিংসা বিয়পাব পাৰে৷ এনে মন্তব্যৰ বাবে ড॰ হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় দণ্ডবিধিৰ ১৫৩ ধাৰা আৰু ১১৫/৪৩৬ ধাৰা অনুসৰি শাস্তি পোৱাৰ যোগ্য৷ মুখ্যমন্ত্ৰী শৰ্মাই মধ্যপ্ৰদেশত যি ঘৃণা বিয়পোৱা মন্তব্য কৰিছে এয়া অসমতো ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমত উপলব্ধ৷ এজাহাৰৰ কপিৰ সৈতে মুখ্যমন্ত্ৰীৰ ভাষণৰ এটা লিংকো দিয়া হৈছে৷’